নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰ্থনৈতিক সমীক্ষাত প্ৰত্যাশা

চলিত বিত্তীয় বর্ষ শেষ হ’বলৈ মাজতে আৰু মাত্র দুটা মাহ বাকী৷ মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ৰ ভয়ংকৰ সংক্রমণে ভয়ংকৰ দুর্যোগৰ সৃষ্টি কৰা বিত্তীয় বর্ষটোৰ সমাপ্তিৰ পূর্বে সোমবাৰে আগন্তুক ২০২১–২২ বিত্তীয় বর্ষৰ বাবে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে বাজেট দাখিল কৰিব৷ দেশৰ অর্থনীতিক বিপর্যয়ৰ গৰাহৰ পৰা উদ্ধাৰ কৰি নতুন গতি দিয়াৰ হকে বাজেটত কেনেধৰণৰ ব্যৱস্থাপনাই স্থান লাভ কৰে, তাক লৈ ব্যাপক চর্চা অব্যাহত থকাৰ মাজতে যোৱা শুকুৰবাৰে ৰাজহুৱা কৰা হৈছে কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ অর্থনৈতিক সমীক্ষা৷ মুখ্য অর্থনৈতিক উপদেষ্টা কে ভি সুব্রমণিয়মৰ নেতৃত্বত প্রস্তুত হোৱা এই অর্থনৈতিক সমীক্ষা বহু প্রত্যাশাপূর্ণ ৰূপে বিবেচিত হৈছে৷ অর্থনৈতিক সমীক্ষাত স্পষ্টভাৱে উল্লেখ কৰা মতে, ক’ভিড পৰিস্থিতিৰ বাবেই চলিত বিত্তীয় বর্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি)ৰ হাৰ ৭.৭ শতাংশ সংকুচিত হোৱাৰ আশংকা আছে৷ কিন্তু আগন্তুক ২০২১–২২ বিত্তীয় বর্ষত দেশৰ অর্থনীতিৰ চমকপ্রদ উত্থান ঘটিব আৰু যাৰ ফলত অভিলেখ সৃষ্টি কৰি জি ডি পিৰ হাৰে স্পর্শ কৰিব ১১ শতাংশ৷ যদিহে সঁচাকৈয়ে এই হাৰত জি ডি পি বৃদ্ধি হয়, তেন্তে সেয়া হ’ব দেশৰ স্বাধীনতাৰ পাছত সর্বোচ্চ৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ে অর্থনৈতিক সমীক্ষাত দাবী কৰা মতে, ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিভীষিকা সৃষ্টি কৰা সত্ত্বেও চৰকাৰে গ্রহণ কৰা নীতিৰ বাবেই দেশৰ অর্থনীতিৰ পুনৰ উত্থান সম্ভৱ হৈছে৷ বিশেষকৈ কেন্দ্রীয় চৰকাৰে এই সময়ছোৱাত ঘোষণা কৰা আর্থিক পেকেজসমূহে দেশৰ অর্থনীতিলৈ সুস্থিৰতা ঘূৰাই অনাত বহুলাংশে ইন্ধন যোগাইছে৷ মন কৰিবলগীয়া যে ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণে সমগ্র বিশ্বৰ লগতে ভাৰতৰো অর্থনীতিৰ ৰাজহাড় বেঁকা কৰি পেলাইছে৷ কৃষি, উদ্যোগ, পৰিবহণ, পর্যটন আদি প্রতিটো খণ্ডই স্থবিৰ হৈ পৰাৰ সমান্তৰালভাৱে লাখ লাখ লোক কর্মহীন হ’বলগীয়া হৈছিল৷ এনে পৰিস্থিতিত বিশেষজ্ঞসকলে মত ব্যক্ত কৰিছিল যে ক’ৰোনাসৃষ্ট সংকটৰ পৰা দেশৰ অর্থনীতি সহজে পৰিত্রাণ নাপাব৷ মন্দাৱস্থাৰ পৰা অর্থনীতিক পুনৰ উদ্ধাৰৰ বাবে প্রয়োজন হ’ব দীঘলীয়া সময়ৰ৷ কিন্তু কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ অর্থনৈতিক সমীক্ষাই বিশেষজ্ঞসকলৰ ভৱিষ্যদ্বাণীৰ সম্পূর্ণ বিপৰীত তথা প্রত্যাশাপূর্ণ ইংগিত দিলে৷ অর্থনৈতিক সমীক্ষাত দেশৰ অর্থনীতিৰ পুনৰ উত্থানক ইংৰাজীত ‘ভি’ আখৰৰ লগত তুলনা কৰা হৈছে৷
মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছৰ ভয়ংকৰ সংক্রমণে সমাজৰ প্রতিটো স্তৰতেই বিৰূপ প্রভাৱ পেলাইছে৷ বিশেষকৈ সমাজৰ দৰিদ্র শ্রেণীৰ উপৰি ক্ষুদ্র, অতি ক্ষুদ্র আৰু মজলীয়া উদ্যোগসমূহ অভাৱনীয় দুর্দশাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ আনলকৰ জৰিয়তে মহামাৰীৰ সংক্রমণ ৰোধ কৰিবলৈ বলৱৎ কৰা লকডাউন পর্যায়ক্রমে শিথিল কৰি দিয়াৰ লগে লগে উৎপাদন তথা বজাৰলৈ কিছু গতিশীলতা ঘূৰি আহিছে৷ কেন্দ্রীয় চৰকাৰে ঘোষণা কৰা পেকেজ আৰু আনলকে নিশ্চিতভাৱে দেশৰ অর্থনীতিৰ পুনৰ উত্থানত যথেষ্ট অৰিহণা যোগাইছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– দেশত ক’ৰোনা ভাইৰাছৰ গণ টিকাকৰণ আৰম্ভ হোৱাটো৷ গণ টিকাকৰণে দেশৰ বিপর্যস্ত অর্থনীতিলৈ প্রভূত আশা কঢ়িয়াই আনিছে৷ দেশৰ অর্থনীতিৰ বৃদ্ধিৰ হাৰে গণ টিকাকৰণ অভিযান শেষ হোৱাৰ লগে লগে আৰু অধিক বৃদ্ধি পাব বুলি কোৱা হৈছে অর্থনৈতিক সমীক্ষাত৷ কিন্তু সেয়া হ’লেও এই মুহূর্তত সমগ্র দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে সংসদৰ মজিয়াত দাখিল কৰিবলগীয়া আগন্তুক ২০২১–২২ বিত্তীয় বর্ষৰ বাজেটত৷ বিশেষকৈ ক’ৰোনাকালত একপ্রকাৰ থানবান হৈ পৰা দেশৰ অর্থনীতিলৈ স্থায়ী সুস্থিৰতা ঘূৰাই অনাৰ হকে বাজেটত কেনেধৰণৰ দীর্ঘকালীন আৰু হ্রস্বকালীন ব্যৱস্থা গ্রহণ কৰা হ’ব, তাক লৈ সকলোৱে কার্যতঃ উদ্বিগ্ণ হৈ আছে৷ সকলোৱে আশা কৰিছে, কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ ২০২১–২২ বিত্তীয় বর্ষৰ বাজেটখন অর্থনৈতিক নীতি নির্ধাৰণকাৰী আৰু আগন্তুক দিনৰ আর্থিক গতিৰ দিক্ নির্ণয়কাৰী হ’ব৷

You might also like