নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট শিক্ষাবিদ ড০ অখিল মেধিৰ বিয়োগ

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য তথা বিশিষ্ট শিক্ষাবিদ ড০ অখিল কুমাৰ মেধিৰ যোৱানিশা ১২.৫৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে৷ ১৯৫১ চনৰ ৯ ছেপ্ঢেম্বৰত পলাশবাৰীত জন্মগ্রহণ কৰা প্রয়াত শিক্ষাবিদ ড০ মেধিৰ মৃত্যুৰ সময়ত বয়স আছিল ৭০ বছৰ৷ গুৱাহাটীৰ পাণবজাৰ ডনবস্ক’ৰ পৰা স্কুলীয়া শিক্ষা গ্রহণ কৰা প্রয়াত মেধিয়ে কটন কলেজৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্রী লাভ কৰিছিল৷ ইয়াৰ পাছত আই আই টি, কানপুৰৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্রী লাভ কৰিছিল৷ ড০ মেধিয়ে ইউ কেৰ চাছেক্স ইউনিভার্ছিটীত পোষ্ট ডক্টৰেল গৱেষণা কৰাৰ লগতে মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছার্চৰ ভিজিটিং প্রফেছাৰ হিচাপে কার্যনির্বাহ কৰিছিল৷ মেঘালয়ৰ নেহুত ১৯৮০ চনৰ পৰা ১৯৮৩ চনলৈকে তেওঁ অধ্যাপনা কৰিছিল৷

ইয়াৰ পাছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কর্মৰত আছিল৷ ১৯৯৯ চনৰ পৰা ২০০২ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছায়েন্স ফেকাল্টীত ডীন হিচাপে কার্যনির্বাহ কৰিছিল৷ ড০ মেধিয়ে ২০০৮ চনৰ ১৯ মে’ৰ পৰা ২০১৩ চনৰ ১৮ আগষ্টলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য পদ অলংকৃত কৰিছিল৷ বিশিষ্ট শিক্ষাবিদ ড০ অখিল কুমাৰ মেধিয়ে মৃত্যুৰ সময়ত পত্নী চিত্রাণী মেধি, দুই জীয়ৰী ইন্দ্রাণী মেধি, ৰাগিনী মেধিৰ লগতে বহু আত্মীয়–স্বজনক এৰি যায়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ অখিল কুমাৰ মেধিৰ বিয়োগত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ এক শোকবার্তাত মুখ্যমন্ত্রী সোণোৱালে কয় যে জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্রয়াত মেধিয়ে ৰাজ্যৰ বিদ্যায়তনিক দিশলৈ যি অনবদ্য বৰঙণি আগবঢ়াই গ’ল, সেয়া ৰাজ্যবাসীয়ে স্মৰণ কৰিব৷ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য পদত কার্যনির্বাহ কৰি বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বাতাৱৰণ উন্নীতকৰণত বিশেষ বৰঙণি যোগাই গৈছে প্রয়াত ড০ মেধিয়ে৷ শিক্ষাবিদগৰাকীৰ মৃত্যুত আছু, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, বিশ্ববিদ্যালয় শিক্ষক গোটকে ধৰি বিভিন্ন দল–সংগঠন, অনুষ্ঠান–প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ উল্লেখ্য যে প্রয়াত মেধিৰ সৰু জীয়ৰী লণ্ডনৰ পৰা গুৱাহাটীৰ সুন্দৰপুৰৰ বাসভৱনলৈ অহাৰ পাছত ৬ ফেব্রুৱাৰীত ভূতনাথ শ্মশানত প্রয়াত মেধিৰ শেষকৃত্য সম্পন্ন কৰা হ’ব৷

You might also like