মিত্রতাৰ ৰাজনীতি
ৰাজ্যৰ বিধানসভা নির্বাচনলৈ আৰু মাথোঁ দুমাহ আছে৷ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ নির্বাচনী বতাহৰ উত্তাপ বাঢ়িব ধৰিছে৷ দিছপুৰৰ ক্ষমতা পুনৰ সুৰক্ষিত কৰিবলৈ শাসকীয় বিজেপি আৰু অসম গণ পৰিষদ (অগপ) দলে আগতীয়াকৈ প্রচাৰ অভিযান আৰম্ভ কৰিছে৷ আগন্তুক বিধানসভা নির্বাচনত ১২৬খন আসনৰ ভিতৰত ১০০খনৰো অধিক আসনত জয়লাভ কৰাৰ অংকৰে বিজেপিয়ে নির্বাচনী অভিযানত নামিছে৷ শনিবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শিৱসাগৰত এখন ৰাজহুৱা সভাত অংশ লোৱাৰ পিছত দেওবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কোকৰাঝাৰ আৰু নলবাৰীত দুখন সভাত অংশ লৈছে৷ প্রধানমন্ত্রী আৰু কেন্দ্রীয় গৃহমন্ত্রীৰ প্রচাৰ অভিযানৰ লগে লগে বিজেপিৰ নেতা–কর্মীৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে৷ শাসকীয় অসম গণ পৰিষদ দলেও নির্বাচিত সমষ্টিসমূহত নির্বাচনী প্রচাৰ ইতিমধ্যে আৰম্ভ কৰিছে৷ নেতৃত্বকেন্দ্রিক অন্তর্কন্দল আৰু নাগৰিকত্ব সংশোধনী আইনক লৈ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’লেও অগপ দলৰ প্রচাৰ সভাসমূহতো ৰাইজৰ উপস্থিতি বৃদ্ধি হৈছে৷ আগন্তুক নির্বাচনত বিজেপি আৰু অগপৰ মিত্রতা নিশ্চিত যদিও শাসকীয় বিপিএফে এইবাৰ নতুন ৰাজনৈতিক সংগীৰ সন্ধান কৰিব লাগিব৷ বিটিআৰ নির্বাচনত এলাগী হোৱা বিপিএফক আগন্তুক বিধানসভা নির্বাচনতো বিজেপিয়ে সংগ নিদিয়াৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ বিপৰীতে প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ সৈতে বিজেপিয়ে আগন্তুক বিধানসভা নির্বাচনত মিত্রতা কৰাৰ সম্ভাৱনা আছে৷ বিটিচি নির্বাচনৰ সময়তে এই সন্দর্ভত ড০ হিমন্ত বিশ্ব শর্মাৰ বক্তব্যক দেওবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আনুষ্ঠানিকতা প্রদান কৰিছে৷ আগন্তুক বিধানসভা নির্বাচনত ১০+ আসন লাভ কৰাৰ লক্ষ্যৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে ইতিমধ্যে উন্নয়নমূলক আৰু হিতাধিকাৰীকেন্দ্রিক আঁচনিসমূহ ৰূপায়ণত বিশেষ গুৰুত্ব দিছে৷ সন্মুখত থকা দুমাহ নিশ্চিতভাৱে শাসকীয় পক্ষৰ বাবে অধিক গুৰুত্বপূর্ণ হ’ব৷ এই সময়ছোৱাত উন্নয়নমূলক আঁচনিসমূহৰ সঠিক ৰূপায়ণ আৰু হিতাধিকাৰীসকল উপকৃত হ’লে নিশ্চিতভাৱে শাসকীয় পক্ষ লাভৱান হ’ব৷ দলীয় প্রার্থী বাছনিত বেমেজালিৰ সৃষ্টি নহ’লে শাসকীয় দলে ঈপ্সিত লক্ষ্য লাভ কৰিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা আছে৷
শাসকীয় বিজেপি আৰু অগপৰ লেখিয়া ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছৰ নির্বাচনী তৎপৰতা পৰিলক্ষিত হোৱা নাই৷ ৫খন আসনৰ পৰা যোৱা বিধানসভা নির্বাচনত ৬০খন আসন লাভ কৰা বিজেপিক ক্ষমতাচ্যুত কৰাটো যে সহজ নহয়, সেয়া কংগ্রেছৰ ৰথী–মহাৰথীসকলেও ভালদৰে বুজিছে৷ সেয়ে বিজেপিক প্রতিহত কৰাৰ বাবে মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে নির্বাচনী মিত্রতা কৰিছে কংগ্রেছে৷ ইয়াকে লৈ প্রধান বিৰোধী দলটোৰ একাংশ নেতা–কর্মী ক্ষুণ্ণ হৈছে৷ নির্বাচনৰ পূর্বে এনে সিদ্ধান্তত ক্ষণ্ণ হৈ দলটোৰ জ্যেষ্ঠ নেতা তথা বিধায়ক অজন্তা নেওগ, ৰাজদীপ গোৱেলকে ধৰি কেইবাজনো শীর্ষ নেতাই দলত্যাগ কৰিছে৷ এআইইউডিএফৰ সৈতে নির্বাচনী মিত্রতাৰ জৰিয়তে আগন্তুক বিধানসভা নির্বাচনত ধর্মীয় মেৰুকৰণৰ ৰাজনীতিৰে মুনাফাৰ অংক কৰিলেও এটাৰ পিছত এটা বিপদে খেদি ফুৰিছে কংগ্রেছক৷ কংগ্রেছ হাইকমাণ্ডতো এতিয়া নেতৃত্বৰ গভীৰ সংকট ঘনীভূত হৈছে৷ একেদৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধেও দলটোৰে কেইবাটাও শিবিৰে দেখ দেখকৈ অভিযানত নামিছে৷ শেহতীয়াকৈ বিহাৰ বিধানসভা নির্বাচনত সন্মুখীন হোৱা বিপর্যয়ৰ ধুমুহায়ো অসমক স্পর্শ কৰিছে৷ এনে অৱস্থাত বিজেপিক প্রতিহত কৰি কংগ্রেছে দিছপুৰত এখন বিকল্প চৰকাৰ গঠন কৰাৰ বাবে ৰাইজক পতিয়ন নিয়াব পৰা নাই৷ নির্বাচনৰ পূর্বে আছুৰ নেতৃত্বত গঠন হোৱা অসম জাতীয় পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বত গঠন হোৱা ৰাইজৰ দলেও কংগ্রেছৰ সৈতে কোনো কাৰণতে মিত্রতা কৰিবলৈ বিচৰা নাই৷ বিধানসভাত বিধায়ক জিকোৱাৰ জোখাৰে নৱগঠিত দল দুটাই ভোটদাতাৰ কিমান সমর্থন লাভ কৰিব তাক লৈ সন্দেহ থাকিলেও দুয়োটা দলে ভোট বিভাজনৰ জৰিয়তে বিজেপি আৰু কংগ্রেছৰ বহু প্রার্থীৰ জয়–পৰাজয় নিৰূপণ কৰাটো নিশ্চিত৷ কংগ্রেছে মহাজোঁট গঠনৰ পদক্ষেপ লৈছিল যদিও এআইইউডিএফৰ বাহিৰে কোনো দলে এতিয়ালৈ সমর্থন দিয়া নাই৷ ৰাজ্যখনৰ চিপিএম আৰু চিপিআইৰ সৈতে আনুষ্ঠানিক মিত্রতা এতিয়াও হৈ উঠা নাই৷ বাঁওপন্থী দলৰ সৈতে মিত্রতা হ’লেও কংগ্রেছ কিমান লাভৱান হ’ব সেয়া সন্দেহজনক৷ কিয়নো বাঁওপন্থী দলৰ সাংগঠনিক ভেটি বিগত দুটা দশকত লক্ষণীয়ভাৱে খহিছে৷ বিগত এটা দশকত বিধানসভাত বাঁওপন্থী দলৰ এজনো সদস্যই জিকাৰ জোখাৰে শক্তি আহৰণ কৰিব পৰা নাই৷ এনে অৱস্থাত কংগ্রেছৰ তথাকথিত মহাজোঁট কোনদিশে অগ্রসৰ হ’ব সেয়া আগন্তুক দিনত লক্ষণীয় হ’ব৷