নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ প্লাছ লক্ষ্য লৈ সাজু বিজেপি

১৩জনীয়া নির্বাচনী ইস্তাহাৰ কমিটী গঠন

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচনত ১০০+ আসনৰ লক্ষ্যৰ বাবে সম্পূর্ণ সাজু হৈছে ৰাজ্যিক বিজেপি৷ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্রস্তুতি আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে৷ ৰাজ্যজুৰি প্রচাৰ অভিযান আৰম্ভ কৰা ৰাজ্যিক বিজেপিয়ে নির্বাচনী ইস্তাহাৰৰ কামো সমানে আগবঢ়াই নিছে৷ আজি এই কথা সদৰী কৰি ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত প্রাক্তন সাংসদ নাৰায়ণ চন্দ্র বৰকটকীয়ে এখন সংবাদ মেলত কয় যে নির্বাচনী ইস্তাহাৰ প্রস্তুত কৰাৰ বাবে ১৩জনীয়া এখন কমিটী গঠন কৰা হৈছে৷ জনসাধাৰণৰ সর্বাংগীণ উন্নয়নৰ স্বার্থৰ হকে বিজেপিয়ে এইবাৰ পোনপ্রথমবাৰৰ বাবে সমাজৰ সকলো শ্রেণীৰ লোকৰ দিহা–পৰামর্শ গ্রহণ কৰি দলীয় নির্বাচনী ইস্তাহাৰ প্রকাশ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ তেওঁ কয়– এই প্রচেষ্টাত যাতে সমাজৰ সকলো শ্রেণীৰ জনসাধাৰণক একেলগে লৈ আগবাঢ়ি যাব পাৰি, তাৰ বাবে দলীয় কার্যকর্তাসকলে ৰাজ্যৰ চুকে–কোণে গৈ ৰাইজৰ পৰামর্শ গ্রহণ কৰিব৷

mission100plus.in এই ৱেবছাইটত ৰাইজে নিজৰ দিহা–পৰামর্শ আগবঢ়োৱাৰ লগতে সকলো ধৰণৰ তথ্য লাভ কৰিব৷ আনহাতে, ৭৩৮৩২ নম্বৰত দিয়া মিছকলৰ যোগেদিও দিহা–পৰামর্শ দিব পাৰিব৷ সংবাদ মেলত বক্তব্য আগবঢ়াই প্রাক্তন সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেত্রী বিজায় চক্রৱর্তীয়ে কয় যে বিজেপি হৈছে ৰাইজৰ প্রতি সমর্পণৰ মনোভাবেৰে কাম কৰি অহা এটা দল আৰু সেয়েহে ৰাইজৰ স্বার্থ আগত ৰাখি এইবাৰ ব্যতিক্রমী পদক্ষেপেৰে নির্বাচনী ইস্তাহাৰ প্রস্তুত কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰিছে৷ তেওঁ এইক্ষেত্রত সকলোৰে সহায়–সহযোগিতা পাব বুলি আশা প্রকাশ কৰে৷ প্রাক্তন সাংসদ তথা কেন্দ্রীয় চৰকাৰৰ প্রাক্তন ৰাজ্যমন্ত্রী ৰাজেন গোহাঁয়ে কয় যে ৰাজনৈতিক ইতিহাসত বিজেপিয়ে পোনপ্রথমবাৰৰ বাবে এনে ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰিছে৷ কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া ৰাজ্যিক বিজেপিৰ এই কার্যসূচী অহা ৩১ জানুৱাৰীত সম্পূর্ণ হৈ উঠিব বুলি তেওঁ প্রকাশ কৰে৷ সমগ্র দেশতে ৰূপায়ণ কৰিবলগীয়া এই দৃষ্টান্তমূলক পদক্ষেপ ইতিমধ্যে পশ্চিমবংগত কার্য ৰূপায়ণ কৰা হৈছে৷ বিজেপি সদায় গণতান্ত্রিক ভাবধাৰাৰে পৰিচালিত এটা ৰাজনৈতিক দল বুলি উল্লেখ কৰি প্রাক্তন সাংসদ, ৰাষ্ট্রীয় সম্পাদক তথা বিজেপিৰ প্রাক্তন ৰাজ্যিক সভাপতি ৰমেন ডেকাই কয় যে পৰম্পৰাগত গণ্ডীৰ বাহিৰলৈ গৈ বিজেপিয়ে যি পদক্ষেপ গ্রহণ কৰিছে, তাৰ দ্বাৰা উন্নয়নৰ নতুন দিশৰ উন্মোচন হ’ব৷ এই নির্বাচনী ইস্তাহাৰক ঐতিহাসিক দলিল বুলি অভিহিত কৰি ডেকাই কয়– ‘এই নির্বাচনী ইস্তাহাৰে বিকাশৰ নতুন পথ প্রশস্ত কৰিব৷’ আজিৰ সংবাদ মেলত ৰাজ্যিক বিজেপিৰ উপ–সভাপতিদ্বয় জয়ন্ত কুমাৰ দাস, স্বপ্ণনীল বৰুৱাৰ লগতে ৰাজ্যিক বিষয়ববীয়া আৰু দলীয় কার্যকর্তাসকলো উপস্থিত আছিল৷

You might also like