দুভৰিৰ যাদুত কঁপিব বিশ্ব… আজিৰে পৰা বিশ্বকাপ ফুটবল
মাজতে মাত্র কেইটামান ঘণ্টা বাকী৷ এটা ট্রফীৰ বাবে যুঁজিবলৈ সাজু হৈছে ৪৮খনকৈ দেশে৷ দুভৰিৰ যাদুত কঁপিব বিশ্ব ফুটবল৷ সমগ্র বিশ্বক ফুটবলৰ যাদুৰে সন্মোহিত কৰিবলৈ পুনৰ সাজু হৈছে ফিফা বিশ্বকাপ৷ নানা বিতর্কৰ অন্তত আজিৰে পৰা আমেৰিকা–কানাডা–মেক্সিকোত আৰম্ভ হ’ব ফিফা বিশ্বকাপৰ ত্রয়োবিংশতিতম সংস্কৰণ৷
আজিৰ পৰা ১৯ জুলাইলৈ মুঠ ৩৯ দিন ধৰি চলিব এই মহাৰণ৷ মেক্সিকোৰ ঐতিহাসিক এজটেকা ষ্টেডিয়ামৰ পৰা আৰম্ভ হ’ব ফুটবলৰ মহাযুদ্ধ৷ পূর্বতকৈ এইবাৰৰ ফিফা বিশ্বকাপ ব্যতিক্রম৷ ফুটবল বিশ্বকাপৰ ইতিহাসত প্রথমবাৰৰ বাবে ৩২টা দলৰ পৰিৱর্তে অংশগ্রহণ কৰিব সর্বমুঠ ৪৮টা দলে৷
তিনিখন দেশৰ ১৬খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ১০৪খনকৈ মেচ৷ ইয়াৰ ভিতৰত আমেৰিকাৰ ১১খন, কানাডাৰ দুখন আৰু মেক্সিকোৰ তিনিখন চহৰত প্রতিযোগিতাখনৰ মেচ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে ২০০২ চনৰ পিছত একাধিক ৰাষ্ট্রৰ সহযোগত আয়োজন কৰা এইখনেই হ’ব প্রথম পুৰুষ বিশ্বকাপ৷
আনহাতে, ১৯৭০ আৰু ১৯৮৬ চনৰ পিছত এই প্রতিযোগিতাৰ ইতিহাসত সহযোগী বা নিজাকৈ সর্বাধিক তিনিবাৰ বিশ্বকাপ আয়োজন কৰা মেক্সিকো প্রথমখন দেশ হিচাপে পৰিগণিত হ’ব৷ আনহাতে, ইয়াৰ পূর্বে ১৯৯৪ চনত আমেৰিকাই পুৰুষৰ বিশ্বকাপ আয়োজন কৰিছিল৷
তেনেদৰে প্রথমবাৰৰ বাবে পুৰুষৰ বিশ্বকাপ প্রতিযোগিতাৰ আয়োজক বা সহযোগী আয়োজক হিচাপে কানাডাৰ অন্তর্ভুক্তি হ’ব৷ ইপিনে, ভাৰতীয় সময় অনুসৰি আজি নিশা ১২.৩০ বজাত কিক অফ হ’ব বিশ্ব ফুটবলৰ মহাৰণৰ৷ ফিফাৰ সন্মানীয় প্রতিযোগিতাখনৰ উদ্বোধনী মেচখনত আয়োজক মেক্সিকোৰ প্রতিদ্বন্দ্বী হ’ব দক্ষিণ আফ্রিকা৷
তৃতীয়বাৰলৈ ফিফা বিশ্বকাপ আয়োজন কৰা বিশ্বৰ প্রথম ষ্টেডিয়ামত পৰিণত হ’ব এজটেকা ষ্টেডিয়াম৷ ৩৯ দিন ধৰি চলিবলগীয়া ফুটবল মহাৰণৰ সামৰণি পৰিব নিউয়র্কৰ ঐতিহাসিক মেটলাইফ ষ্টেডিয়ামত৷ ১৯ জুলাইৰ নিশা মেটলাইফ ষ্টেডিয়ামতে চূড়ান্ত হ’ব ২০২৬ চনৰ ফিফা বিশ্বকাপৰ চেম্পিয়ন দল৷
৩৯ দিন ধৰি চলিবলগীয়া এই ফুটবল মহাৰণত অনুৰাগীসকলে নিজ নিজ পছন্দৰ খেলুৱৈৰ খেল উপভোগ কৰিবলৈ সাজু হৈছে৷ মেছি–ৰ’নাল্ডোৰ মেজিক, এমবাপেৰ ধুমুহা, নেইমাৰৰ ড্রিবলিং চাবলৈ অধীৰ আগ্রহেৰে বাট চাই আছে বিশ্বৰ সহস্রাধিক ফুটবল অনুৰাগী৷
ইফালে, এইবাৰৰ বিশ্বকাপত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব লামিন য়ামালৰ ওপৰত৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া ফিফা বিশ্বকাপত য়ামালক লৈ বিশ্ব জয়ৰ স্বপ্ন দেখিছে স্পেইনে৷ মন কৰিবলগীয়া যে প্রথমবাৰৰ বাবে ফিফা বিশ্বকাপত তিনিটাকৈ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব৷ আজিৰ প্রথমটো উদ্বোধনী অনুষ্ঠান মেক্সিকোৱে আয়োজন কৰিব৷ আজি নিশা ১০.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া উদ্বোধনী অনুষ্ঠানৰ মুখ্য আকর্ষণ হ’ল বিশ্ববিখ্যাত পপ ষ্টাৰ ছাকিৰা৷
ছাকিৰাই নাইজেৰিয়াৰ শিল্পী বার্নাবয়ৰ সৈতে প্রতিযোগিতাখনৰ থীম ছং ‘ডায়া ডায়া’ পৰিৱেশন কৰিব৷ উদ্বোধনী অনুষ্ঠানত দক্ষিণ আফ্রিকাৰ গায়ক–গীতিকাৰ টাইলা আৰু কলম্বিয়াৰ গায়ক আলেজান্দ্রো ফার্নাণ্ডেজ, লীলা ডাউনছ আৰু বেলিণ্ডায়ো অনুষ্ঠান পৰিৱেশন কৰিব৷
ডেনি অ’ছেনেও কণ্ঠদান কৰিব৷ মেক্সিকান পপ বেণ্ড মানা আৰু মিউজিকেল গ্রুপ লছ এঞ্জেলছ এজুলেছকোয়ো উদ্বোধনী অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিব৷ আনহাতে, কানাডাৰ মুকলি অনুষ্ঠান ১২ জুনৰ নিশা ১১ বজাত টৰণ্টোত অনুষ্ঠিত হ’ব৷
কানাডাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য আকর্ষণ হ’ল ভাৰতৰ জনপ্রিয় অভিনেত্রী নোৰা ফতেহী৷ জন্মসূত্রে কানাডিয়ান নোৰা বিগত কেইবছৰমানৰ পৰা বলীউডৰ চিনেমাত নৃত্যৰ বাবে সকলোৰে প্রথম পছন্দ হৈ পৰিছে৷
আনহাতে, ১৩ জুনৰ পুৱা ৫ বজাত লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আমেৰিকাৰ উদ্বোধনী অনুষ্ঠান৷ প্রায় ৩৯ দিনৰ বাবে ফিফা বিশ্বকাপৰ জ্বৰত আক্রান্ত হ’ব বিশ্বৰ কোটি কোটি ফুটবল অনুৰাগী৷ অসমৰ চুকে–কোণে থকা ফুটবলপ্রেমী ৰাইজৰ মাজতো ইতিমধ্যে আৰম্ভ হৈছে জল্পনা–কল্পনা৷ ১৯ জুলাইত নিজৰ প্রিয় খেলুৱৈ তথা প্রিয় দলটোৱে শেষ হাঁহি মৰাৰ স্বপ্ণ দেখিছে অনুৰাগীয়ে৷
ডিজিটেল ডেস্ক, ১১ জুন