নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত God on the Balcony ৰ অ’ফিচিয়েল ট্ৰেইলাৰ প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ আজি যোৰহাটত প্ৰদৰ্শিত হয় ‘বেলকনীত ভগৱান’ নামৰ ছবিখনৰ অ’ফিচিয়েল ট্ৰেইলাৰ। যোৰহাট প্ৰেছ ক্লাবত বিয়লি অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত চলচ্চিত্ৰখনৰ একাংশ ভিডিঅ’ ক্লিপিং প্ৰদৰ্শন কৰে ।

চলচ্চিত্ৰখনৰ প্ৰয়োজক নুৰুল চুলতানৰ উপস্থিতিত লেখক পৰিচালক বিশ্বজিত বৰা উপস্থিত আছিল। নিমন্ত্ৰিত বিশিষ্ট অতিথিৰূপে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ৰমানন্দ বৰা, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জয়ন্ত নাথ, বিশিষ্ট অভিনেত্ৰী ৰীণা বৰা আৰু গীতাৱলী ৰাজকুমাৰী উপস্হিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

চলচ্চিত্ৰখনৰ প্ৰদৰ্শনী মুকলি কৰে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক যদুমণি দত্তই । উল্লেখ্য যে ‘বেলকনীত ভগৱান’-এ এইবাৰ কেইবাটাও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটাৰ লাভ কৰিছে। প্ৰযোজকে জানিবলৈ দিয়া মতে অসমৰ বিভিন্ন ঠাইত ছবিখনৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে।

You might also like