নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া ভাষাৰ অপূৰণীয় ক্ষতি

নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ ড০ ৰমেশ পাঠক আছিল সাম্প্রতিক সময়ৰ এগৰাকী আগশাৰীৰ ভাষা–গৱেষক, সাহিত্যিক, সু–বক্তা আৰু সফল অধ্যাপক৷ কটন কলেজৰ প্রাক্তন অধ্যাপক ড০ পাঠকৰ জন্ম হৈছিল নলবাৰী

জিলাৰ টিহু অঞ্চলৰ খলিহাগুৰি নামৰ গাঁৱত ১৯৪২ চনৰ ২৮ এপ্রিল তাৰিখে৷ তেওঁ ১৯৫৯ চনত টিহু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হয় আৰু নলবাৰী মহাবিদ্যালয়ত আই. এ. শ্রেণীত নামভর্তি কৰে৷ পিছত ১৯৬৩ চনত কটন কলেজৰ পৰা অসমীয়া বিষয়ত সন্মানসহকাৰে বি. এ. ডিগ্রী লাভ কৰে৷ ১৯৬৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে এম. এ. ডিগ্রী লাভ কৰে৷ অধ্যয়ন–পিপাসু ৰমেশ পাঠকে ড০ গোলোক চন্দ্র গোস্বামীৰ তত্ত্বাৱধানত গৱেষণা কৰি ১৯৮৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰিবলৈ সক্ষম হয়৷
ড০ ৰমেশ পাঠকৰ কর্মজীৱন আৰম্ভ হয় মহাবিদ্যালয়ৰ প্রবক্তা ৰূপে৷ অৰুণাচল প্রদেশৰ পাছিঘাটত থকা জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্রবক্তা হিচাপে তেওঁ যোগদান কৰে ১৯৬৬৷ পৰৱর্তী কালত ১৯৭০ চনত তেওঁ কটন কলেজৰ অসমীয়া বিভাগত একে পদত যোগদান কৰে৷ এই কলেজত ৩০ বছৰ সেৱা আগবঢ়োৱা ড০ পাঠকে ২০০০ চনত অৱসৰ গ্রহণ কৰে৷ তাৰ পিছতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অংশকালীন অধ্যাপক হিচাপে কিছুদিন সেৱা আগবঢ়ায়৷
ড০ ৰমেশ পাঠকে অসমীয়া ভাষা বিষয়ক কেইবাখনো মূল্যৱান গ্রন্থ ৰচনা কৰে৷ ‘ভাষা বিজ্ঞানৰ ভূমিকা’, ‘অসমীয়া ভাষাৰ ইতিহাস’, ‘ব্যাকৰণ আৰু প্রাকৃতি বিজ্ঞান’, ‘উপভাষা বিজ্ঞানৰ ভূমিকা’, ‘পুৰণি অসমীয়া ভাষাৰ ৰূপতত্ত্ব’, ‘অসমীয়া ভাষা চর্চাকাৰীসকলৰ হাতপুথি’, ‘অসমীয়া ভাষাৰ সংৰক্ষণ’, সংবর্ধন আৰু সম্প্রচাৰ’, ‘সামগ্রিক অসমীয়া শব্দকোষ’, ‘উচ্চতৰ অসমীয়া ব্যাকৰণ’ আদি হ’ল তেওঁ ৰচনা কৰা মানবিশিষ্ট ভাষা অধ্যয়ন বিষয়ক গ্রন্থ৷ ড০ পাঠকে অসমীয়া সাহিত্য–সমালোচনা বিষয়ক কেইবাখনো গ্রন্থও প্রণয়ন কৰে৷ সিবোৰৰ ভিতৰত উল্লেখযোগ্য গ্রন্থকেইখন হ’ল– ‘পুৰণি অসমীয়া সাহিত্যৰ সুবাস’ আৰু ‘নাটক আৰু নাটক’৷
অসমীয়া সৃষ্টিশীল সাহিত্যলৈও ড০ পাঠকৰ বৰঙণি আছে৷ দুখন উপন্যাস ‘এটা নতুন সূর্য লাগে’ আৰু ‘ছন্দহাৰা পৃথিৱীত’ তিনিখন নাটক ‘ভুল কাৰ’, ‘তোমাক মই ভাণ্ডো, তুমি মোক ভাণ্ডা’ আৰু ‘অসমাপ্ত স্বর্গ ভ্রমণ’ এখন কবিতাপুথি ‘পাহৰা গীতৰ সুৰ’ আদি অমূল্য সাহিত্য ৰচনা কৰি তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷ ড০ পাঠকৰ গৱেষণা গ্রন্থৰ শীর্ষক‘Studies in Assamese Vocabulary’.

শিক্ষক হিচাপে ড০ পাঠক ছাত্র–ছাত্রীৰ প্রিয় আৰু সন্মানীয় আছিল৷ নিজস্ব পাঠদান–শৈলীৰে হাস্য–ব্যংগৰ সহায়ত তেওঁ জটিল বিষয় একোটাকো ছাত্র–ছাত্রীৰ কাৰণে সহজবোধ্য কৰি তুলিছিল৷ ড০ পাঠকৰ মৃত্যু অসমীয়া ভাষা–সাহিত্য ক্ষেত্রৰ অপূৰণীয় ক্ষতি৷ অসমীয়া আৰু ইংৰাজী ভাষাত তেওঁ ৰচনা কৰা মূল্যৱান গ্রন্থসমূহে ছাত্র–ছাত্রী, গৱেষক আৰু ৰসজ্ঞ পাঠক সমাজক আপ্লুত কৰি ৰাখিব৷ ড০ পাঠক আমাৰ শিক্ষাগুৰু আছিল৷ এই মহান শিক্ষাগুৰুগৰাকীৰ প্রতি আন্তৰিক শ্রদ্ধা নিবেদন কৰিছোঁ৷

You might also like