জাতীয়তাবাদী চৰকাৰেহে ৰক্ষা কৰিব অসমীয়াৰ স্বাভিমানঃ লুৰিণ
নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ এইবাৰ অসমত একমাত্র জাতীয়তাবাদী চৰকাৰ গঠন হ’ব৷ সাম্প্রদায়িকতা আৰু হিন্দু–মুছলমানৰ ৰাজনীতি শেষ কৰি সমাজখনক নতুন বাটেৰে আগুৱাই নিবলৈ আমি ৰাইজৰ আশীর্বাদ বিচাৰিছেছা৷শ্রীমন্ত শংকৰদেৱে দেখুৱাই যোৱা সমন্বয়ৰ আদর্শ অসমৰ মানুহৰ বাবে শক্তি হওক, সাহস হওক৷ –এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ৷
শনিবাৰে অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ৮২নং ৰহা বিধানসভা সমষ্টি সমিতিৰ সহযোগত কচুৱা তিনিআলিত অনুষ্ঠিত এখন যোগদান সভাত অংশগ্রহণ কৰি গগৈয়ে কয় যে ‘কা’ৰ বিৰুদ্ধে ভোট দিয়া নাছিল বদৰুদ্দিন আজমলে৷ বিজেপি আৰু এ আই ইউ ডি এফ দুয়োটাই সাম্প্রদায়িক দল৷ দুই সাম্প্রদায়িক দলৰ ভিতৰুৱা মিলন আছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ গোপন বুজাবুজি আছে৷ বিজেপিয়ে সমাজখনক ভাগ ভাগ কৰাৰ বাবে উঠিপৰি লাগিছে বুলি মন্তব্য কৰি গগৈয়ে কয়– ‘যেতিয়াই ৰাইজে বাট–পথ, চিকিৎসাৰ উন্নয়ন, নিবনুৱা সমস্যা বা কৃষকৰ অধিকাৰৰ কথা কয়, তেতিয়াই বিজেপিৰ নেতাসকলে মিঞা মিউজিয়াম, বদৰুদ্দিন আজমলৰ পিছপিনে আঁৰি থোৱা বেনাৰৰ কথা কয়৷ এতিয়া অসমত অসমীয়া বুলি পৰিচয় দিবলৈ ভয় হয়৷পৰিচয় দিব লাগে হিন্দু–মুছলমান বুলি৷ কিন্তু আমি যদি অসমৰ স্বাভিমান ৰক্ষা কৰিব লাগে, মূৰ দাঙি জীয়াই থাকিব লাগে, তেন্তে অসমীয়া জাতীয়তাবাদহে অসমত চলিবলৈ দিব লাগিব৷’
জাতীয়তাবাদী চৰকাৰ নহ’লে অসম সম্প্রীতি থানবান হৈ যাব বুলি মন্তব্য কৰি লুৰিণজ্যোতি গগৈয়ে কয়– বিজেপিয়ে আজমলৰ ভয় দেখুৱায়৷ অসমৰ মাটিৰ পৰা বিজেপি, কংগ্রেছ আৰু এ আই ইউ ডি এফকো উৎখাত কৰিব লাগিব৷ অসম জাতীয় পৰিষদৰ চৰকাৰ হ’লে আমি ‘কা’ বলৱৎ হোৱাত বাধা দিম৷ ‘কা’ এখন সাম্প্রদায়িক আইন৷ এই আইনৰ জৰিয়তে ধর্মীয় মেৰুকৰণ কৰি ভোটবেংক তৈয়াৰ কৰিব বিচাৰিছে বিজেপিয়ে৷ আমাৰ চৰকাৰ হ’লে নাগৰিকত্ব দিয়াৰ নামত হিন্দু–মুছলমানৰ ৰাজনীতি বন্ধ কৰিম৷ ১৯৭১ চনৰ ২৫ মার্চৰ পাছত অহা হিন্দু–মুছলমান কোনো বিদেশীৰ বোজা ল’বলৈ আমি প্রস্তুত নহয়৷ অসম গণ পৰিষদক সমালোচনা কৰি তেওঁ কয়– অসম গণ পৰিষদ নামটো সংগ্রহালয়ত থাকিব৷ তেওঁলোকৰ নেতা তিনিজনৰ লক্ষ্য কেৱল ক্ষমতা, মন্ত্রিত্ব৷ তেওঁলোকৰ কথা আলোচনা কৰিব নালাগে৷ গগৈয়ে দিল্লীৰ চকুত চকু থৈ কথা কোৱা অসমৰ স্বাভিমান, ৰাজনৈতিক–সামাজিক অধিকাৰ ৰক্ষা কৰা চৰকাৰ গঠন কৰিবলৈ ৰাইজক আহ্বান জনায়৷ উল্লেখ্য যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক ৰহাৰ পৰা পৰিষদৰ কর্মীসকলে মটৰচাইকেলৰ সমদল কৰি আদৰি আনে৷ ২৫ কিলোমিটাৰজোৰা ৰেলীত অংশ লয় শতাধিক বাইকে৷ সভাখনত অসমীয়া গহনাক ৰাষ্ট্রীয় পর্যায়লৈ নিয়া বিশিষ্ট স্বর্ণশিল্পী উৎপল বণিয়াৰ লগতে বিজেপি নেতা লক্ষণ কুমাৰ বৰদলৈ, অতুল দাসকে ধৰি অগপ, কংগ্রেছ, এ আই ইউ ডি এফ আৰু বিজেপিৰ শতাধিক কর্মীয়ে অসম জাতীয় পৰিষদত যোগদান কৰে৷ সভাত ভাষণ দি গগৈয়ে লগতে কয় যে অজাপক অসমৰ ৰাইজে আদৰি লৈছে আৰু দলটো ৰাজ্যৰ ১২৬টা সমষ্টিতে প্রার্থিত্ব দিব৷
অৱসৰপ্রাপ্ত প্রশাসনিক বিষয়া চমছেৰ সিঙে সভাপতিত্ব কৰা সভাখনত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, প্রচাৰ সম্পাদক জিয়াউৰ ৰহমান, যুটীয়া সম্পাদিকা মৈত্রী প্রিয়দর্শিনী, অভিজিৎ কমলপ্রিয়া, প্রিন্স ফাইজুল হক, দেৱজিৎ চৌধুৰী, আবিদুৰ ৰহমান, উদ্দীপ্ত নাৰায়ণ ৰাজা, কেন্দ্রীয় নেতা ৰাণা বৰদলৈ আদি উপস্থিত থাকে৷