নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমলৈ ৪৩৭.১৫ কোটিৰ বান সাহায্য

কেন্দ্রৰ অনুমোদন

নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ কেন্দ্রীয় চৰকাৰে অসমসহ ৫খন ৰাজ্যলৈ আগবঢ়াইছে বৃহৎ অনুদান৷ বিগত বর্ষত বান, গৰাখহনীয়া আদিৰ দৰে প্রাকৃতিক দুর্যোগৰ সন্মুখীন হোৱা অসম, অৰুণাচল প্রদেশ, ওড়িশা, তেলেংগানা আৰু উত্তৰ প্রদেশলৈ কেন্দ্রীয় চৰকাৰে আগবঢ়াইছে ১,৭৫১.০৫ কোটি টকা৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চস্তৰীয় বৈঠকত এই পুঁজিৰ অনুমোদন জনোৱা হয়৷ উল্লেখ্য যে বিগত বর্ষত বান আৰু গৰাখহনীয়াৰ ফলত সর্বাধিক ক্ষতিগ্রস্ত হৈছে অসম৷ আনহাতে, বিগত বর্ষত বানে ওড়িশা আৰু উত্তৰ প্রদেশৰ ৰবি শস্যৰ বিস্তৰ ক্ষতি কৰিছে৷ কেন্দ্রীয় চৰকাৰে ৰাষ্ট্রীয় দুর্যোগ প্রশমন পুঁজিৰ (এন ডি আৰ এফ) অধীনত আগবঢ়োৱা ১,৭৫১.০৫ কোটি টকাৰ ৪৩৭.১৫ কোটি টকা লাভ কৰিব অসমে৷

আনহাতে, অৰুণাচল প্রদেশে ৭৫.৮৬ কোটি টকা, ওড়িশাই ৩২০.৯৪ কোটি টকা, তেলেংগানাই ২৪৫.৯৬ কোটি টকা আৰু উত্তৰ প্রদেশে ৩৮৬.০৬ কোটি টকা৷ উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ এটা দলে অসম ভ্রমণকালত বানে ক্ষতিগ্রস্ত কৰা অঞ্চলসমূহ পৰিভ্রমণ কৰি ক্ষয়–ক্ষতিৰ বুজ লৈছিল৷ এই দলটোৱে শেহতীয়াকৈ দাখিল কৰা প্রতিবেদনৰ ভিত্তিতেই এন ডি আৰ এফৰ শিতানত এই ধনৰাশি মোকলাই দিছে কেন্দ্রীয় চৰকাৰে৷ উল্লেখ্য যে চলিত বর্ষত কেন্দ্রীয় চৰকাৰে এছ ডি আৰ এফৰ শিতানত ২৮খন ৰাজ্যলৈ মুঠ ১৯,০৩৬.৪৩ কোটি টকা মোকলাই দিছে৷ আনহাতে, এন ডি আৰ এফৰ শিতানত ১১খন ৰাজ্যলৈ এতিয়ালৈ ৪,৪০৯.৭১ কোটি টকা মোকলাই দিয়া হৈছে৷

You might also like