বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়ক ৰাষ্ট্রীয়–আঞ্চলিক দলে
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ বিজেপিবিৰোধী আঞ্চলিক ৰাজনৈতিক দল আৰু ৰাষ্ট্রীয় দলক ঐক্যবদ্ধভাৱে যুঁজাৰ ব্যতিক্রমী আহ্বান জনালে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
শনিবাৰে গুৱাহাটীত মন্ত্রী ড০ শর্মাই কংগ্রেছ–এ আই ইউ ডি এফ নেতৃত্বাধীন মহাজোঁটৰ লগত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকো একলগ হোৱাৰ আহ্বান জনায়৷ কাৰণ তেওঁলোকৰ মাজত ভোট বিভাজন হ’লে বিজেপিৰে লাভ হ’ব৷ তেতিয়া লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলক বিজেপিৰ বি টীম বুলি সন্দেহ কৰিবই৷ বর্তমান লুৰিণজ্যোতি গগৈয়ে হাজো, গৰৈমাৰীত মিটিং কৰি থকাৰ উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত কংগ্রেছৰহে ভোট বিভাজন হ’ব৷ তেতিয়া মানুহে লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্রীৰ লগত আছে বুলিয়ে ভাবিব৷ সেয়ে তেওঁ পৰামর্শ দিব নালাগে যদিও অজিত ভূঞাৰ ভাষাতেই জাতীয় পৰিষদ, ৰাইজৰ দল, বি পি এফ, সংযুক্ত গণ মর্চা, এল ডি পি, বিমল চৌধুৰী থকা দলটোক কংগ্রেছ–এ আই ইউ ডি এফৰ সৈতে একলগ হোৱাৰ ‘অবাঞ্ছিত পৰামর্শ’ আগবঢ়ায়৷ বিজেপিবিৰোধী সকলো আঞ্চলিক দল আৰু ৰাষ্ট্রীয় দলক একত্রিত হৈ বিজেপিৰ বিৰুদ্ধে নির্বাচনত যুঁজিবলৈ তেওঁ আহ্বান জনায়৷
মন্ত্রী ড০ শর্মাই লগতে বিজেপিক মিঞা মুছলমানৰ ভোট নালাগে বুলি পুনৰ উল্লেখ কৰি কয় যে তেওঁ ইতিমধ্যে বিধানসভাতেই কৈছে– যেতিয়ালৈকে তেওঁলোকৰ সমাজত তালাক ব্যৱস্থা চলি থাকিব, ধর্মীয় উন্মাদনা চলি থাকিব, তেওঁলোকৰ ভোট নালাগে৷ কংগ্রেছ–এ আই ইউ ডি এফ নেতৃত্বাধীন মহাজোঁটে য’ত য’ত মিঞা মুছলমান ভোট বেছি আছে, তাতহে ভোট লাভ কৰিব বুলি উল্লেখ কৰি কয় যে মিঞা মুছলমানে বিজেপিক ভোট নিদিয়ে৷ তেওঁলোকৰ নিজৰ এজেণ্ডা আছে৷ হয়তো বিজেপিক বিশ্বাসো নকৰে৷ সেয়ে তেওঁলোকে পঞ্চায়ত নির্বাচনতো বিজেপিক ভোট দিয়া নাই, ২০১৪ৰ লোকসভা নির্বাচনতো ভোট দিয়া নাই৷ যিহেতু বিজেপিয়ে কলাক্ষেত্রত মিঞা মিউজিয়াম কৰিব নিদিয়ে, মিঞা কবিতা লিখিব নিদিয়ে, সেয়ে মিঞা মুছলমানে বিজেপিক ভোট নিদিয়ে৷
অৱশ্যে আসন্ন বিধানসভা নির্বাচনত বিজেপিয়ে মিঞা মুছলমান অধ্যুষিত সমষ্টিতো দলীয় প্রার্থিত্ব আগবঢ়াব বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে নির্বাচনত জয়ী হোৱাৰ বাবেই বিজেপিয়ে তাত প্রার্থিত্ব নিদিয়ে৷ তাত মিঞা সভ্যতাৰ লগত নথকা মানুহো আছে৷ সেইসকল জনসাধাৰণে যাতে কংগ্রেছ–এ আই ইউ ডি এফক ভোট দিবলগীয়া নহয়, তাৰ বাবেই পদুম বা হাতীৰ চিহ্ণত ভোট দিয়াৰ সুবিধা দিয়েই তাত প্রার্থিত্ব আগবঢ়াব৷
ইপিনে সাংসদ গৌৰৱ গগৈৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে গৌৰৱ গগৈ সৰু ল’ৰা৷ সেয়ে কিবাকিবি কৈ আছে৷ তেওঁ এতিয়া আৰু গৌৰৱ গগৈৰ কথাক লৈ উত্তৰ দিব বিচৰা নাই৷ তেওঁৰ যিমান কথা পাতিব আছে, সেই কথা গৌৰৱ গগৈৰ দেউতাকৰ লগত ইতিমধ্যে পাতিছে৷ গৌৰৱ গগৈৰ দেউতাকৰ সৈতে তেওঁ একেলগে মন্ত্রীও আছিল৷ সেয়ে তেওঁ গৌৰৱ গগৈৰ কথাৰ উত্তৰ নিদিয়ে৷ তেওঁৰ ল’ৰা যেতিয়া ডাঙৰ হ’ব, তেতিয়া গৌৰৱ গগৈৰ লগত কথা পাতিব৷ অৱশ্যে ৰাজনৈতিক নেতা হিচাপে নহয়, তেওঁৰ ল’ৰাই উকীল হিচাপে গৌৰৱ গগৈৰ সৈতে কথা পাতিব৷ এই প্রসংগতে ড০ শর্মাই কয় যে গৌৰৱ গগৈয়ে উন্নতি কৰক৷ তেওঁক সমালোচনা কৰি গৌৰৱ গগৈয়ে যদি ভাল পদবী পায়, তেওঁ গৌৰৱান্বিত হ’ব৷ কাৰণ তৰুণ গগৈৰ ল’ৰা আমাৰো ল’ৰাৰ দৰে৷ গৌৰৱ গগৈৰ উন্নতি হ’লে তেওঁৰ বাবে আনন্দৰ কথা৷