ওদালগুৰিৰ ডিমাকুছিত বন্যহস্তীৰ উপদ্ৰৱঃ প্ৰাণৰক্ষা শিশুসহ কেইবাজনো লোকৰ
নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ডিমাকুছি শান্তিপুৰ গাঁৱৰ ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত নামি অহা শ শ হাতীয়ে বিগত দীৰ্ঘদিন ধৰি চলাই আহিছে উপদ্ৰৱ ৷
অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহ ধংস কৰাৰ লগতে ভঁৰালৰ ধান, চাউল, খেতিপথাৰ শইচ, কলৰ বাগান আদি বিনষ্ট কৰিছে ৷ ইতিমধ্যে গৃহহীন হৈ পৰিছে বহু পৰিয়াল ৷
মঙলবাৰে পুৱতিনিশা প্ৰায় ৫০/৬০টা হাতীৰ জাক এটাৰ পৰা ফালৰি কাটি গৈ এটা বন্যহস্তীয়ে সীমান্তৱৰ্তী অঞ্চলটোৰ ভেৰগাঁৱৰ ২নং উত্তৰ ডিমাকুছি আৰু বৰঙাজুলি ৰ শান্তিপুৰ গাঁৱত প্ৰবেশ কৰি জিতেন কৰ্মকাৰ আৰু তিম্পু কৰ্মকাৰ নামৰ দুটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ বিধ্বস্ত কৰাৰ লগতে ধান, চাউল খাই বিস্তৰ ক্ষতি কৰে ৷
ঘটনাটোক লৈ কিন্তু বন বিভাগৰ লোক বাতৰি লিখাৰ পৰলৈ উপস্থিত হোৱা নাই ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে যদিও বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজে লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে।