নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ফেব্রুৱাৰীৰ পৰা নৱনির্মিত মটেৰা ষ্টেডিয়ামত দিবা–নৈশ টেষ্ট; উপস্থিত থাকিব প্রধানমন্ত্রী মোদী–গৃহমন্ত্রী অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ বিশ্বৰ সর্ববৃহৎ ক্রিকেট ষ্টেডিয়াম হিচাপে নতুনকৈ গঢ়ি তোলা আহমেদাবাদৰ সুবৃহৎ মটেৰা ষ্টেডিয়ামত অহা ২৪ ফেব্রুৱাৰীৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয় তথা দিবা–নৈশ টেষ্ট মেচ অনুষ্ঠিত হ’ব৷

নৱনির্মিত ষ্টেডিয়ামখনত এয়া হ’ব প্রথমখন আন্তঃৰাষ্ট্রীয় মেচ৷ প্রায় ১ লাখ ১০ হাজাৰ আসন থকা বিশ্বৰ সর্ববৃহৎ ক্রিকেট ষ্টেডিয়ামখনত অনুষ্ঠিত হ’বলগীয়া প্রথমখন আন্তঃৰাষ্ট্রীয় মেচৰ বাবে বি চি চি আয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুকে ধৰি কেইবাগৰাকীও গণ্য–মান্য ব্যক্তিক আমন্ত্রণ জনাইছে৷

ব’ডৰ এক সূত্রই আজি জানিবলৈ দিয়া অনুসৰি মটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই ঐতিহাসিক মেচখনত ৫০ শতাংশ দর্শকক প্রৱেশৰ অনুমতি দিয়া হ’ব৷ সেই অনুসৰি দৈনিক প্রায় ৫০ হাজাৰ দর্শকে দিবা–নৈশ মেচখন উপভোগ কৰিব পাৰিব৷

You might also like