আজি পবিত্ৰ মে ডাম মে ফি; পূজা-অৰ্চনা, স্মৰণেৰে পূৰ্বপুৰুষলৈ শ্ৰদ্ধা টাই আহোমসকলৰ
নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ আজি টাই আহোমসকলৰ মে-ডাম-মে-ফি। টাই আহোমসকলে দেশ-মাটি ৰক্ষাৰ্থে পূৰ্বপুৰুষ সকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাই আহোমসকলে উদযাপন কৰিছে মে-ডাম-মে-ফি ।
মে-ডাম-মে-ফি হ’ল টাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়৷ মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ’ল মৃতকৰ দেও ৷
ইফালে টাই আহোমসকলৰ এই উৎসৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইট যোগে শুভেচ্ছা জ্ঞাপন কৰিছে ।
টাই-আহোমসকলৰ উপৰিপুৰুষসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি সকলোকে পৱিত্ৰ ‘মে-ডাম্-মে-ফী’ৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এই উৎসৱে অসমবাসীৰ মাজত সাতামপুৰুষীয়া ভাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালী কৰি তোলক। pic.twitter.com/XT9mG5Pf8o
— Sarbananda Sonowal (@sarbanandsonwal) January 31, 2021