কাৰ্বি পাহাৰত নিশা গুলীচালনা, নিহত ডিএইচডিৰ প্ৰাক্তন সদস্যসহ ২
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ কাৰ্বি পাহাৰত কালি নিশা সংঘটিত হ’ল গুলীচালনাৰ ঘটনা। নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত এই ঘটনাত নিহত হয় প্ৰাক্তন ডিএইচডি সদস্য অমিত নুনিছাৰ লগতে আলতা মাইবংছাং নামৰ আন এগৰাকী মহিলা।
আনহাতে এই আক্ৰমণত আন এগৰাকী যুৱক আছিচ ফংলছাৰ হাতত গুলী লাগে। ডিফু সদৰ থানাৰ অন্তৰ্গত খাৰনাইদিছা গাঁৱত ডিমাচাসকলৰ জাতীয় উৎসৱ বিছুডিমা চলি থকাৰ সময়তে বন্দুকধাৰী ৩ যুৱকৰ এটা দলে গুলীবৰ্ষণ কৰে।
এই ঘটনাত সন্দেহযুক্ত DNLA নামৰ উগ্ৰপন্থী সংগঠনটো জড়িত থকা বুলি সন্দেহ কৰা হৈছে। যদিও আৰক্ষীয়ে এতিয়াও স্পষ্ট কৰা নাই।
উল্লেখ্য, অসম-নাগালেণ্ড সীমান্তৱৰ্তী খাৰনাইদিছা গাঁও। এই গাঁওৰ পৰা সামান্য দূৰত আছে এন এছ চি এন(আইএম)ৰ এটা কেম্প। গতিকে ঘটনাৰ লগত এন এছ চি এনো জড়িত থাকিব পাৰে বুলি সন্দেহৰ অৱকাশ আছে।