নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ দিল্লীৰ উপকণ্ঠত কৃষকৰ আন্দোলন চলি থকাৰ সময়তে অসমৰ দুই যুৱকে সেউজ বিপ্লৱৰ সূচনা কৰিছে৷ দিল্লীৰ পৰা মাত্র ৩০ কিলোমিটাৰ দূৰৈত আছে হাৰিয়ানাৰ মাংগেৰ গাঁও৷ গাঁওখনৰ দুয়ো পাশে মালা গঁথা আৰাবলী পাহাৰ৷ এই পাহাৰৰ মাজতেই আছে সুদূৰ মৰাণৰ ৰাজীৱ গগৈৰ ‘মাংগেৰ ইণ্টগ্রেটেড ফার্ম’ আৰু টীয়কৰ ভার্গৱ ভূষণ ভূঞাৰ ‘দ্য ভূঞা ফার্ম’৷ ‘পথাৰো আমাৰ, বজাৰো আমাৰ’– এই শ্লোগানেৰে চল্লিছৰ ডেওনা পাৰ কৰা অসমৰ দুই উদ্যমী যুৱকে দিল্লীৰ উপকণ্ঠত সেউজ বিপ্লৱৰ যি সূচনা ঘটালে, সেয়া অসমৰ ভৱিষ্যৎ প্রজন্মৰ বাবে উদাহৰণ হৈ ৰ’ব৷ সদ্যহতে কেন্দ্রীয় চৰকাৰে প্রণয়ন কৰা বিতর্কিত কৃষি আইনৰ আঁত ধৰি গগৈ আৰু ভূঞাই এই উদ্যোগ গ্রহণ কৰা বুলি ক’লে সম্ভৱতঃ ভুল নহ’ব৷ দেশজুৰি লকডাউন চলি থকাৰ সময়তে মাংগেৰ গাঁৱৰ খেতিয়কৰ কেইবাবিঘা ভূমি ‘লীজ’ত লৈ দূৰদর্শী ৰাজীৱ গগৈয়ে যেতিয়া অর্গেনিক খেতিৰ লগতে পশুপালনৰ কামত নিয়োজিত হৈছিল তেতিয়া ভার্গৱ ভূষণ ভূঞায়ো অর্গেনিক খেতিৰ লগতে ৰিজ’ট তথা ইভেণ্ট মেনেজমেণ্টৰ বাবে মাংগেৰৰ গাঁওখনক বাছি ল’লে৷ মন কৰিবলগীয়া যে দুয়োজনে দিল্লীৰ প্রতিষ্ঠিত ব্যৱসায়ী৷ এই প্রতিবেদকৰ আগত ৰাজীৱ গগৈয়ে জনায় যে বিজ্ঞানসন্মত উপায়েৰে খেতি কৰাৰ মনোবাসানা তেওঁৰ বহু পূর্বেই আছিল৷ মূলতঃ অসমতেই তেওঁ অর্গেনিক খেতি কৰাৰ কথা ভাবিছিল৷ পিছে লকডাউনৰ কালছোৱাৰ ‘গৃহবন্দী জীৱন’ক একপ্রকাৰ প্রত্যাহ্বান হিচাপে লৈ তেওঁ থিৰাং কৰিলে যে দিল্লী কিম্বা ইয়াৰ উপকণ্ঠতেই কৃষিকর্মৰ পাতনি মেলিব৷ বিচাৰি পালে দিল্লীৰ উপকণ্ঠত থকা হৰিয়ানাৰ মাংগেৰ গাঁৱক৷ মাংগেৰত মূলতঃ ধান আৰু ঘেঁহুৰ খেতি হয়৷ পানী সহজে উপলব্ধ নহয় গাঁওখনত৷ ২৫০ ফুটমান খান্দিলেহে ভূগর্ভত পানীৰ সন্ধান পোৱা যায়৷ স্বাভাৱিকভাৱেই স্থানীয় বাসিন্দাসকলে বিশ্বাসে কৰিব পৰা নাছিল যে তাত ব্রকুলি, লেটুচ কিম্বা ৰঙা বন্ধাকবিৰ নিচিনা ‘ব্যতক্রমী’ খেতি হ’ব পাৰে৷ মাত্র তিনি মাহৰ ভিতৰতে ৰাজীৱ গগৈয়ে অর্গেনিক খেতিৰ কাম ইতিমধ্যে সম্পন্ন কৰিছে৷ লগতে আছে হাঁহ, মুর্গীপালন৷ হাঁহৰ কণীৰ চাহিদা ভাবিব নোৱাৰা৷ দেশীয় মুর্গীৰ লগতে আছে চত্তিশগড–মধ্যপ্রদেশ ব্রীডৰ কৰকনাথ মুর্গীও৷ তিনি মাহৰ ভিতৰতেই সফল খেতিয়ক তথা পশুপালক হৈ উঠিছে গগৈ৷ স্থানীয় বাসিন্দাসকলৰ সহায়–সহযোগিতাৰ বাবে তেওঁ কৃতজ্ঞতা স্বীকাৰ কৰিছে৷ সকলোৱেই বিচাৰে মাংগেৰত এনে ধৰণৰ বহুমুখী প্রকল্পৰ কাম হৈ থাকক৷ স্থানীয় নিবনুৱাসকলৰ কর্মসংস্থাপন বিচাৰে গাঁওবাসীয়ে৷ গগৈয়ে তেওঁৰ ফার্ম হাউছৰ সন্মুখৰ ভাগত মুকলি পাকঘৰৰো ব্যৱস্থা ৰাখিছে৷ কোনোবাই তাত গৈ এসাঁজ খাব বিচাৰিলে নিজৰ খেতিৰ পৰাই শাক–পাচলি সংগ্রহ কৰি খাব পৰা ব্যৱস্থা আছে৷ লগতে আছে দেশী মুর্গী কিম্বা কডকনাথো৷ হাহৰ কণীতো আছেই৷ আনকি বনভোজ কৰাৰো ব্যৱস্থা আছে মাংগেৰ ইণ্টিগ্রেটেড ফার্মত৷ গগৈয়ে জনালে লীজত মাটি লৈ সমগ্র প্রকল্পটো সাজু কৰিবলৈ তেওঁৰ ২০ লাখমান টকা খৰচ হৈছে৷ মাত্র ২০ লাখ টকা ব্যয়েৰে তেওঁৰ ফার্মৰ পৰা কেইবাটাও পৰিয়ালৰ ভৰণ–পোষণ দিয়াটো সম্ভৱপৰ হৈছে৷ আনহাতে, ‘দ্য ভূঞা ফার্ম’ৰ গৰাকী ভার্গৱ ভূষণ ভূঞাৰ চিন্তা তথা কাম–কাজ কিছু সুকীয়া৷ পিছে এইক্ষেত্রত ৰাজীৱ গগৈয়ে হৈছে ভূঞাৰ পথ প্রদর্শক৷ ভার্গৱেই জনালে যে অক্টোবৰৰ শেষ সপ্তাহৰ পৰা তেওঁ ফার্মৰ কাম–কাজ আৰম্ভ কৰিছিল৷ গগৈৰ দৰে অর্গেনিক খেতিতো আছেই৷ পিছে খেতিকামৰ উপৰি পূর্বৰে পৰা ইভেণ্ট মেনেজমেণ্ট তথা পর্যটন উদ্যোগৰ সৈতে জডিত ভূঞাই মাংগেৰত এই দিশটোও সংযোজন কৰিলে৷
উল্লেখ্য যে ভূঞা ইণ্ডিয়া কর্প’ৰেট কাউঞ্চিল এছ’চিয়েচন (আইচিচিএ) নামৰ এটা সংস্থাও পৰিচালনা কৰে৷ মূলতঃ কর্প’ৰেট আইনজীৱীসকলৰ অনুষ্ঠান আদি পৰিচালনা কৰা হয় আইচিচিএৰ যোগেদি৷ ভূঞাৰ বক্তব্য– এতিয়াৰে পৰা তেওঁৰ প্রতিষ্ঠানটোৰ যিকোনো ধৰণ অনুষ্ঠান ভূঞা ফার্মতেই সম্পন্ন কৰা হ’ব৷ এই মুহূর্তত বাঁহেৰে নির্মিত এটা সুন্দৰ ঘৰৰ লগতে কংক্রিটৰ আন দুটা ঘৰো নির্মাণ কৰিছে তেওঁ৷ আছে পাকঘৰ, শৌচালয় আদিৰ সুব্যৱস্থাও৷ প্রায় ৩৫ লাখ টকা ব্যয় কৰি তিনি মাহৰ কম সময়ৰ ভিতৰত ভূঞাই ইতিমধ্যে এই ফার্মখন কার্যক্ষম কৰি তুলিছে৷ উল্লেখ্য যে দেওবাৰে ভূঞাৰ ফার্মতেই দিল্লীবাসী অসমীয়াই পালন কৰিলে ভোগালী বিহু৷ দিল্লীবাসী অসমীয়া সমাজৰ অনুষ্ঠান ‘সমন্বয়’ৰ উদ্যোগত দেওবাৰে অর্থাৎ ১৭ জানুৱাৰীৰ দিনটোত ভোগালী বিহুৰ লগতে উদ্যাপন কৰিলে শিল্পী দিৱসো৷ ‘সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া’ গীতেৰে মুখৰ হৈ পৰে আৰাবলী পাহাৰমালা৷ লক্ষণীয়ভাৱে যি মুহূর্তত কেন্দ্রৰ বিতর্কিত কৃষি আইনক কেন্দ্র কৰি আন্দোলনৰত কৃষকসকলে দিল্লীক অৱৰুদ্ধ কৰি ৰাখিছে, সেই মুহূর্তত মুকলিকৈ কৃষি আইনৰ সমর্থনত নিজৰ মত ব্যক্ত কৰিলে মাংগেৰ ইণ্টিগ্রেটেড ফার্মৰ গৰাকী সুদূৰ মৰাণৰ ৰাজীৱ গগৈয়ে৷
আনহাতে, দ্য ভূঞা ফার্মৰ ভার্গৱ ভূষণ আইনখনক লৈ কিছু সন্দিহান যদিও চৰকাৰ আৰু কৃষক দুয়ো পক্ষৰ মাজত ভুল বুজাবুজিৰ পৰিস্থিতি সৃষ্টি হোৱা বুলি মন্তব্য আগবঢ়াইছে৷ এই সন্দর্ভত ৰাজীৱ গগৈৰ প্রশ্ণ– কৃষিখণ্ডত কর্প’ৰেট খণ্ডৰ যোগদানক লৈ আপত্তিৰ কি থাকিব পাৰে? মিনিমাম ছাপ’ট প্রাইচ অর্থাৎ নূ্যনতম সমর্থন মূল্যৰ ঘোৰ বিৰোধী গগৈৰ বক্তব্য– এজন ইঞ্জিনীয়াৰে যদি ইঞ্জিনীয়াৰিং পাছ কৰি চাকৰিৰ কোনো গেৰেণ্টী পাব নোৱাৰে তেনেহ’লে এজন কৃষকে নিজৰ শস্যৰ নূ্যনতম মূল্যৰ দাবী কেনেকৈ কৰিব পাৰে? ক্রেতাই যদি বিক্রেতাই বিচৰা মতে মূল্য দিব নোৱাৰে তেনেহ’লে সেইজন বিক্রেতাই বেলেগ ক্রেতা বিচাৰিব পাৰে৷ নূ্যনতম মূল্য বিচাৰি আইনৰ কি প্রয়োজন আছে বুলি গগৈয়ে প্রশ্ণ উত্থাপন কৰে৷ তেওঁ স্পষ্টকৈ কেন্দ্রই প্রণয়ন কৰা কৃষি আইনক সমর্থন আগবঢ়াই কৃষি আন্দোলনক লৈ প্রশ্ণ উত্থাপন কৰে৷ আনহাতে, কৃষি আইনক লৈ ভূঞা ফার্মৰ গৰাকী ভার্গৱ ভূষণৰ বক্তব্য– প্রথমতে কৃষি আইনখন বুজিব লাগিব আৰু তাৰ পাছত এই আইনখনক লৈ তর্ক–বিতর্ক কৰা উচিত৷ প্রথম কথাটো হ’ল– কৃষকে এই আইনখন বিচৰা নাই৷ কৃষি আইনৰ জৰিয়তে কৃষকে উপকৃত হোৱা–নোহোৱাটো পাছৰ কথা৷ কিন্তু চৰকাৰে কৃষকসকলক পতিয়ন নিনিয়াকৈ ইমান খৰধৰকৈ কৃষি আইনখন কিয় প্রণয়ন কৰিলে তাক লৈ ভূঞাই প্রশ্ণ উত্থাপন কৰে৷ আমি নিজেই ইয়াত স্থানীয় কৃষকসকলৰ মাটি লীজত লৈছোঁ৷ কিনা নাই৷ অর্থাৎ এই মাটিৰ মালিক এতিয়াও সেই কৃষকসকলহে৷ এটা নির্দিষ্ট সময় পাছত কৃষকে যদি নিবিচাৰে এই মাটি আকৌ আমাক নিদিয়ে তেনেহ’লে তেওঁ এই মাটিৰ অধিকাৰ পুনৰ ভোগ কৰিব পাৰে৷ কেন্দ্রৰ কৃষি আইনত এই বিষয়টোৱে সন্নিৱিষ্ট হৈ আছে৷ কিন্তু চৰকাৰে কৃষকক এই কথা বুজাবই পৰা নাই৷ পিছে কৃষকে নিবিচৰা আইন কৃষকৰ স্বার্থত বুলি চৰকাৰে জাপি দিব নোৱাৰে বুলিও ভার্গৱ ভূষণে এই প্রতিবেদকৰ আগত স্পষ্ট কৰি দিয়ে৷ সেয়া যি নহওক সকলো বিতর্কৰ ঊর্ধ্বত ৰাজীৱ গগৈ আৰু ভার্গৱ ভূষণ ভূঞাৰ এতিয়া কৃষি সফলতাই একমাত্র লক্ষ্য৷ ‘পথাৰো আমাৰ, বজাৰো আমাৰ’– ৰাজধানী দিল্লীত দুই অসমীয়া যুৱকৰ দৃঢ় সংকল্প৷