জন্মলগ্ণতে থমকিছে মহাজোঁট আসন বুজাবুজিক লৈ জটিলতা বৃদ্ধি
ইউডিএফৰ লগতে আঞ্চলিক গণ মর্চাৰেও মিলা নাই অংক
নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ আসন্ন বিধানসভা নির্বাচনত বিজেপিক পৰাভূত কৰাৰ লক্ষ্য আগত ৰাখি কংগ্রেছে এ আই ইউ ডি এফ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল) আৰু আঞ্চলিক গণ মর্চাক লৈ মহাজোঁট গঠন কৰিছে৷ পিছে মহাজোঁট গঠন কৰিলেও জন্মলগ্ণতেই থমকিছে মহাজোঁট৷ কংগ্রেছৰ শীর্ষ নেতৃত্বৰ উপস্থিতিত মহাজোঁট গঠন হ’লেও গঠনৰ দিনৰ পাছত মহাজোঁটত কোনো কাম–কাজ আগবঢ়া নাই৷ বৰং দিন আগবঢ়াৰ লগে লগে বিধানসভাৰ আসন বুজাবুজিক লৈ অংশীদাৰ দলসমূহৰ মাজত জটিলতাহে বৃদ্ধি পাইছে৷ এ আই ইউ ডি এফৰ লগত আসন বুজাবুজিত জটিলতা ইমানেই বৃদ্ধি পাইছে যে সম্প্রতি সমগ্র বিষয়টোত স্থবিৰতা আহি পৰিছে৷ কংগ্রেছে বর্তমান নিজৰ দখলত থকা কোনো এটা সমষ্টি এৰিবলৈ সন্মত নোহোৱাৰ লগতে এ আই ইউ ডি এফৰ দখলত থকা বহু সমষ্টি বিচাৰিছে৷ ইয়াৰ বিপৰীতে এ আই ইউ ডি এফেও কংগ্রেছৰ দখলত থকা বহু সমষ্টি বিচাৰি আছে৷
ফলত নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়াই দলৰ শীর্ষ নেতৃত্বই অনাগত দিনত অংশীদাৰ দলৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈ আসন বুজাবুজিৰ বিষয়টো নিষ্পত্তি কৰিব বুলি কোৱাৰ লগতে আটাইকে ব্যক্তিগত স্বার্থ পৰিত্যাগ কৰি বিজেপিক পৰাভূত কৰাত গুৰুত্ব দিবলৈহে আহ্বান জনাইছে৷ কেৱল এ আই ইউ ডি এফৰ লগতেই যে আসন বুজাবুজিৰ ক্ষেত্রত জটিলতা আহিছে তেনে নহয়, আঞ্চলিক গণ মর্চা, বাঁওপন্থী দলৰেও আসন বুজাবুজিৰ ক্ষেত্রত নিমিলা অংক আহি পৰিছে৷ অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চা আসন্ন বিধানসভা নির্বাচনত বটদ্রৱা সমষ্টিৰ সবল দাবীদাৰ৷ কিন্তু কংগ্রেছে কোনো পৰিস্থিতিতে বটদ্রৱা এৰিব নিবিচাৰে৷ ইয়াৰ পৰিৱর্তে কংগ্রেছে পশ্চিম গুৱাহাটীৰ আসনখনকে ধৰি ৮ৰ পৰা ১০খন আসনহে আঞ্চলিক গণ মর্চাক এৰি দিয়াৰ পক্ষত আছে৷ সেইদৰে মৰিগাঁও সমষ্টিক লৈও চি পি আই আৰু কংগ্রেছৰ মাজত ইতিমধ্যে সংঘাত আৰম্ভ হৈছে৷ আসন বুজাবুজিক লৈ উদ্ভৱ হোৱা জটিলতাত চি পি আইৰ ৰাজ্যিক সম্পাদক মুনীন মহন্তই প্রতিক্রিয়া প্রকাশ কৰি কয় যে বর্তমান কংগ্রেছত কমাণ্ডিং নেতাৰ অভাৱ দেখা গৈছে৷ যাৰ বাবে কংগ্রেছে সঠিকভাৱে মহাজোঁটৰ নেতৃত্ব দিব পৰা নাই৷ সাম্প্রতিক পৰিস্থিতিত তেওঁলোকে প্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছে৷ চি পি আই নেতা মহন্তৰ মতে, সাম্প্রতিক পৰিস্থিতিত বিজেপিক অপসাৰণ কৰাটো ইমান সহজ কথা নহয়৷
মন কৰিবলগীয়া এয়ে যে চি পি আই দল মৰিগাঁৱৰ লগতে শিৱসাগৰ, নাজিৰাৰো সবল দাবীদাৰ৷ কিন্তু কংগ্রেছ দলে একমাত্র মৰিগাঁৱৰ আসনখনহে তেওঁলোকক এৰি দিয়াৰ পক্ষপাতী৷ সেইদৰে চি পি আই (এম) দলক সৰভোগ আৰু ৰঙিয়া সমষ্টিটোহে এৰি দিব বিচাৰিছে৷ চি পি আই (এম এল) দলক একমাত্র বিহালী সমষ্টিটোহে এৰি দিয়াৰ পক্ষত আছে৷ এনে পৰিস্থিতিৰ বাবেই মহাজোঁটৰ অংশীদাৰ দলসমূহৰ মাজত আসন বুজাবুজিৰ বিষয়টো আগবঢ়া নাই৷ পৰিস্থিতি এতিয়া এনে পর্যায়ত উপনীত হৈছে যে নির্বাচনী অধিসূচনা জাৰিৰ পূর্বে মহাজোঁটত আসন বুজাবুজিৰ সম্ভাৱনা তেনেই ক্ষীণ বুলিব পাৰি৷ কংগ্রেছৰ লগতে অংশীদাৰ দলৰ ভিতৰত হ’ব পৰা ক্ষোভ–বিদ্রোহৰ শংকাতেই আসন বুজাবুজি পর্ব নির্বাচনৰ দিন–বাৰ ঘোষণাৰ পিছলৈ নিব বিচাৰিছে৷ ইপিনে আসন বুজাবুজিক লৈ চলি থকা জটিলতাৰ সময়তে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই এইবাৰ নির্বাচনত ছত্তিশগড়ৰ মডেলত অৱতীর্ণ হোৱা বুলি ঘোষণা কৰি কয় যে ইতিমধ্যে ছত্তিশগড়ৰ পৰা কংগ্রেছৰ এটা টীম আহিছে৷ তেওঁলোকে বিভিন্ন স্থানত কংগ্রেছৰ নেতা–কর্মীক প্রশিক্ষণ দি আছে৷ ছত্তিশগড় বিধানসভা নির্বাচনত কংগ্রেছে যি ৰণকৌশলেৰে ৯০খন আসনৰ ভিতৰত ৭০খন আসন লাভ কৰিলে, সেই একেই ৰণকৌশল এইবাৰ কংগ্রেছে অৱলম্বন কৰিব৷ বৰাই আৰু কয় যে এইবাৰ কংগ্রেছ ক্ষমতালৈ আহিবই৷ কংগ্রেছৰ লগত কোনেও প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰে৷ একপক্ষীয়ভাৱে কংগ্রেছে নির্বাচনত জয়লাভ কৰিব৷ তেওঁ নিজেও নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বুলি প্রকাশ কৰি কয় যে নির্বাচনী যুঁজৰ মূল সৈনিক হিচাপে তেওঁ প্রতিদ্বন্দ্বিতা কৰিবই৷ আনহাতে, কংগ্রেছে মুখ্যমন্ত্রী হিচাপে এতিয়াও কাকো প্রক্ষেপ নকৰাৰ প্রসংগত বৰাই কয় যে কংগ্রেছে কেতিয়াও মুখ্যমন্ত্রী কোন হ’ব, আগতে ঘোষণা নকৰে৷ কোনো ৰাজ্যতেই কেতিয়াও আগতীয়াকৈ মুখ্যমন্ত্রীৰ প্রার্থী কংগ্রেছে ঘোষণা কৰা নাই৷