কাজিৰঙাত অঘটনঃ গঁড়ৰ আক্ৰমণত নিহত বনকৰ্মী
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কালি সন্ধিয়াৰ ভাগত এটা গঁড়ৰ আক্ৰমণত মৃত্যুমুখত পৰে এগৰাকী বনকৰ্মী। কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ শিঙা বন শিবিৰ এলেকাত কৰ্তব্য পালন কৰি থকা অৱস্থাত বনকৰ্মী মহেশ্বৰ হাজৰিকাক এটা গঁড়ে আক্ৰমণ কৰে। আক্ৰমণত আহত বনকৰ্মীগৰাকীক লগে লগে হাস্পতাললৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।