নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রন্থ ৰচনাৰেও ৰোগ জয় কৰিব পাৰিঃ হোমেন বৰগোহাঞি

হাউলি মোহনপুৰত মটৰ নিউৰন ৰোগত আক্রান্ত জেচমিনৰ গ্রন্থ উন্মোচন

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ গ্রন্থ ৰচনাৰেও জটিল ৰোগ জয় কৰিব পাৰি৷ দশক পূর্বে জেচমিনক মই গ্রন্থ ৰচনাৰ পৰামর্শ দিছিলোঁ৷ আজি চতুর্থখন গ্রন্থ মুকলিৰ সময়তো ক’ম– জেচমিনৰ শৰীৰ অচল, কিন্তু মগজু তীক্ষ্ণ হৈ আছে৷ আৰু কেইবাখনো গ্রন্থ ৰচনা কৰিব৷ মাত্র শ্রুতলিপি লোৱা এজন সহায়কৰ দৰকাৰ৷’– বিশিষ্ট নিবন্ধকাৰ, ‘নিয়মীয়া বার্তা’ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিয়ে আজি দৰঙৰ হাউলি মোহনপুৰত জেচমিন আৰা আহমেদ নামৰ জটিল ৰোগত আক্রান্ত যুৱতীগৰাকীৰ অসাধ্য সাধন কৰি জীৱন জয়ৰ চতুর্থ ফচল ‘জেচমিনৰ ডায়েৰী’ মুকলি কৰি এই ভাষ্য আগবঢ়ায়৷ লক্ষণীয় যে হাউলি মোহনপুৰ গাঁৱৰ স্নাতক উত্তীর্ণ জেচমিন আৰা আহমেদ জীৱনৰ ২৪/২৫টা বসন্ত গৰকালৈ আছিল এখন বিদ্যালয়ৰ শিক্ষয়িত্রী৷ গান গাই–শুনি, ভালকৈ সাজপাৰ পিন্ধি চৌখিনভাৱে জীয়াই থাকিব বিচৰা যুৱতীগৰাকীৰ শৰীৰত লাহে লাহে নামি আহিল জটিল ৰোগ৷ গায়িকা দীপালী বৰঠাকুৰ, বিজ্ঞানী ষ্টিফেন হকিঙৰ দৰেই মটৰ নিউৰন ৰোগবিধত আক্রান্ত হয় সুন্দৰী জেচমিন৷ হাতৰ আঙুলিৰ পৰা বিয়পি ডিঙিলৈ হেঁচি ধৰে ৰোগবিধে৷ ক্রমে বিছনাতে খোৱা–বোৱা সকলো আনৰ সহায়ত কৰিব লগা হয়৷ কিন্তু শয্যাগত হ’লেও আহমেদৰ মনটোৰ অপূর্ব সৃষ্টিক শৰীৰে বাধা দিব নোৱাৰিলে৷ ২০০৬ চনৰ পৰা বিছনাত শুই শ্রুতলিপি দিয়েই ৪খন গ্রন্থ প্রকাশ কৰিলে৷ প্রথমতে ভনীয়েক নাজনীন আহমেদৰ যোগেৰে আৰু শেহতীয়াভাৱে ২খন গ্রন্থ ৰূপম হাজৰিকা নামৰ মাছকমৰ ছাত্রজনক শ্রুতলিপি দি লিখিছে জেচমিনে৷ আনকি আগন্তুক ডেৰ বছৰৰ ভিতৰত পঞ্চমখন গ্রন্থও লিখি উলিওৱাৰ প্রতিশ্রুতি দিলে৷

জেচমিনৰ হাউলি মোহনপুৰৰ বাসভৱনতে বৃহস্পতিবাৰে জেচমিনৰ জন্মদিন উপলক্ষে লেখক, সাংবাদিক হোমেন বৰগোহাঞি, গায়ক–চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰী, সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি ইদ্রিছ আলী, চিকিৎসক ডাঃ অমৰেন্দ্র নাৰায়ণ দেৱ, ‘কৰুণাধাৰা’ৰ ডাঃ ৰুবী কটকী, মঙলদৈৰ বিজেপি বিধায়ক গুৰুজ্যোতি দাসে ‘জেচমিনৰ ডায়েৰী’ নামৰ চতুর্থখন গ্রন্থ মুকলি কৰে৷ কার্যসূচীত অংশ লৈ লেখক হোমেন বৰগোহাঞিয়ে কয়– জেচমিনৰ ভনীয়েক নাজনীনৰ যোগেৰে তেওঁ ৰোগ জয়ৰ প্রথম পৰামর্শ দিছিল৷ লাহে লাহে জেচমিনে সেয়া পালন কৰি ৪খনকৈ গ্রন্থ ৰচনা কৰি দেখুৱালে৷ আগলৈ আৰু কেইবাখনো গ্রন্থ অসমৰ সাহিত্য জগতলৈ জেচমিনে উপহাৰ দিব৷ কোনো শুভাকাংক্ষী আগবাঢ়ি আহি শ্রুতলিপি লৈ সহায় কৰিব লাগে মাত্র৷ কাৰণ জেচমিনৰ মন–মগজু তীক্ষ্ণ হৈ আছে৷ আনহাতে, চিকিৎসক, গায়ক চৌধুৰীয়ে ৰসাল বত্তৃণতাৰে জীপাল কৰা পৰিৱেশত কয় যে জেচমিনে এনেদৰে গ্রন্থ ৰচনা কৰিব বুলি পোনতে ভবাই নাছিল৷ কিন্তু জেচমিনৰ মন–মগজু এতিয়াও তীক্ষ্ণ হৈ আছে আৰু সাহিত্য জগতক ভাল খবৰ দি যাব৷ তেওঁ গ্রন্থখন প্রকাশ কৰি দিয়া বাবে ৰিশিৰাজ বৰঠাকুৰৰ শলাগ লয়৷ কার্যসূচীত অংশ লৈ মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে জেচমিনলৈ উপহাৰৰ টোপোলা প্রদান কৰাৰ উপৰি পঞ্চমখন গ্রন্থ প্রকাশত সহায়ক হোৱাকৈ আগতীয়াকৈ নগদ ধন আগবঢ়ায়৷ কাকলি তালুকদাৰ আৰু গণেশ দত্তই আঁত ধৰা কার্যসূচীত জেচমিনৰ পৰিয়ালক ৰাজহুৱাভাৱে চিনাকি কৰোৱাই দি সমাজৰ বাবে অনুপ্রেৰণাৰ প্রতীক আখ্যা দিয়া হয়৷ কার্যসূচীত অভিনেত্রী মীৰা দত্ত চৌধুৰী, সমাজসেৱী নন্দিতা চহৰীয়া, ৰক্তদাতা শেখৰ মজুমদাৰ, সমাজসেৱী মানৱ দাস আদি বহুজনে মৰমৰ উপহাৰ আৰু জন্মদিনৰ শুভকামনাৰে ওপচাই দিয়ে জেচমিনক৷ জেচমিনে লিখা এক শুভেচ্ছাবাণী সভাত পঢ়ি শুনাই দিয়াৰ লগতে আজিৰে পৰা পঞ্চমখন গ্রন্থ ৰচনাত হাত দিব বুলি দৃঢ় মত ব্যক্ত কৰে৷

You might also like