নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমল, ৬৫ঃ৩৫

অসম বিধানসভাৰ নির্বাচন প্রায় দুৱাৰডলিত৷ সময়সূচীহে ঘোষণা হোৱা নাই৷ স্বাভাৱিকতে এই সময়ছোৱাত ৰাজনৈতিক দল আৰু নেতাৰ ভাষণ হ’ব নির্বাচনকেন্দ্রিক৷ জনসাধাৰণক কিদৰে নিজৰ পক্ষলৈ আনিব পাৰি নতুবা আকর্ষিত কৰিব পাৰি, সেইটোৱেই হ’ব তেওঁলোকৰ ভাষণৰ প্রধান আৰু একমাত্র লক্ষ্য৷ প্রসংগটো এটা বিশেষ কাৰণত ডত্থাপন কৰা হ’ল৷ যোৱা ২০ জানুৱাৰীত ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ দুমৰদহত এ আই ইড ডি এফৰ এখন কর্মীসভা অনুষ্ঠিত হৈছিল৷ ঠাইখন পশ্চিমবংগ আৰু বাংলাদেশ সীমান্তৰ পৰা বৰ বেছি দূৰৈত নহয়৷ তাত কেইবছৰমান পূর্বে শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনো অনুষ্ঠিত হৈছিল৷ অর্থাৎ বাংলাদেশ সীমান্তৱর্তী হ’লেও অখ্যাত, ক্ষুদ্র ঠাইখনৰ এটা প্রাচুর্যময় ইতিহাস আছে৷ সম্প্রীতি–সহাৱস্থান শক্তিশালী ভেটি আছে৷ অঞ্চলটো মূলতঃ ধর্মীয় সংখ্যালঘু অর্থাৎ ইছলাম ধর্মাৱলম্বী লোকৰ বসতিস্থল৷ আশে–পাশে শ্রীমন্ত শংকৰদেৱৰ অনুগামী নাইবা বৈষৱ ধর্মীয় লোকো যথেষ্ট আছে৷ গুৰুজনাই জীৱনৰ অন্তিম সময়ছোৱাত কৰা বহু কামৰ সৈতে সেই ভূ–খণ্ডৰ সম্পর্ক আছে৷ অৱশ্যে সিদিনাৰ কর্মীসভাখনত এটা বিশেষ ধর্মীয় সমাজৰ লোকহে ডপস্থিত আছিল৷ তেওঁলোকক ডদ্দেশ্যি দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলে দিয়া ভাষণত মূলতঃ ৰাজ্যখনৰ শাসক বিজেপিক আক্রমণৰ লক্ষ্য হিচাপে লৈছিল৷ গণতান্ত্রিক ৰাষ্ট্র এখনত এয়া স্বাভাৱিক কথা৷ বিৰোধীয়ে শাসকক সমালোচনা কৰিবই৷ নহ’লে নিজৰ ৰাজনৈতিক চাডলখিনি সিজিব কেনেকৈ? তদুপৰি জনসাধাৰণৰ স্বার্থৰ কথাও আছে৷ বিৰোধীয়ে শাসকৰ ভুল দেখুৱাই দিবই লাগিব৷ কিন্তু মৌলানা বদৰুদ্দিন আজমলৰ ভাষণটোত গণতান্ত্রিক বিধি–ব্যৱস্থাৰ প্রতি সামান্যতমো আস্থা অথবা শ্রদ্ধা প্রকাশ পোৱা নাছিল৷ সেয়া আছিল অসমত সাম্প্রদায়িকতাৰ বীজ ৰোপণ কৰাৰ এটা ভয়াৱহ চক্রান্ত৷ ভাষণত তেওঁ বিশেষ ধর্মীয় সমাজখনক ডত্তেজিত কৰাৰ পৰিকল্পনাৰে ধর্মীয় বিশ্বাসৰ পৰা সামাজিক সুৰক্ষাক লৈ যিমান পাৰি ভয় খুৱাইছিল৷ কেন্দ্র আৰু ৰাজ্যত শাসনাধিষ্ঠিত দলটো পুনৰ শাসনলৈ আহিলে মছজিদত আজান দিব নোৱাৰিব বুলি ভয় খুৱাইছিল৷ বোর্খা পিন্ধি , দাডি ৰাখি বাহিৰলৈ ওলাব নোৱাৰিব বুলি আতংকিত কৰাৰ অপচেষ্টা চলাইছিল৷ তদুপৰি অঞ্চলটোত থকা মছজিদসমূহ ভাঙি পেলাব, দেশৰ ৩,৫০০টা মছজিদ ধ্বংস কৰিব ধৰণৰ কথাও ভাষণত ডল্লেখ কৰা হৈছিল৷ এজন নির্বাচিত জনপ্রতিনিধি তথা ধর্মীয় নেতাৰ মুখত এনেধৰণৰ কথা শুনিলে নিজৰ ভৱিষ্যতক লৈ সাধাৰণ লোক শংকিত হ’বই৷ মৌলানা বদৰুদ্দিন আজমলে সভাখনত ইচ্ছা কৰিলে আন বহু কথাই ক’ব পাৰিলেহেঁতেন৷ সেইবোৰ ঠাই ইমানেই পাছপৰা যে চৰকাৰৰ অৱহেলা, ডন্নয়নৰ ৰূপৰেখা দাঙি ধৰিয়েই ঘণ্টাৰ পিছত ঘণ্টা ধৰি সাধাৰণ জনতাক মন্ত্রমুগ্ধ কৰি ৰাখিব পাৰি৷ অসমৰ সমস্যাৰ কথা ডল্লেখ কৰিব পৰা গ’লহেঁতেন৷ কিন্তু সেইটো কৰা নহ’ল৷ মাথোঁ এখন ধর্মীয় সমাজক নিজৰ মুঠিত ৰখাৰ অপচেষ্টা চলিল৷ তেওঁ বিজেপিক এটা বিশেষ ধর্মৰ প্রতীক হিচাপে প্রতিষ্ঠা কৰি ধর্মটো অথবা সেই ধর্মক অনুসৰণ কৰাসকলৰ বিৰুদ্ধে নিজে অনুসৰণ কৰা ধর্মাৱলম্বীসকলৰ মাজত ঘৃণাৰ সৃষ্টি কৰিব বিচাৰিলে৷ এয়াই হ’ল এ আই ইড ডি এফৰ নির্বাচনী বৈতৰণী পাৰ হোৱাৰ ৰণকৌশল৷ এই কামটো অকল এ আই ইড ডি এফে কৰা নাই৷ পুনৰ ক্ষমতালৈ অহাৰ বাট বিচাৰি বিজেপিয়েও অনুৰূপ পথকে হাতত লৈছে৷
সমাগত বিধানসভা নির্বাচনক লৈ এতিয়ালৈকে অসমত কোনো দলৰ সপক্ষে লহৰ ডঠা পৰিলক্ষিত হোৱা নাই৷ ৰাজ্যৰ মূল শাসক দলটোৱে প্রধানমন্ত্রী–গৃহম নির্বাচনী অধিসূচনা জাৰিৰ পূর্বেই ৰণক্ষেত্রত নমাই পৰিৱেশ এটা ৰচনা কৰাৰ প্রয়াস চলাইছে৷ কিন্তু ভবামতে কামবোৰ হৈ ডঠা নাই৷ সহজ অর্থত ক’বলৈ হ’লে, ভোটাৰক ব্যাপক হাৰত ভোটকেন্দ্রলৈ আনিব পৰাকৈ এই মুহূর্তত বিজেপিৰ হাততো সাংঘাতিক ধৰণৰ ‘ইছ্যু’ নাই৷ পৰিকল্পনাবোৰ অৱশ্যে প্রায় সঠিক দিশেৰে গৈ আছে৷ ভোটত জয়লাভৰ অংকৰে বিভিন্ন জনগোষ্ঠীয় সংগঠন, দল তথা সমাজৰ ভিন্ন স্তৰৰ লোকৰ সৈতে সম্পর্ক স্থাপন, মিত্রতা আদি নিজ নিজ দিশেৰে গৈ আছে৷ কিন্তু ৰাইজ সকলোৰে ঊর্ধ্বত৷ ভোটাৰক আলোডিত কৰিব নোৱাৰিলে ক্ষমতালৈ অহাৰ পথটো ডজু হৈ নাথাকিবও পাৰে৷ সম্ভৱতঃ সেয়ে ৬৫ঃ৩৫ৰ অৱতাডনা৷
নির্বাচনী প্রেক্ষাপটৰ পৰা চাবলৈ গ’লে অসমৰ জনগাঁথনিবৰ জটিল৷ ১২৬টা বিধানসভা সমষ্টিৰ পৰা ৬৪টা সমষ্টি নিজৰ দখললৈ আনি চৰকাৰ গঠন কৰাটো সহজসাধ্য নহয়৷ প্রয়োজনীয় সমীকৰণটো সহজে গঢ় লৈ নুঠে৷ কেৱল অসমীয়াৰ নাম লৈ চৰকাৰ গঠন কৰিব পৰাকৈ আসন লাভ কৰিব নোৱাৰি৷ খিলঞ্জীয়া জনজাতিসকলৰ মাজত ইয়ে প্রতিক্রিয়াৰ সৃষ্টি কৰে৷ ইফালে, খিলঞ্জীয়াৰ কথা ক’লে ৰাজ্যখনত বসবাস কৰা বাঙালী, হিন্দীভাষী, আদিবাসী আদিৰ বহুসংখ্যকে সংশ্লিষ্ট দলটোত নিজকে অসুৰক্ষিত অনুভৱ কৰে৷ সেইখিনি লোক কংগ্রেছ শিবিৰলৈ যোৱাৰ সম্ভাৱনা থাকে৷ কিন্তু সকলোৰে বৃহৎসংখ্যকক এখন মঞ্চলৈ অনাৰ এটা পথ আছে– ধর্মীয় ডন্মাদনা৷ এটা ডমৈহতীয়া শত্রুৰ ধাৰণা দাঙি ধৰা৷ সেই শত্রুটো হ’ল বদৰুদ্দিন আজমল আৰু ৩৫ শতাংশ মুছলমান৷ অৱশ্যে বিজেপিয়ে মুছলমান শব্দটো প্রত্যক্ষভাৱে ডচ্চাৰণ নকৰে৷ তাক মিঞা কবিতা, মিঞা মিডজিয়াম, মিঞা সভ্যতা, মোগল, বাবৰ–জিন্নাহৰ বংশধৰ আদিৰে বুজোৱা হয়৷ কিন্তু শৰডাল মুছলমানক লক্ষ্য কৰিয়েই এৰি দিয়া হয়৷ কথাটো লোকপিয়লৰ পৰিসংখাৰে বুজিব পাৰি৷ ২০১১ চনৰ লোকপিয়ল মতে, অসমৰ মুঠ জনসংখ্যা প্রায় তিনি কোটি বাৰ লাখ৷ ইয়াৰে প্রায় এক কোটি ছয় লাখ মুছলমান৷ শতাংশৰ হিচাপত ৩৪.২২৷ অর্থাৎ বিজেপিয়ে কোৱাৰ দৰে ৩৫ শতাংশ৷ অৱশ্যে এই ৩৫ শতাংশৰ ভিতৰত খিলঞ্জীয়া মুছলমানো আছে৷ আনহাতে, বিগত বর্ষৰ ১০ ফেব্রুৱাৰীত ‘দ্য হিন্দু’ নামৰ ৰাষ্ট্রীয় সংবাদপত্রখনে অসম সংখ্যালঘু ডন্নয়ন ব’ডৰ অধ্যক্ষ মমিনুল আৱালৰ ডদ্ধৃতি দি প্রকাশ কৰা এটা বাতৰি অনুসৰি অসমৰ ১.৩ কোটি মুছলমানৰ ভিতৰত ৪০ লাখ খিলঞ্জীয়া মুছলমান৷ তেওঁলোক প্রকৃতার্থত জনজাতীয় লোক৷ তেওঁলোকে বিভিন্ন কাৰণত ইছলাম ধর্ম গ্রহণ কৰিছিল৷ বাকী ৯০ লাখ বংগমূলীয়৷ তাৰে এটা বুজন অংশ অবৈধ বাংলাদেশী নাগৰিক৷ এতিয়া যদি বিজেপিৰ ফর্মূলাটোলৈ চোৱা হয়, অসমৰ প্রতিগৰাকী মুছলমান লোক সেই শত্রুপক্ষত অৱস্থান কৰা৷ তেওঁলোকে মিঞা কবিতা, মিঞা মিডজিয়াম আদিৰে অসমৰ ভাষা–সংসৃকতিক ধ্বংস কৰিব বিচাৰে৷ সত্র–ধর্মীয় অনুষ্ঠানৰ ভূমি বেদখল কৰি অসমৰ হিন্দু সভ্যতা–সংসৃকতিক ধ্বংস কৰি নিজাকৈ সভ্যতা এটা গঢ় দিব বিচাৰে৷ এইসকলক যদি শাসনলৈ অহাত বাধা দিয়া নহয়, অসমখন ৰসাতলে যাব৷ কিন্তু এই তথ্য বাস্তৱনে? অসমৰ সকলো মুছলমান অসমৰ শত্রুনে? ৰাজ্যখনৰ সকলো মুছলমান মিঞা কবিতা, মিঞা সভ্যতা, মিঞা মিডজিয়ামৰ সমর্থকনে? খিলঞ্জীয়া মুছলমানসকল?
বিধানসভা নির্বাচনৰ দিন যিমানেই চমু চাপি আহিব, অসমত এনে ধৰণৰ ধর্মীয় মেৰুকৰণৰ বিষবাষ্পবিধ সিমানে জনসাধাৰণৰ মাজত ছটিয়াই দিয়া হ’ব৷ মানুহক ডন্মাদনাৰ শেষ পর্যায়টোলৈ লৈ যোৱাৰ ঘৃণনীয় প্রয়াস চলিব৷ মানুহ যিমানেই ডন্মাদ হৈ ডঠিব, ভোটৰ বাকচ অর্থাৎ ইভিএমৰ ভিতৰখন সিমানেই নিজৰ পক্ষত ভৰি ডঠিব৷ কিন্তু সমাজখনৰ কি হ’ব? কথাটো ভাবিবৰ হ’ল৷ লগতে এনে এটা পৰিৱেশ সৃষ্টিৰ দৰকাৰ, য’ত মাথোঁ জনসাধাৰণৰ মৌলিক আৰু গুৰুত্বপূর্ণ সমস্যাৰ চর্চা হয়৷

You might also like