নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্তমানৰ নেতৃত্বই জাতীয় সংগঠনটোৰ কফিনত শেষ গজাল মাৰিলে

নিয়মীয়া বাৰ্তা ১ ফ্ৰেব্ৰুৱাৰীঃ নাম উল্লেখ নকৰাকৈয়ে সদৌ অসম ছাত্র সন্থাৰ (আছু) বর্তমানৰ নেতৃত্ব আৰু ছাত্র সংগঠনটোৰ সমালোচনাত দেওবাৰে সৰৱ হৈ পৰিল অগপ সভাপতি তথা মন্ত্রী অতুল বৰা৷ কলিয়াবৰৰ গান্ধী কুঁৱৰীটোল খেলপথাৰত কুৰি সহস্রাধিক দলীয় নেতা–কর্মী আৰু সমর্থকৰ উপস্থিতিত দেওবাৰে আয়োজিত বিশাল জাতীয় ঐক্য সমাৰোহত ভাষণ দি অগপ সভাপতি বৰাই অভিলেখ ভংগ কৰি এইবাৰ কলিয়াবৰৰ পৰা বিপুল ভোটত সতীর্থ মন্ত্রী তথা দলৰ কার্যকৰী সভাপতি কেশৱ মহন্ত জয়ী হ’ব বুলি দাবী কৰে৷ সমাৰোহস্থলীৰ পৰা ভাহি অহা অগপ জিন্দাবাদ ধ্বনিৰ মাজতেই উদাত্ত কণ্ঠেৰে সভাপতি বৰাই কয়– ‘এটা সময়ত সতীর্থ কেশৱ মহন্তসহ আমিও ছাত্র সংগঠনটোৰ মজিয়াৰ পৰা আহিছোঁ৷ সঁচা অর্থত তেতিয়া ছাত্র সংগঠনটো আছিল জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ চিন্তা–চেতনাৰে ভৰপূৰ৷ কিন্তু এতিয়াৰ নেতৃত্বই ছাত্র সংগঠনটোক কি পর্যায়লৈ নিলে, সেয়া ৰাইজে নিতৌ দেখিছে৷ কি উদ্দেশ্যত আৰু কাৰ স্বার্থত ছাত্র সংগঠনটোক আজিৰ নেতৃত্বই এই পর্যায়লৈ নিলে, সেই কথাও ৰাইজে নুবুজাকৈ থকা নাই৷ এতিয়া আৰু সেই সংগঠনটো জাতীয় সংগঠন হৈ থকা নাই৷ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ ঔৰসত নতুন দলৰ জন্ম দি এতিয়া ছাত্র সংগঠনটোৰ নেতাই মন্ত্রী–বিধায়ক হোৱাৰ সপোন দেখিছে৷ অগপক সততে সমালোচনা কৰা সেইসকল তথাকথিত ছাত্র নেতাই মনত ৰখা উচিত যে তেওঁলোকেহে জাতীয় সংগঠনটোৰ কফিনত শেষ গজালটো মাৰিলে৷ আজিৰ নেতৃত্বই মাটিৰ দুই গজ তলত ছাত্র সংগঠনটোক পুথি থ’লে৷ ছাত্র সংগঠনটোৰ প্রতিবাদী কণ্ঠ এতিয়া মাটিৰ দুই গজ তলত৷ সংগঠনটো এতিয়া ভূত–প্রেতাত্মালৈ ৰূপান্তৰিত হ’ল৷’

ইপিনে প্রতিবাদৰ নামত উক্ত সংগঠনটোৱে অগপ নেতাৰ বিৰুদ্ধে যেতিয়াই–তেতিয়াই ক’লা পতাকা উৰুওৱা কার্যক কঠোৰ ভাষাৰে সাৱধানবাণী শুনাই সভাপতি বৰাই কয়– ‘আপোনালোকক সতর্ক কৰি দিছোঁ– এতিয়াৰে পৰা এনে কাম কৰিলে অগপৰ কর্মী–শুভাকাংক্ষীও হাত সাবটি বহি নাথাকে৷ তেনে পৰিস্থিতিত আমিও উচিত প্রত্যুত্তৰ দিবলৈ সম্পূর্ণ সাজু৷’ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই শেহতীয়াকৈ চৈয়দ আব্দুল মালিক, ইমৰান শ্বাহ আদিৰ দৰে ৰাজ্যৰ জাতীয় জীৱনৰ পুৰোধা ব্যক্তিসকলক কৰা চৰম তাচ্ছিল্যসূচক মন্তব্যৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰে অগপ সভাপতি বৰাই৷ তেওঁ কয় যে প্রদেশ কংগ্রেছৰ সভাপতিজনৰ নিশ্চয় মতিভ্রম হৈছে৷ কংগ্রেছ এতিয়া মৃত্যুপথৰ যাত্রী৷ সেয়েহে তেওঁলোকৰ এতিয়া এনে অৱস্থা হৈছেগৈ৷ বদৰুদ্দিন আজমলৰ লগত প্রেম কৰি দলটোক জীয়াব খুজিছে যদিও কংগ্রেছ বাচি উঠাৰ কোনো সম্ভাৱনাই নাই৷ অগপই পুনৰ গতি লাভ কৰিছে বুলি মন্তব্য কৰি সভাপতি বৰাই কয় যে গতিয়েই প্রগতি আৰু প্রগতিয়েই আনে উন্নয়ন৷

উল্লেখ্য যে অগপ নেতা মণিমাধৱ মহন্তই আঁত ধৰা আজিৰ বিশাল জাতীয় ঐক্য সমাৰোহত ৰাজনৈতিক বক্তব্যৰ সলনি স্থানীয় বিধায়ক, দলৰ কার্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তই নিজৰ চমু ভাষণত কয় যে উজ্জীৱিত–স্বনিয়োজন আৰু আত্মনির্ভৰশীল কলিয়াবৰ নির্মাণেই তেওঁ প্রধান পণ হিচাপে লৈছে৷ সমষ্টিবাসীৰ সপোন আৰু আৱেগৰ সৈতে জড়িত কলং এই বছৰ প্রৱাহিত হ’ব৷ সুদীর্ঘ ৬৩ বছৰে বন্ধ হৈ থকা কলং পুনৰ প্রাণ পাই উঠিব আৰু কলঙেদি প্রৱাহিত হ’ব লুইতৰ পানী৷ কলিয়াবৰ মহাবিদ্যালয় স্থাপনৰ পাঁচ দশকৰ পাছত এখন নতুন আইন মহাবিদ্যালয় স্থাপন হ’ব কলিয়াবৰত৷ জখলাবন্ধাত নির্মাণ হৈ আছে মহকুমা পর্যায়ৰ অসামৰিক হাস্পতাল, জখলাবন্ধাৰ সৰুভগীয়াত নির্মাণ হ’ব ৰাষ্ট্রীয়মানৰ ক্রীড়াক্ষেত্র৷ ইতিমধ্যে বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহ নির্মাণৰ কাম হাটবৰত আৰম্ভ হৈছে৷ চাহ বাগিচাত নতুনকৈ ২খন হাস্পতাল, ৩খন হাইস্কুলৰ লগতে চিমনাবস্তিত ৫০খন বিছনাযুক্ত হাস্পতালৰ নির্মাণৰ কাম হাতত লোৱা হৈছে৷ সমষ্টিবাসীৰ মর্যাদাত আঘাত হোৱা কোনো কাম কেতিয়াও নকৰে বুলি দাবী কৰি মহন্তই লগতে কয় যে কলিয়াবৰ সমষ্টিৰ প্রতিখন ঘৰেই মোৰ আপোন ঘৰ৷ সমষ্টিটোৰ সকলো জাতি–জনগোষ্ঠীৰ লোক মোৰ আপোন ভাই–ককাইৰ দৰে৷ সমষ্টিবাসীয়ে বুকু ফিন্দাই আত্মমর্যাদাৰে জীয়াই থাকিব পৰাটোৱে আমাৰ মূল লক্ষ্য, চৰম প্রাপ্তি৷

দেওবাৰে এই বিশাল সমাৰোহত দলৰ শীর্ষ নেতা তথা মন্ত্রী ফণীভূষণ চৌধুৰী, ডাঃ কমলা কলিতা, হিৰণ্য কোঁৱৰ, ভূপেন ৰয়, প্রবীণ হাজৰিকা, বলেন ভৰালী, সত্যব্রত কলিতা, বিমলেন্দু সিনহা, পোনাকণ বৰুৱা, ভবেশ দাস, ডাঃ নৃপেন বৰুৱা, সুনীল ৰাজকোঁৱৰ, সুনীল ডেকা, ড০ তপন দাস, জয়ন্ত খাউণ্ড, দিগন্ত কোঁৱৰ, বৰোদা কলিতা, মামণি বৰা, জিতু বৰগোহাঁই, কল্পনা পাটোৱাৰী, ত্রিনয়ন বৰুৱা, শিল্পী ভৃগু কাশ্যপ, চাজন নায়কৰ লগতে দলৰ অন্যান্য কেন্দ্রীয় নেতা, ভাতৃ–ভগ্ণী সংগঠনৰ বিষয়ববীয়া, দলৰ কলিয়াবৰ জিলা বিধান পৰিষদৰ নেতাও উপস্থিত থাকে৷ ইপিনে কংগ্রেছত মোক্ষম আঘাত হানি সুদীর্ঘ প্রায় দুই দশক কাল অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলাৰ সভাপতি তথা বিগত বিধানসভা নির্বাচনৰ কলিয়াবৰ সমষ্টিৰ কংগ্রেছ দলৰ প্রার্থী বিন্দু গঞ্জুৱে আজি সহস্রাধিক সমর্থকসহ অগপ দলত যোগদান কৰে৷ কলিয়াবৰ বিধান পৰিষদৰ উদ্যোগত আজি সমষ্টিটোৰ কুঁৱৰীটোল গান্ধী খেলপথাৰত অনুষ্ঠিত অগপৰ জাতীয় ঐক্য সমাৰোহতে কংগ্রেছত প্রবল খহনীয়াৰ সৃষ্টি কৰি বিন্দু গঞ্জুৱে আনুষ্ঠানিকভাৱে অগপৰ সদস্য পদ গ্রহণ কৰে৷ সমান্তৰালভাৱে আজিৰ সমাৰোহতে কংগ্রেছসহ অন্যান্য দল–সংগঠনৰ একাধিক শীর্ষ নেতাই অগপত যোগদান কৰে৷ আজি অগপত যোগদান কৰা আনসকলৰ ভিতৰত কৃষ্ণ কর্মকাৰ, গীতা দিগাল, হিন্দু যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় প্রাক্তন সভাপতি দীপজ্যোতি গোহাঁই, বয়োজ্যেষ্ঠ কংগ্রেছ নেতা ভবেন বৰুৱা, অৰুণ বৰুৱা আৰু দিগন্ত হাজৰিকা অন্যতম৷ অগপৰ আজিৰ জাতীয় ঐক্য সমাৰোহত জনপ্রিয় শিল্পী কল্পনা পাটোৱাৰীয়ে ৰাইজৰ মাজত বৰগীত, জিকিৰ, লোকগীত, বিহুগীত পৰিৱেশন কৰে৷ অনুষ্ঠানত শিল্পী চাজন নায়ক, ভৃগু কাশ্যপেও গীত পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে৷

You might also like