নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ প্রধান শিক্ষকৰ পদ সৃষ্টি, গ্রেড পে’ বৃদ্ধিৰ দাবী পূৰণ নকৰিলে শ্রেণীবর্জন–পাঠদান্ বন্ধৰে পূর্ণ অসহযোগ কৰাৰ হুংকাৰ দিছে প্রাথমিক শিক্ষকসকলে৷ আজি অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে এক বিবৃতিত এই হুংকাৰ দি কয় যে আংশিকভাৱে বিত্তীয় লেনদেন আৰু তথ্য আদান–প্রদান বিৰত থকাৰ পাছতো চৰকাৰে প্রাথমিক শিক্ষকসকলৰ দাবী গুৰুত্ব সহকাৰে লোৱা নাই৷ বিগত ১০ দিন ধৰি বিত্তীয় লেনদেন বন্ধ ৰখা প্রাথমিক শিক্ষকসকলৰ দাবীৰ প্রতি কোনো গুৰুত্ব নিদিলে ৰাজ্যৰ প্রাথমিক শিক্ষাত সৃষ্টি হ’ব পৰা অচলাৱস্থাৰ বাবে চৰকাৰেই দায়ী হ’ব বুলি উল্লেখ কৰিছে সন্মিলনীয়ে৷ বিবৃতিত সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে প্রকাশ কৰা অনুসৰি অহা ৭ ফেব্রুৱাৰীত তেওঁলোকৰ কর্ণধাৰ বৈঠক অনুষ্ঠিত হ’ব৷ চৰকাৰৰ পৰা ইয়াৰ পূর্বে উচিত সঁহাৰি লাভ নকৰিলে কর্ণধাৰ বৈঠকত সম্পূর্ণ অসহযোগৰ দৰে সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব বুলিও তেওঁ কয়৷ উল্লেখ্য যে প্রাথমিক শিক্ষকসকলক প্রদান কৰা বর্ধিত গ্রেড পে’ ৰাজ্য চৰকাৰে কর্তন কৰা কার্যৰ বিৰুদ্ধে দীর্ঘদিন ধৰি আন্দোলন কৰি আহিছে সন্মিলনীয়ে৷ বিভিন্ন সময়ত এই বিষয়টোক লৈ আলোচনা অনুষ্ঠিত হোৱাৰ লগতে গণতান্ত্রিকভাৱে তেওঁলোকে প্রতিবাদ সাব্যস্ত কৰিছে৷ তৎসত্ত্বেও এইক্ষেত্রত কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈ ৰাজ্য চৰকাৰে গ্রহণ কৰা নাই৷ যাৰ পৰিপ্রেক্ষিতত শেহতীয়াকৈ গুৱাহাটীৰ লখৰাস্থিত উদয়ন কৃষ্টি সংঘৰ খেলপথাৰত প্রাথমিক শিক্ষকসকলে মুখ্যমন্ত্রীৰ বাসভৱন ঘেৰাও কার্যসূচী ৰূপায়ণ কৰিছিল৷ এই কার্যসূচীত ৩০ সহস্রাধিক শিক্ষকে অংশগ্রহণ কৰিছিল৷ প্রতিবাদী কার্যসূচীৰ জৰিয়তে তেওঁলোকে শীঘ্রে প্রধান শিক্ষকৰ পদ সৃষ্টি আৰু গ্রেড পে’ প্রদান কৰিবলৈ চৰকাৰক সকীয়াই দিছে৷
চচলত দ্বিতীয় দিনাও প্রাথমিক টেট উত্তীর্ণৰ ধর্ণা
পর্যায়ক্রমে নিযুক্তি প্রদানৰ দাবীত আজি দ্বিতীয় দিনাও প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে সদৌ অসম প্রাথমিক টেট উত্তীর্ণ সমিতিয়ে৷ মহানগৰীৰ চচলস্থিত ধর্ণাস্থলীত নিযুক্তিৰ পৰা বঞ্চিত প্রাথমিক টেট উত্তীর্ণসকলে অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে৷ তেওঁলোকে পর্যায়ক্রমে হাইস্কুলৰ পাছত প্রাথমিক শিক্ষা সঞ্চালক আৰু সর্বশিক্ষাৰ অধীনৰ বিদ্যালয়সমূহত টেট উত্তীর্ণসকলক নিযুক্তি প্রদান কৰিবলৈ দাবী উত্থাপন কৰিছে৷ একে সময়তে নিযুক্তিৰ বাবে প্রকাশ কৰা প্রাথমিক শিক্ষা সঞ্চালকৰ চূড়ান্ত মেধাৰ তালিকা বিসংগতিপূর্ণ বুলিও তেওঁলোকে অভিযোগ উত্থাপন কৰিছে৷ সেয়েহে এনে বিসংগতিসমূহ দূৰ কৰি যোগ্য প্রার্থীক নিযুক্তি দিবলৈ টেট উত্তীর্ণ সমিতিয়ে দাবী উত্থাপন কৰিছিল৷
You might also like