নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেঞ্চুৰীৰ মৰীচিকা

১২৬টা সমষ্টিৰ ৬৪টাত বিজয় সাব্যস্ত কৰিব পাৰিলেই অসমত চৰকাৰ গঠন কৰিব পাৰি৷ কিন্তু এইবেলি ৰাজনৈতিক দলসমূহ যেন শেনৰ এজাত৷ ৬৪খন আসন তেনেই সাধাৰণ কথা৷ নির্বাচন আহিল, প্রতিদ্বন্দ্বিতা কৰিলোঁ আৰু পলতকে ৬৪টা বিধানসভা সমষ্টি নিজৰ জেপত ভৰাই ল’লোঁ৷ মূল কথাটো হ’ল চেঞ্চুৰী৷ চেঞ্চুৰী নোকোবোৱাকৈ যেন এইবাৰ এটা ৰাজনৈতিক দলেও ক্রীজ এৰি নিদিব৷ বিজেপিয়ে কৈছে, আমাৰ দলে চেঞ্চুৰী কোবাব৷ আসনৰ সংখ্যাই এশ অতিক্রম কৰিব৷ দলটোত নিজৰ উপৰি অগপ, ইউ পি পি এলসহ কেইবাজনো খেলুৱৈ আছে৷ মুঠতে চেঞ্চুৰী হ’বই৷ ৬৪খন আসনৰ কথা তেওঁলোকে ভবাই নাই৷ কিছুদিন আগলৈকে চেঞ্চুৰী কোবাম বুলি কৈ থকা একমাত্র দল বা মঞ্চ সেইটোৱেই আছিল৷ শেহতীয়াকৈ কংগ্রেছৰ মুখতো শুনা গৈছে শতাধিকৰ কথা৷ বিজেপিৰ মিছন ১০০প্লাছৰ বিপৰীতে কংগ্রেছে দাবী কৰিছে, তেওঁলোকে (মহাজোঁট) ১০১ৰ ওপৰত বিধানসভা সমষ্টি লাভ কৰিব৷ নিজাববীয়াকৈ ৮০খন আৰু অংশীদাৰ দলৰ জৰিয়তে কুৰিৰ অধিক আসন আহিব৷ অর্থাৎ সমাগত অসম বিধানসভা নির্বাচনত আৰু এটা চেঞ্চুৰী৷ নির্বাচনটোক যদি এখন ক্রিকেট মেচৰ সৈতে তুলনা কৰা হয় তেন্তে চেঞ্চুৰী কোবাবলৈ সক্ষম বা হুংকাৰ দিয়া দুটা দলৰ মাজত খেলখনৰ কল্পনাই যিকোনো ক্রিকেটপ্রেমীক ৰোমাঞ্চিত কৰি তুলিব৷ ষ্টেডিয়ামলৈ দর্শকৰ সোঁত ব’ব৷ যেন দুটা সিংহৰ মাজত এখন বৃহৎ ৰণ হ’বলৈ গৈ আছে৷ বিজেপি আৰু কংগ্রেছ শিবিৰৰো একেই উদ্দেশ্য নেকি যে মানুহক নিজৰ শক্তি সন্দর্ভত উচ্চ ধাৰণা এটা দি নিজৰ পক্ষলৈ অধিকৰ পৰা অধিক সমর্থক আঁজুৰি অনা৷ কেতিয়াবা অত্যুৎসাহৰ বাবে ভাল ভাল দলৰ ছন্দপতন ঘটে৷ অসমতো দুয়োটা শিবিৰৰ অনুৰূপ দুর্গতি নহয়টো? সম্ভৱ হওক বা নহওক, বিজেপিয়ে অৱশ্যে শতাধিক আসনত জয়লাভ কৰাৰ দাবী কৰিব পাৰে৷ তেওঁলোক ধাৰাবাহিক সাফল্যৰ মালিক৷ ২০১৪ চনৰ পৰা অসমত অনুষ্ঠিত এনে এটা নির্বাচন নাই য’ত দলটোৱে সফলতা অর্জন নকৰাকৈ আছে৷ কিন্তু কংগ্রেছ? নে কথাটো এনেকুৱা, ক্রিকেটৰ খেলপথাৰত ভাৰতক চীনে হুংকাৰ দিছে, তোমালোকৰ বলিঙক তচনচ কৰি ষ্টেডিয়ামৰ চাৰিওফালে বল পঠিয়াম৷ তোমালোকৰ পৰাজয় নিশ্চিত৷ যদি এয়াই হয়, তেন্তে কংগ্রেছ শিবিৰে কৰা চেঞ্চুৰীৰ দাবীটো মানুহৰ বাবে হঁাহিৰ খোৰাকত পৰিণত হ’ব৷
বিজেপি নেতৃত্বাধীন এনডিএৰ বাবেও অসমত শতাধিক আসনত জয়লাভ কৰাটো সহজসাধ্য নহ’ব৷ এনডিএৰ শীর্ষত বা নেতৃত্বত থকা দলটোৱে অদ্যাপি বহু পৰীক্ষা দিবলৈ বাকী৷ আসন বুজাপৰা বা ভাগ–বাটোৱাৰালৈকে যেতিয়া কথাবোৰ গুচি যাব, তেতিয়াহে মিত্রজোঁটৰ আচল স্বৰূপটো ওলাব৷ তদুপৰি, বিজেপিয়ে বৰাকত প্রায় অকলে অর্থাৎ নিজৰ শক্তিৰে যুঁজিব লাগিব৷ মিত্রজোঁটত থকা বাকী দলকেইটাৰ বৰাকত বিশেষ প্রভাৱ নাই বুলিয়েই ক’ব পাৰি৷ অগপৰ সৈতে আসন ভাগ–বাটোৱাৰাই বিজেপিৰ বাবে সংকট এটা সৃষ্টি কৰিব পাৰে৷ বিজেপিৰ দখল আৰু লক্ষ্যত থকা বহু সমষ্টিত অগপৰ নেতা–কর্মীৰ চোকা নজৰ আছে৷ তেওঁলোকে ভাবে, সমষ্টিকেইটাত অগপৰ জয় নিশ্চিত হৈ আছে৷ একেদৰে অগপৰ দখলত থকা বহু সমষ্টিত ইতিমধ্যে বিজেপিৰ মণ্ডল বা জিলা পর্যায়ৰ সমিতিয়ে নিজাববীয়া প্রার্থী বিচাৰিছে৷ আনকি বৰপেটাৰ দৰে সমষ্টিতো এইবাৰ বিজেপিৰ প্রার্থী লাগে বুলি জিলা সমিতিয়ে দাবী কৰিছে৷ এনে সমস্যাবোৰৰ মসৃণ সমাধানৰ ওপৰত দুয়োটা দলৰ সফলতা ভালেখিনি নির্ভৰ কৰিব৷ বিশেষকৈ অগপৰ ক্ষুব্ধ কর্মী–সমর্থকৰ সন্মুখত এতিয়া বিকল্পৰ ৰূপত আঞ্চলিক ৰাজনৈতিক দল আছে৷ তেওঁলোক সেইমুৱা হ’ব পাৰে৷ সেইটো হ’লে সামগ্রিকভাৱে বিজেপিৰে ক্ষতি হ’ব৷ চৰকাৰ গঠনৰ লক্ষ্য কঠিন হৈ পৰিব৷ বিজেপিৰ বাবে আন এটা সমস্যা ইউ পি পি এলে সৃষ্টি কৰিব পাৰে৷ পৰিষদীয় অঞ্চলটোত ১২টা বিধানসভা সমষ্টি আছে৷ ইউ পি পি এলে তাৰে এটা বা দুটা সমষ্টিহে বিজেপিক এৰি দিব পাৰে৷ ততোধিক সমষ্টি এৰি দিলে বডো জাতীয়তাবাদী শিবিৰ আহত হোৱাৰ সম্ভাৱনা আছে৷ কিয়নো পৰিষদীয় অঞ্চলটোত লাহে লাহে এক বিশেষ ধৰণৰ চিন্তা–চর্চাই গা কৰি উঠিবলৈ ধৰিছে৷ মানুহৰ মাজত ধাৰণা এটা সোমাবলৈ লৈছে যে বিটিআৰ প্রমোদ বডোৱে নহয়, বিজেপিয়ে চলাই আছে৷ কথাটো সংগ্রামী বডো জনসাধাৰণৰ বাবে সুখকৰ হৈ নুঠিবও পাৰে৷ সম্ভৱতঃ ইউ পি পি এলে পৰিষদীয় অঞ্চলত থকা এটা সমষ্টিও বিজেপিক সহজে এৰি নিদিব৷ উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে দুদিনমান আগেয়ে তেনে ইংগিত এটা দি থৈছে৷ তেওঁ আনকি নির্বাচনী মিত্রতা সন্দর্ভত বিজেপিৰে ইউ পি পি এলৰ কোনোধৰণৰ আলোচনা হোৱাই নাই বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰিছে৷ ইফালে, কংগ্রেছ–ইউডিএফ–বাঁ দলৰ মাজত হোৱা মহাজোঁট প্রকৃতার্থত কার্যকৰী হ’লে এনডিএৰ হাতৰ পৰা কেইটামান সমষ্টি ওলাই যাব পাৰে৷ সমষ্টিকেইটাৰ ভোটাৰৰ বিন্যাসে তাকেই কয়৷ আনহাতে, নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে এন ডি এৰ ভোটবেংকত আঘাত হনাৰ সম্ভাৱনা আছে৷
বিজেপিতকৈ অধিক দুর্বল আৰু অনিশ্চয়তাত আছে কংগ্রেছ শিবিৰ৷ দলটোৱে বিজেপিবিৰোধী অথবা এনডিএবিৰোধী সকলোকে লৈ মহাজোঁট গঠনৰ চেষ্টা চলাই আছে যদিও এতিয়ালৈকে তাত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ বিপিএফ, অজাপ, ৰাইজৰ দল আদি কংগ্রেছৰ মহাজোঁটত চামিল হোৱাৰ সম্ভাৱনা কম৷ ৰাজ্যখনত বাঁও দলসমূহ ইমানো শক্তিশালী নহয় যে কংগ্রেছ–ইউডিএফক শতাধিক আসনত জয়লাভ কৰাত অৰিহণা যোগাব৷ যি কৰিব লাগিব, দল দুটাই অর্থাৎ কংগ্রেছ আৰু ইউডিএফে নিজৰ শক্তিৰ বলত কৰিব লাগিব৷ সেই শক্তিৰে দল দুটাই বৰাক আৰু নামনি অসমত কিছু সফলতা লাভ কৰিব পাৰে৷ বিশেষকৈ গোৱালপাৰা, দক্ষিণ শালমাৰা–মানকাচৰ, বঙাইগাঁও, বৰপেটা, নগাঁও, মৰিগাঁও, দৰঙৰ দৰে জিলাত নির্বাচনী প্রেক্ষাপট সলনি কৰি দিব পাৰে৷ কিন্তু কংগ্রেছৰ কাৰণে মূল সমস্যাটো হৈছে উজনিৰ ৪৩খন আসনক লৈ৷ প্রচাৰ আৰু বদৰুদ্দিন আজমলৰ কেতবোৰ কর্ম–কাণ্ডই উজনিত ইউডিএফৰ লগতে কংগ্রেছৰো ভাবমূর্তিত আঘাত হানিছে৷ দলটোৰ হাতত কোনোমতে সাতখন আসন আছিল যদিও তাৰে পৰাও এখন–দুখনকৈ আসন ওলাই যাবলৈ ধৰিছে৷ প্রাক্তন মন্ত্রী অজন্তা নেওগৰ কংগ্রেছ ত্যাগ দলটোৰ বাবে বৃহৎ ক্ষতিৰ কাৰণ হ’ব পাৰে৷ ইয়ে কংগ্রেছৰ বাবে মহাজোঁট মহাজঁটত পৰিণত হ’ব পাৰে৷ দলটোৰ দুর্বল নেতৃত্বই মহাজোঁট সন্দর্ভত সমর্থক বা অনুগামীক দূৰৰে কথা, নিজৰ দলৰে কর্মীক এতিয়ালৈকে পতিয়ন নিয়াব পৰা নাই৷ কংগ্রেছৰ আন এটা ভয়ংকৰ সমস্যা হ’ব, নিজকে বাস্তৱতকৈ অধিক শক্তিশালী বুলি ধৰি লৈ মহাজোঁটৰ অংশীদাৰক প্রকাৰান্তৰে তুচ্ছ–তাচ্ছিল্য কৰা বা প্রাপ্য মর্যাদা দিবলৈ অস্বীকাৰ কৰা৷ নিজেই ৮০খন আসনত জয়লাভ কৰিম বুলি দাবী কৰা দল এটাৰ বাবে মহাজেজাটৰ আৱশ্যক আছেনে? তেন্তে কিয় আন আন দলক নিজৰ মাজত সামৰি লোৱাৰ বাবে চেষ্টা চলোৱা হৈছে? দলটোৰ নেতৃত্বই আন দলৰ পিঠিত উঠি ক্ষমতা দখল কৰিব বিচাৰে কিন্তু কাকো ক্ষমতাৰ অংশীদাৰ কৰিব নিবিচাৰে৷ সেয়ে মহাজোঁটৰ পোছাকযোৰ পিন্ধিছে৷ দলটোৱে ভালদৰে জানে যে বিৰোধীৰ ভোট বিভাজন ৰোধ অবিহনে ৬৪টা সমষ্টিত জয়লাভ কৰিব পৰা নাযাব৷ গতিকে ভোটৰ বিভাজন ৰোধ কৰিবলৈহে কংগ্রেছক সহযোগী দল লাগে৷ মিত্রজোঁটৰ চৰকাৰ গঠন কৰিবলৈ নহয়৷ দলটোৰ মতলববাজ নেতাসকলৰ গোপন অভিসন্ধিৰ কথা লাহে লাহে মহাজোঁটৰ অংশীদাৰসকলে বুজি উঠিছে৷ আসন বুজাবুজিৰ পর্যায়ত ইয়ে মহাজোঁটত জঁট লগাব পাৰে৷ এতিয়া আহিল চেঞ্চুৰীৰ কথাটো৷ কংগ্রেছে মুখেৰে যিমানেই দাবী নকৰক কিয়, দলটোত বা মর্চাত চেঞ্চুৰী কোবাব পৰাকৈ কিমানজন বেটছমেন আছে, সেইটো অসমৰ জনসাধাৰণে ভালদৰেই জানে৷ আৰু দল গঠনত স্বজন–তোষণ নীতি লৈ আগবাঢ়ে তেন্তে কংগ্রেছৰ শতাধিক আসনত জয়লাভ কৰা দাবীটোক মানুহে পেংলাই নকৰিলেহে ৰক্ষা৷ এতিয়া মাথোঁ সময়লৈহে অপেক্ষা৷

You might also like