দুমুখীয়া নীতিৰে থলুৱাক ভাতে মৰাৰ ষড়যন্ত্র চৰকাৰৰঃ বহিঃৰাজ্যৰ ফার্মক গতাব ১০ হাজাৰ কোটিৰ গাহৰি মাংসৰ বজাৰ
- পশুপালন বিভাগৰ সহযোগত বৃহৎ ছিণ্ডিকেট
- মূৰে–কপালে হাত দিছে ৰাজ্যৰ হাজাৰ হাজাৰ গাহৰি পালকে
- পঞ্জাব–হাৰিয়ানাৰ পৰা অহা প্রতিখন ট্রাকৰ পৰা দুই লাখকৈ কমিছন সংগ্রহৰ অংক
- থলুৱা পালকক মাধমাৰ দিবলৈ বহিঃৰাজ্যৰ পৰা কম দামত গাহৰি আনি বিক্রীৰ ব্লুপ্রিণ্ট
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ মুখ্যমন্ত্রীৰ মুখত প্রতিদিনে শুনা যায় আত্মনির্ভৰশীল অসমৰ শ্লোগান৷ কিন্তু ভিতৰি সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখন বহিঃৰাজ্যৰ কোম্পানী বা ফার্মৰ প্রতিহে অধিক দায়বদ্ধ৷ ৰাজ্য চৰকাৰৰ এনে দুমুখীয়া নীতি কার্যক্ষেত্রত বাৰম্বাৰ প্রমাণ হৈছে৷ শেহতীয়াকৈ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ গাহৰি মাংসৰ বিশাল বজাৰখন বহিঃৰাজ্যৰ ফার্মক গতাই দিয়াৰ নিকৃষ্ট ষড়যন্ত্রত লিপ্ত হৈছে থলুৱা সামগ্রীৰে বজাৰ দখলৰ সপোন দেখুওৱা চৰকাৰখন৷ যাৰ বাবে ৰাজ্যৰ হাজাৰ হাজাৰ থলুৱা গাহৰিপালকে মূৰে–কপালে হাত দিবলগীয়া হৈছে৷ উল্লেখ্য যে অসমকে ধৰি সমগ্র উত্তৰ–পূর্বাঞ্চলত গাহৰি মাংসৰ চাহিদা প্রতিদিনে বৃদ্ধি পাই আহিছে৷ বর্ধিত চাহিদা দেখি অসমৰ লাখ লাখ নিবনুৱা যুৱক–যুৱতী গাহৰি পালনৰ লগত জড়িত হৈ পৰিছে৷ ক্ষুদ্র চাহ খেতিৰ পাছতে গাহৰি পালন স্বনিয়োজনৰ বৃহৎ ক্ষেত্র হিচাপে বিবেচিত হৈছে৷ কিন্তু থলুৱা যুৱক–যুৱতীৰ পেটত গোৰ মাৰি এইবাৰ পঞ্জাব–হাৰিয়ানাৰ পৰা গাহৰি আমদানি কৰাৰ চক্রান্তত লিপ্ত হৈছে গাহৰিপালক আৰু এটা ছিণ্ডিকেট বাহিনী৷
তথ্য অনুসৰি, অসমৰ বিভিন্ন স্থানত ব্যক্তিগত আৰু সমূহীয়া উদ্যোগত প্রায় ২১ লাখ গাহৰি পালন কৰা হয়৷ ইয়াৰ পৰাই উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যসমূহলৈও গাহৰি ৰপ্তানি কৰা হয়৷ বছৰটোত এইদৰে অসমৰ গাহৰিপালকে কমেও ১০ হাজাৰ কোটিৰ ব্যৱসায় কৰি আছে৷ কিন্তু বিগত বছৰৰ এপ্রিল–মে’ মাহত ৰাজ্যত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্রমণৰ ফলত প্রায় ১ লাখ গাহৰিৰ মৃত্যু হয়৷ কিন্তু পশুপালন বিভাগে ১৮ হাজাৰ গাহৰিহে উক্ত ৰোগত মৃত্যু হোৱা বুলি তথ্য সদৰী কৰে৷ চৰকাৰৰ পৰা কোনোধৰণৰ ক্ষতিপূৰণ নোপোৱাৰ ফলত থলুৱা গাহৰিপালকসকল ব্যাপক লোকচানৰ সন্মুখীন হয়৷ আফ্রিকান ছোৱাইন ফ্লুৰ সংক্রমণ কিছু হ্রাস পোৱাত গাহৰিপালকসকলে কিছু সকাহ লাভ কৰি পুনৰ কর্মক্ষেত্রত মন দিয়াৰ যো–জা চলায়৷ তাৰ মাজতে আহি পৰে আন এক গভীৰ সংকট৷ বহিঃৰাজ্যৰ পৰা গাহৰিৰ আমদানি হ’বলৈ লোৱাত পুনৰ আফ্রিকান ছোৱাইন ফ্লুৰ সংক্রমণৰ আশংকা বৃদ্ধি পায়৷
তেনে সময়তে বহিঃৰাজ্যৰ গাহৰি আমদানিৰ ক্ষেত্রত নিষেধাজ্ঞা বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় নর্থ–ইষ্ট প্রগ্রেচিভ পিগ ফার্মাৰ এছ’চিয়েচন নামৰ সংগঠনটো৷ কিন্তু গোচৰ চলি থকাৰ মাজতে এই সংগঠনটোৰ বিষয়ববীয়াসকল পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্রদেশৰ কেইবাখনো বৃহৎ গাহৰি ফার্মৰ সৈতে এক বুজাবুজিত উপনীত হয়৷ তেওঁলোকে এইবাৰ ন্যায়ালয়ক বিপথে পৰিচালিত কৰাৰ প্রক্রিয়া আৰম্ভ কৰে৷ য’ত হাত উজান দিয়ে ৰাজ্য চৰকাৰৰ পশুপালন বিভাগেও৷ বিগত বর্ষৰ ছেপ্ঢেম্বৰ মাহত ন্যায়ালয়ে আফ্রিকান ছোৱাইন ফ্লুৰ ভেকচিন দিয়া গাহৰি বহিঃৰাজ্যৰ পৰা অসমলৈ সৰবৰাহৰ অনুমতি দিয়ে৷
কিন্তু লক্ষণীয় কথাটো হ’ল বিশ্বৰ ক’তোৱে আফ্রিকান ছোৱাইন ফ্লুৰ ভেকচিন আৱিষ্কাৰ হোৱাই নাই৷ এনে পৰিস্থিতিত ভেকচিন প্রদান ক’ৰ পৰা কৰা হ’ব? বিষয়টো পৰৱর্তী পর্যায়ত ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰে আন এজন গাহৰি পালকে৷ গুৰুত্ব বুজি ন্যায়ালয়ে পূর্বৰ নির্দেশ প্রত্যাহাৰ কৰে৷ কিন্তু পুনৰ বহিঃৰাজ্যৰ পৰা গাহৰি আমদানিৰ চক্রান্তত লিপ্ত হৈছে পশুপালন বিভাগ আৰু ছিণ্ডিকেট বাহিনী৷
শেহতীয়াকৈ পঞ্জাব–হাৰিয়ানাৰ কেইবাখনো ফার্মৰ লগত ছিণ্ডিকেট চক্রৰ এখন বৈঠক অনুষ্ঠিত হৈ যায়৷ এই বৈঠকতে দুয়োটা পক্ষ বুজাবুজিত উপনীত হয় যে পঞ্জাব আৰু হাৰিয়ানাৰ পৰা দৈনিক ৮খন গাড়ীত অসমলৈ গাহৰি আমদানি কৰা হ’ব৷ একোখন গাড়ীত ২০০ৰ পৰা ৩০০ গাহৰি থাকিব৷ অৱশ্যে ফার্মৰ গৰাকীয়ে একোখন গাড়ীৰ বিনিময়ত ছিণ্ডিকেট চক্রক ২ লাখকৈ টকা আগতীয়াকৈ আদায় দিব লাগিব আৰু অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বজাৰ তেওঁলোকৰে নিয়ন্ত্রণত থাকিব৷ এইক্ষেত্রত আইনী বাধা আঁতৰ কৰাৰ বাবেও ছিণ্ডিকেট চক্রটোৱে পশুপালন বিভাগৰ সহযোগত সর্বতোপ্রকাৰৰ চেষ্টা চলাই আছে৷ এই ভয়ংকৰ অভিসন্ধিৰ কথা জানিব পাৰি শংকিত হৈ পৰিছে হাজাৰ হাজাৰ থলুৱা গাহৰিপালক৷ কাৰণ পঞ্জাব–হাৰিয়ানা আদিত গাহৰি পালনৰ খৰচ অতি কম৷ তাত বজাৰ–সমাৰৰ আৱর্জনা প্রতিকিলো এটকা দৰত কিনি গাহৰিৰ আহাৰ হিচাপে খুওৱা হয়৷
ইয়াৰ বিপৰীতে অসমত আহাৰ হিচাপে দিয়া হয় মাকৈৰ দানা৷ যাৰ বাবে অতি কম দামতে পঞ্জাব–হাৰিয়ানাৰ গাহৰি অসমলৈ চালান দিব পাৰিব৷ এনে এক প্রতিযোগিতাত থলুৱা গাহৰি পালনৰ উদ্যোগটো নিঃশেষ হৈ পৰাৰ সম্ভাৱনাই অধিক৷ অথচ চৰকাৰী তথ্য মতে পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্রদেশত বিভিন্ন ফার্মত প্রায় ৩.৫০ লাখ গাহৰি আছে৷ উক্ত ৰাজ্যসমূহত গাহৰি মাংসৰ চাহিদাও তেনেই কম৷ সেয়ে তেওঁলোকে অসমৰ দৰে বজাৰ ছিণ্ডিকেট বাহিনীৰ জৰিয়তে দখল কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ উত্তৰ ভাৰতৰ গাহৰি ফার্মৰ স্বার্থত এতিয়া গাহৰি পালনেৰে স্বাৱলম্বী হোৱা হাজাৰ হাজাৰ থলুৱা যুৱক–যুৱতীক ভাতেমৰাৰ চক্রান্ত চলিছে৷
শেহতীয়াকৈ লকডাউনৰ সময়ছোৱাত ঘৰলৈ ঘূৰি অহা বহু যুৱক–যুৱতীও গাহৰি পালনৰ লগত জড়িত হৈছে৷ চৰকাৰ–ছিণ্ডিকেট চক্রৰ যৌথ ষড়যন্ত্রত তেওঁলোকেও এতিয়া দিনতে আন্ধাৰ দেখিছে৷ আন এটা গুৰুত্বপূর্ণ কথা হ’ল– ৱ’ল্ড হেল্থ অর্গেনাইজেচন ফৰ এনিমেলছৰ গাইডলাইন অনুসৰি এছিয়ান ছোৱাইন ফ্লু দেখা দিয়া ঠাইলৈ ৩ বছৰ পর্যন্ত বাহিৰৰ পৰা গাহৰি আমদানি বন্ধ ৰাখিব লাগে৷ কিন্তু এই নির্দেশনা উলংঘা কৰি এতিয়া পশুপালন বিভাগেও পঞ্জাব–হাৰিয়ানাৰ পৰা গাহৰি আমদানিত অনুমতি দিব বিচাৰিছে৷ ফলত জনস্বাস্থ্যলৈও ভয়ংকৰ ভাবুকি নামি অহাৰ উপক্রম হৈছে৷ সর্বোপৰি বছৰি কমেও ১০ হাজাৰ কোটিৰ বজাৰ এখন বহিঃৰাজ্যৰ ফার্মে দখল কৰিলে হাজাৰ হাজাৰ যুৱক–যুৱতী কম দিনৰ ভিতৰতে নিবনুৱা হৈ পৰিব৷ নিবনুৱা সমস্যাৰে ভাৰাক্রান্ত ৰাজ্যখনৰ বাবে এয়া ভয়াৱহ দিনৰ অশনি সংকেত হিচাপে বিবেচিত হৈছে৷