নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পহিলা ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব সকলো শ্রেণীৰ পাঠদান

নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ ৰাজ্যত ক’ভিড সংক্রমণ হ্রাস পোৱাৰ প্রতি লক্ষ্য ৰাখি বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰাৰ ক্ষেত্রত শিক্ষা বিভাগে বুধবাৰে মুকলি কৰিছে এছ অ’ পি৷ সেই অনুসৰি ১ ফেব্রুৱাৰীৰ পৰা বিদ্যালয়ৰ সকলো শ্রেণীৰ পাঠদান নিয়মীয়াকৈ আৰম্ভ হ’ব৷ বুধবাৰে শিক্ষা বিভাগে এই সন্দর্ভত প্রকাশ কৰা এছ অ’ পি অনুসৰি মহাবিদ্যালয়ৰ হোষ্টেল আৰম্ভ কৰাৰ বাবেও অনুমতি প্রদান কৰা হৈছে৷ তদুপৰি ১ ফেব্রুৱাৰীৰ পৰা নিয়মিতভাৱে নিম্ন প্রাথমিক বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ষষ্ঠ শ্রেণীৰ পৰা দশম শ্রেণীলৈ পাঠদান নিয়মীয়াভাৱে হ’ব৷ একেদৰে উচ্চ মাধ্যমিকৰ নৱম আৰু দশম, একাদশ আৰু দ্বাদশ শ্রেণীৰ লগতে অভিযান্ত্রিক মহাবিদ্যালয়, পলিটেকনিক, স্নাতক পর্যায়ত, বিশ্ববিদ্যালয় আদিকে ধৰি সকলো ধৰণৰ শ্রেণীৰ পাঠদান ১ ফেব্রুৱাৰীৰ পৰা নিয়মীয়া হ’ব৷

শিক্ষা বিভাগৰ এছ অ’ পি অনুসৰি নতুনকৈ শ্রেণীৰ পাঠদান আৰম্ভ কৰাৰ পূর্বে বিদ্যালয়ৰ শ্রেণীকোঠা, হোষ্টেলৰ কোঠা আদি সম্পূর্ণৰূপে পৰিষ্কাৰ–পৰিচ্ছন্ন গুৰুত্ব দিব লাগিব বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে৷ বিশেষকৈ হোষ্টেল মুকলিৰ ক্ষেত্রত ৰান্ধনীশাল, শৌচাগাৰ, আহাৰ গ্রহণ কৰা কোঠা, শিক্ষার্থীসকলে বহা জিৰণিকোঠা আদি সম্পূর্ণৰূপে ছেনিটাইজ কৰিব লাগিব৷ যিসকল ছাত্র বা ছাত্রীয়ে হোষ্টেলত থাকিব বিচাৰে, তেওঁলোকে অভিভাৱকৰ অনুমতিসাপেক্ষেহে হোষ্টেললৈ উভতি আহিব পাৰিব৷ হোষ্টেলসমূহত একেলগে সকলো শিক্ষার্থীক আহিবলৈ দিয়াৰ পৰিৱর্তে গ্রুপ হিচাপে হোষ্টেললৈ অহাৰ ব্যৱস্থা কৰিব লাগিব হোষ্টেল অধীক্ষকে৷ শ্রেণীকোঠাৰ পাঠদান আৰু হোষ্টেল মুকলি হ’লেও সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ’ব৷ বিভিন্ন স্থানৰ পৰা হোষ্টেললৈ আহিবলগা ছাত্র–ছাত্রীসকলৰ ভ্রমণ বৃত্তান্ত শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে সঠিকভাৱে সংগ্রহ কৰি ল’ব লাগিব৷

You might also like