ইংলেণ্ডক ৩–০ অথবা ৩–১ত হৰুৱাব কোহলি বাহিনীয়েঃ গম্ভীৰ
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ আজিংক্য ৰাহানেৰ নেতৃত্বত টীম ইণ্ডিয়াই শেহতীয়াকৈ অষ্ট্রেলিয়াত ঐতিহাসিক সাফল্য অর্জন কৰিলেও নিয়মীয়া অধিনায়ক বিৰাট কোহলিৰ নেতৃত্বতে শক্তিশালী দল হিচাপে গঢ়ি উঠিছে টীম ইণ্ডিয়া৷ এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে ভাৰতৰ প্রাক্তন অ’পেনাৰ গৌতম গম্ভীৰে৷ ষ্টাৰ স্প’টছৰ এক অনুষ্ঠানত তেওঁ কয় যে টেষ্ট ক্রিকেটত কোহলিৰ নেতৃত্ব অতুলনীয় আৰু আগন্তুক দিনত তেওঁৰ ওপৰতে ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব থাকিব লাগে৷ কিয়নো, বিগত ৪–৫ বছৰ ধৰি কোহলিয়ে দলটোক নির্ভীক হ’বলৈ শিকাইছে আৰু বিশ্বৰ যিকোনো প্রান্তত জয় সাব্যস্ত কৰিব পৰাকৈ সবল কৰি তুলিছে৷
মন কৰিবলগীয়া যে অষ্ট্রেলিয়াত অবিশ্বাস্য প্রদর্শনেৰে ভাৰতে ব’ডাৰ–গাভাস্কাৰ ট্রফী জয় কৰাৰ পিছত আজিংক্য ৰাহানেক ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব অর্পণ কৰিব লাগে বুলি একাংশ ক্রিকেট বিশ্লেষকে শেহতীয়াকৈ দাবী উত্থাপন কৰিছে৷ এই দাবী নস্যাৎ কৰি গম্ভীৰে কয় যে টেষ্টত কোহলিৰ নেতৃত্বক লৈ কোনো প্রশ্ণ উঠাৰ অৱকাশ নাই৷ ‘টেষ্ট আৰু এদিনীয়াত কোহলিয়ে দলক দক্ষতাৰে আগুৱাই নিছে৷ এই দুটা ফৰমেটত তেওঁৰ নেতৃত্বৰ সলনিৰ কোনো প্রশ্ণই উঠিব নালাগে৷ অনাগত দিনতো ভাৰত টেষ্ট ক্রিকেটত কোহলিৰ নেতৃত্বত অপ্রতিৰোধ্য হৈ উঠিব বুলি মই আশাবাদী৷ মই তেওঁৰ টি–২০ নেতৃত্বক লৈহে আপত্তি দর্শাই আহিছোঁ৷’ গম্ভীৰে এইদৰে কয়৷
পৰিয়ালৰ সৈতে বে’চ কিছুদিন সময় কটোৱাৰ পিছত অধিনায়ক কোহলিয়ে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত সতেজ আৰু সক্রিয় হৈ খেলপথাৰলৈ উভতিব বুলিও একালৰ আক্রমণাত্মক বাঁওহতীয়া বেটছমেনগৰাকীয়ে উল্লেখ কৰে৷ ইফালে, আগন্তুক টেষ্ট শৃংখলাত ভাৰতে ইংলেণ্ডক ৩–০ অথবা ৩–১ৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হ’ব বুলি গম্ভীৰে ভৱিষ্যদ্বাণী কৰিছে৷ তেওঁ কয় যে দিবা–নৈশ টেষ্টখনত ইংলেণ্ডে জয়ৰ সুযোগ সৃষ্টি কৰিব পাৰে৷ কিন্তু তাৰ বাহিৰে আন কোনো এখন মেচত তেওঁলোকে ভাৰতক প্রত্যাহ্বান জনাব পাৰিব বুলি গম্ভীৰে অনুভৱ নকৰে৷