নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুমটীয়াত ৪৩.৫৪ কোটিটকীয়া দলঙৰ আধাৰশিলা মন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ  বিধানসভা নির্বাচনৰ তৎপৰতাৰ মাজতে সোমবাৰে ধেমাজিত বিশাল চাইকেল ৰেলীৰে নির্বাচনৰ ৰণশিঙা বজালে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ধেমাজিত বিজেপিৰ সাংগঠনিক স্থিতি শক্তিশালী কৰি আজি জিলাখনত ২৫ কিলোমিটাৰ চাইকেল ৰেলীৰে মন্ত্রীগৰাকীয়ে দলীয় কার্যকর্তাক উদ্বুদ্ধ কৰাই নহয়, আগন্তুক নির্বাচনৰ আনুষ্ঠানিক প্রচাৰ অভিযানতো নামি পৰিল৷ সাংসদ প্রদান বৰুৱা আৰু স্থানীয় বিধায়ক ডাঃ ৰণোজ পেগুসহ পাঁচ সহস্রাধিক কার্যকর্তাক লগত লৈ প্রায় আঢ়ৈ ঘণ্টা সময় চাইকেল চলাই চমক দিয়ে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রীগৰাকীয়ে৷ কালি দিনৰ প্রায় ১২ বজাত ধেমাজি নগৰৰ সমীপৱর্তী ৰংচটিওৱা পথাৰৰ পৰা ৰাষ্ট্রীয় ঘাইপথেৰে যাত্রা আৰম্ভ কৰি ধেমাজি নগৰৰ মাজেৰে তেলিজানৰ পৰা পশ্চিম ধেমাজি বুটিকোৰ–নৰোৱাথান হৈ পুনৰ চমৰাজানৰ ৰাষ্ট্রীয় ঘাইপথত উঠি আঢ়ৈ বজাত কুমটীয়া নদীৰ পাৰত এই ৰেলীৰ সামৰণি মাৰে৷

কুমটীয়াত উপস্থিত হৈ মন্ত্রীজনে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ অধীনত ৪৩.৫৪ কোটি টকাৰে নির্মাণ হ’বলগীয়া ৰাষ্ট্রীয় ঘাইপথৰ কুমটীয়া নদীৰ দলঙৰ আধাৰশিলা স্থাপন কৰে৷ এই অনুষ্ঠানত ভাষণ প্রদান কৰি ড০ শর্মাই কয় যে আজি ধেমাজিবাসীৰ এক বৃহৎ আশা পূর্ণ হ’ল৷ জীয়াধল–কুমটীয়া নদীৰ মথাউৰি শীঘ্রে নির্মাণ হ’ব বুলি মন্ত্রী ড০ শর্মাই জনায়৷ মন্ত্রীগৰাকীয়ে জীয়াধলে গতিপথ সলনি কৰা বিষয়টো উল্লেখ কৰি ইয়াৰ বাবে প্রয়োজনীয় আঁচনি গ্রহণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে৷

ভাষণ প্রসংগত ধেমাজিত এখন মেডিকেল কলেজ স্থাপন কৰা হ’ব বুলি জানিবলৈ দি এইক্ষেত্রত কার্যব্যৱস্থা গ্রহণ কৰাৰ কথাও তেওঁ উল্লেখ কৰে৷ চাইকেল ৰেলীত মন্ত্রীগৰাকীক পথৰ অর্ধশতাধিক স্থানত ৰাইজে ফুল চটিয়াই, গামোচা পিন্ধাই আদৰণি জনায়৷ বিজেপি জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ আদি শ্লোগানেৰে মুখৰ কৰি তোলা দলীয় কর্মীৰ পাৰভঙা হর্ষোল্লাসৰ মাজেৰে সুদীর্ঘ পথছোৱা চাইকেল চলাই মন্ত্রী ড০ শর্মাই ধেমাজিত বিজেপিৰ জয় নিশ্চিত বুলি ঘোষণা কৰে৷

You might also like