পঞ্জাব নেচনেল বেংকত মেনেজাৰৰ ১০০ পদ খালী
দেশৰ এখন আগশাৰীৰ বিত্তীয় প্রতিষ্ঠান পঞ্জাব নেচনেল বেংকত(Punjab National Bank) খালী হৈছেManager-Securityৰ ১০০ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিHuman Resources Management DivisionৰGeneral Manager–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷
প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী আৰু ১ জানুৱাৰী, ২০২১লৈ বায়ুসেনা/নৌসেনা/সেনা বাহিনীৰ বিষয়া হিচাপে ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ বয়স ১ জানুৱাৰী, ২০২১লৈ ২১–৩৫ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ নিযুক্তিপ্রাপ্তই মাহে ৪৮,১৭০–১৭৪০/১–৪৯,৯১০–১৯৯০/১০–৬৯৮১০ টকা লাভ কৰিব৷
মুঠ পদ ১০০টাৰ ভিতৰত অসংৰক্ষিত ৪০টা, অ’বিচিৰ ২৭টা, এছচিৰ ১৫টা, এছটিৰ ৮টা আৰু আর্থিকভাবে দুর্বল শ্রেণীৰ প্রার্থীৰ বাবে ১০টা পদ সংৰক্ষিত থাকিব৷ আবেদন মাচুল হিচাপে ৫০০ টকা পঞ্জাব নেচনেল বেংকৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এছচি, এছটি আৰু মহিলা প্রার্থীয়ে আবেদন মাচুলৰ পৰিৱর্তে ডাক মাচুল হিচাপে ৫০ টকা পঞ্জাব নেচনেল বেংকৰ হকে পৰিশোধ কৰিব লাগিব৷
বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.pnbindia.in/Recruitment লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৫ ফেব্রুৱাৰী, ২০২১৷