নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যিকোনো মূল্যত সুৰক্ষিত কৰা হ’ব ৰাষ্ট্রৰ স্বার্থ

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ দেশৰ ৭২সংখ্যক গণৰাজ্য দিৱসৰ প্রাক্সন্ধিয়া দেশবাসীক সম্বোধন কৰে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে৷ বৈচিত্র্যৰ মাজত ঐক্য সমাহাৰেৰে বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশৰ সংবিধানৰ বৈশিষ্ট্যৰ বিষয়ে দেশবাসীক অৱগত কৰি ৰাষ্ট্রপতি কোৱিন্দে সমগ্র দেশৰ নাগৰিকক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে৷ আজি ৰাজধানী দিল্লীত ত্রিৰংগ পতাকা উত্তোলনৰ পূর্বে আজি সন্ধিয়া দেশবাসীক সম্বোধন কৰি ৰাষ্ট্রপতি কোৱিন্দে স্বাস্থ্যৰ পৰা শিক্ষা, কৃষিৰ পৰা প্রতিৰক্ষাকে ধৰি বিভিন্ন বিষয়ত দেশৰ আত্মনির্ভৰশীলতা আৰু সক্ষমতাৰ বিষয়ে মন্তব্য কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আত্মনির্ভৰ ভাৰতৰ পৰা দেশৰ বিভিন্ন ক্ষেত্রত দেশৰ নাগৰিকৰ অৱদানৰ বিষয়ে অৱগত কৰে ৰাষ্ট্রপতি কোৱিন্দে৷ স্বাধীনতা সংগ্রামৰ মহান নায়ক মহাত্মা গান্ধী, বাল গংগাধৰ তিলক, লালা ৰাজপট ৰায়, সুভাষ চন্দ্র বসুৰ আদর্শৰ বিষয়ে উল্লেখ কৰি ৰাষ্ট্রপতিগৰাকীয়ে কৃষকৰ লগতে দেশৰ প্রতিৰক্ষা বাহিনীকো চেল্যুট জনায়৷ লাডাখৰ গালৱান উপত্যকাত শ্বহীদ ২০ জোৱানক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি দেশৰ প্রতিৰক্ষা বাহিনীয়ে যিকোনো প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম বুলি কয় ৰাষ্ট্রপতিগৰাকীয়ে৷ তদুপৰি যিকোনো মূল্যৰ বিনিময়ত ৰাষ্ট্রীয় স্বার্থ সুৰক্ষিত কৰি ৰাখিব বুলিও কয় ৰাষ্ট্রপতিগৰাকীয়ে৷ ঘাতক ক’ভিড–১৯ মাহামাৰী আৰু প্রতিকূল বতৰৰ লগতে বিভিন্ন প্রত্যাহ্বানক নেওচি কৃষকসকলে খাদ্যশস্য আৰু দুগ্ধ সামগ্রীৰ ক্ষেত্রত আত্মনির্ভৰ কৰি তোলা বুলি প্রশংসা কৰাই নহয়, ৰাষ্ট্রপতিগৰাকীয়ে দেশৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে কৃষকসকলক চেল্যুট জনায়৷ দেশৰ কৃষকৰ কল্যাণৰ হকে চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলিও কয় ৰাষ্ট্রপতিগৰাকীয়ে৷

খাদ্য সুৰক্ষা, ৰাষ্ট্রীয় সুৰক্ষা, বেমাৰৰ বিৰুদ্ধে সুৰক্ষা আৰু দুর্যোগ প্রতিহত কৰাৰ লগতে বিকাশৰ বিভিন্ন ক্ষেত্রত বিজ্ঞানীসকলৰ অৱদানক প্রশংসা কৰি ৰাষ্ট্রপতিগৰাকীয়ে কয় যে মহাকাশৰ পৰা কৃষি, শৈক্ষিক প্রতিষ্ঠানৰ পৰা হাস্পতালৰ উন্নয়নৰ ক্ষেত্রত বিজ্ঞানীসকলে অহোপুৰুষার্থ কৰি দেশবাসীৰ জীৱন শ্রীবৃদ্ধি কৰিছে৷ ক’ৰোনা যুদ্ধৰ সময়ত দেশব্যাপী চিকিৎসা কর্মী আৰু বিভিন্ন জৰুৰীকালীন সেৱাৰ কর্মীয়ে নিজৰ জীৱনক তুচ্ছ কৰি যি সেৱা আগবঢ়াইছে, তাৰ বাবে ক’ৰোনা যোদ্ধাসকলক ভূয়সী প্রশংসা কৰে ৰাষ্ট্রপতিগৰাকীয়ে৷ ৰাষ্ট্রীয় শিক্ষা নীতি–২০২০ৰ জৰিয়তে চাপৰ পৰিৱর্তে প্রযুক্তিক প্রাধান্য দি নতুন ভাৰত গঢ়াৰ যি ভেটি গঢ়িবলৈ চৰকাৰ আগবাঢ়ি গৈছে, সেয়াও প্রশংসনীয় বুলি কয় ৰাষ্ট্রপতিগৰাকীয়ে৷ বিশ্বৰ বিভিন্ন দেশলৈ স্বাস্থ্য সেৱাৰ সামগ্রী, ঔষধ যোগান ধৰা ভাৰতক বিশ্বৰ ফার্মাচী বুলি অভিহিত কৰাৰ প্রসংগ উল্লেখ কৰি ৰাষ্ট্রপতিগৰাকীয়ে দেশৰ বিজ্ঞানীয়ে ক’ভিড–১৯ৰ অন্তিম যুঁজ ক’ভিড ভেকচিন প্রস্তুত কৰি যি কৃতিত্ব দেখুৱালে, তাৰ বাবে দেশবাসী গৌৰৱান্বিত হৈ থাকিব বুলিও কয়৷ ২০২০ বর্ষটো শিক্ষণৰ বর্ষ হিচাপে আখ্যা দি ৰাষ্ট্রপতিগৰাকীয়ে কয় যে এই বর্ষটোত মানৱ জাতিয়ে অনেক শিক্ষা লাভ কৰিলে৷ মাতৃ প্রকৃতিয়ে নিজৰ বৈশিষ্ট্যক পুনৰ উজ্জীৱিত কৰি আশ্চর্য দেখুৱালে৷ তদুপৰি ৭১ বছৰ পূর্বে আজিৰ দিনটোতে দেশৰ জনতাৰ বাবে ভাৰতীয় সংবিধান গৃহীত কৰাৰ বিষয়ে সদৰী কৰি ৰাষ্ট্রপতিগৰাকীয়ে কয় যে সংবিধানে ভাৰতীয় জনগণক ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ প্রমূল্যবোধেৰে জীয়াই থাকিবলৈ শিকাইছে৷ আজিৰ এই সন্ধিক্ষণত বালা চাহেব ড০ ভীমৰাও আম্বেদকাৰে ১৯৪৮ চনৰ ৪ নৱেম্বৰত সংবিধান সভাত প্রদান কৰা বত্তৃণতাত উল্লেখ কৰা ‘সাংবিধানিক নৈতিকতা’ক মানি সেই পথেৰে আমি আগবাঢ়ি যাব লাগিব৷ কিয়নো সংবিধানৰ প্রমূল্যবোধক সমৃদ্ধিশালী কৰি তুলিব সাংবিধানিক নৈতিকতাৰ ধাৰণাহে৷ আনপিনে আত্মনির্ভৰ ভাৰত অভিযানে ২০২০ চনৰ ভিতৰত ভাৰতক নতুন ৰূপত সজাই তুলিব বুলি কয় ৰাষ্ট্রপতিগৰাকীয়ে৷ উল্লেখ্য যে ২০২২ চনত দেশত উদ্যাপন কৰা হ’ব ৭৫সংখ্যক স্বাধীনতা দিৱস৷

You might also like