নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিবাৰকৈ শিক্ষামন্ত্রীৰ দায়িত্ব লৈ ১.৯১ লাখ শিক্ষকৰ মুখত হাঁহি বিৰিঙাইছোঁ

নিযুক্তি সমাৰোহত আৱেগিক শিক্ষামন্ত্ৰী

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ বিগত পাঁচটা বছৰ আছিল অসমৰ শৈক্ষিক জীৱনৰ পৰিৱর্তনৰ সময়৷ শিক্ষক ছাত্র–ছাত্রীৰ দুৱাৰডলিলৈ লৈ যোৱাৰ এক সংকল্প৷ তেনে এক সংকল্পক বাস্তৱায়িত কৰিবলৈ পাই আমি সুখী৷ –এই মন্তব্য শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক–যুৱতীৰ মুখত হাঁহি বিৰিঙাই শুকুৰবাৰে ২৯,৭০১গৰাকী শিক্ষকক নিযুক্তি–পত্র প্রদান কৰি আৱেগিক হৈ পৰা মন্ত্রীগৰাকীয়ে কয়– যোৱা পাঁচটা বছৰত এটা এটাকৈ শৈক্ষিক জীৱনৰ অৰুণোদয় যাত্রা আৰম্ভ কৰিছোঁ৷ নতুন পৰিৱর্তনৰ প্রতিশ্রুতিৰে ২০১৬ চনত চৰকাৰ গঠনৰ পাছত শিক্ষা বিভাগৰ দায়িত্ব লৈ ৭১,৭৬৫ ব্যক্তিৰ জীৱনলৈ আমি হাঁহি আনিবলৈ সক্ষম হৈছোঁ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰখনে নিযুক্তিৰ ক্ষেত্রত আজি ইতিহাস ৰচনা কৰি প্রায় ৩০ হাজাৰ শিক্ষকক নিযুক্তি প্রদান কৰে৷ ইয়াৰ জৰিয়তে এই বছৰত ৫০ হাজাৰ যুৱক–যুৱতীৰ নিযুক্তি প্রদানৰ যি প্রতিশ্রুতি আছিল, সেই লক্ষ্য অতিক্রম কৰিবলৈ সক্ষম হৈছে৷ শিক্ষা বিভাগৰ এনে পৰিৱর্তনৰ যাত্রাৰ বিষয়ে উল্লেখ কৰি আজি শিক্ষামন্ত্রী ড০ শর্মাই কয়– শিক্ষক আৰু শিক্ষাৰ জীৱনলৈ আমি পৰিৱর্তন আনিম বুলি দিয়া প্রতিশ্রুতি অনুসৰি বিগত পাঁচ বছৰত ৭১,৭৫৬গৰাকী শিক্ষকক আমি নিযুক্তি প্রদান কৰিবলৈ সক্ষম হ’লোঁ৷ কিন্তু ব্যক্তিগতভাৱে মই আজি অধিক আনন্দিত৷ মই শিক্ষামন্ত্রীৰ দায়িত্ব ছেগাচোৰোকাকৈ তিনিবাৰ ল’লোঁ৷ এই সময়ছোৱাতে মোৰ চহীৰে ১ লাখ ৯১ হাজাৰ শিক্ষকক নিযুক্তি দিবলৈ সক্ষম হ’লোঁ৷ ১ লাখ ৯১ হাজাৰ শিক্ষকৰ জীৱনলৈ পৰিৱর্তন আনিলোঁ৷ যেতিয়া আমি দায়িত্ব লৈ শিক্ষকৰ জীৱনলৈ পৰিৱর্তন আনিম বুলি কৈছিলোঁ, সেই সময়ছোৱাতে এটা এটাকৈ শিক্ষকৰ সমস্যাসমূহ সমাধান কৰিলোঁ৷ আমাৰ মাজত হাইস্কুলৰ ঠিকাভিত্তিক পদত কাম কৰি থকা ৫,২৪৩গৰাকী শিক্ষক আছিল৷ এই সময়ছোৱাতে এইসকল শিক্ষকৰ দৰমহা নিয়মীয়া কৰা হ’ল৷

আজি ৰাজ্যখনৰ সর্বশিক্ষা অভিযানত কাম কৰি থকা প্রতিগৰাকী টেট শিক্ষকক নিয়মীয়া শিক্ষকৰ মর্যাদা দিবলৈ সক্ষম হ’লোঁ৷ ষ্টেটপুলত কাম কৰি থকা ১২,৪৮৮গৰাকী শিক্ষকক আমি নিয়মীয়া দৰমহা দিবলৈ সক্ষম হ’লোঁ৷ আনকি ক’ৰবাত গ্রেড পে’ আদিৰ সমস্যা আছিল যদিও আমি তাক সমাধান কৰিলোঁ৷ ২০১৬ চনত বর্তমানৰ চৰকাৰে দায়িত্ব লৈয়ে ১২,০৪২গৰাকী টেট শিক্ষকক নিযুক্তি দিলে৷ ২০১৭–১৮ বর্ষত সর্বশিক্ষা অভিযানৰ উদ্যোগত ৭,০১৬গৰাকীক নিয়মীয়া শিক্ষক ৰূপে নিযুক্তি দিয়া হ’ল৷ তদুপৰি ১২,৪৪৮গৰাকীক টেট শিক্ষক হিচাপে নিযুক্তি দিয়া হ’ল৷ শিক্ষকৰ লগতে ছাত্র–ছাত্রীৰ কল্যাণৰ বাবেও আমি কেইবাটাও কাম যোৱা পাঁচ বছৰত হাতত ল’বলৈ সক্ষম হৈছোঁ৷ আপোনালোকে চিন্তা কৰক একোজন ছাত্র–ছাত্রীয়ে মহাবিদ্যালয়ত নামভর্তিৰ বাবে ১২ হাজাৰ টকাকৈ মাচুল আদায় দিব লাগে৷ এনে ২ লাখ ছাত্র–ছাত্রীক প্রতিবছৰে আমি বিনামূলীয়া নামভর্তিৰ সুযোগ দিছোঁ৷ এই বছৰ চাৰি লাখ ছাত্র–ছাত্রীক মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভর্তিৰ সুযোগ দিয়া হৈছে৷ অর্থাৎ আজিৰ দিনটোত আমি ১২ লাখ ছাত্র–ছাত্রীৰ জীৱনলৈ পৰিৱর্তন কঢ়িয়াই আনিছোঁ৷ উচ্চ শিক্ষাক আমি ছাত্র–ছাত্রীৰ দুৱাৰডলিলৈ লৈ যাবলৈ সক্ষম হৈছোঁ৷ বিনামূলীয়া পাঠ্যপুথিৰে ৬৩ লাখ ছাত্র–ছাত্রীৰ জীৱন আমি স্পর্শ কৰিলোঁ৷ ৩.৫০ লাখ স্নাতক ছাত্র–ছাত্রীক কিতাপ কিনিবলৈ ১,৫০০ টকাকৈ দিয়া হৈছে৷ যাতে তেওঁলোকে পিতৃ–মাতৃৰ ওচৰত কিতাপ কিনিবলৈ হাত পাতিব নালাগে৷

স্কুটী, কম্পিউটাৰ, আনন্দৰাম বৰুৱা বঁটা, ড০ বাণীকান্ত কাকতি বঁটা, ভাষা গৌৰৱ আঁচনি আদিৰ জৰিয়তে আমি যোৱা পাঁচ বছৰত শৈক্ষিক জীৱনলৈ যুগান্তকাৰী পৰিৱর্তন আনিবলৈ সক্ষম হৈছোঁ৷ সাক্ষৰতাৰ হাৰত আমি ভাৰতৰ ভিতৰত দ্বিতীয় স্থানত৷ শিক্ষাক দৰিদ্র ছাত্র–ছাত্রীৰ দুৱাৰডলিলৈ লৈ যোৱাত আমি দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিলোঁ৷ চাওঁতে চাওঁতে এই বছৰত আমি ৬খন কলেজ স্থাপন কৰিছোঁ৷ ১৬খন কলেজত বিজ্ঞান শাখা স্থাপন কৰা হৈছে৷ এটা এটাকৈ আমি শৈক্ষিক জীৱনৰ অৰুণোদয় যাত্রা আৰম্ভ কৰিলোঁ৷ যোৱা পাঁচটা বছৰ আছিল অসমত শৈক্ষিক পৰিৱর্তনৰ যাত্রা৷ মোৰ সৌভাগ্য যে অসমৰ এই শৈক্ষিক পৰিৱর্তন যাত্রাৰ সাক্ষী হ’ব পাৰিলোঁ৷ মই অনুভৱ কৰোঁ– পৰমাত্মাই দিয়া প্রতিটো সময়, প্রতিটো মিনিট, প্রতিটো পল অসমৰ জনজীৱনৰ বাবে আমি সমর্পণ কৰি দিছোঁ৷ ধুবুৰীৰ পৰা তিনিচুকীয়ালৈ, লখিমপুৰৰ পৰা গোৱালপাৰালৈ স্থাপন হোৱা অভিযান্ত্রিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়ে আজি অসমৰ বিজয়ৰ ধ্বজা ভাৰতৰ বুকুত উৰুৱাবলৈ সক্ষম হৈছে৷ এই জননী জন্মভূমিৰ সেৱাই আমাৰ সর্বোচ্চ সেৱা৷ নলিনীৱালা দেৱীয়ে কৈছিল– ‘তোমাৰেই ধূলি–বালি, তোমাৰ আকাশ–বায়ু, আই মোৰ সৰগত বাস, তুমি মোৰ মৰতৰ পুণ্য মুকুতিৰ ভূমি, তুমি মোৰ তীর্থৰ প্রভাস৷’ –এই মন্ত্রৰে দীক্ষিত হৈ আমি যোৱা ৫টা বছৰত ৰাইজক সেৱা কৰাৰ প্রচেষ্টা কৰিছোঁ৷ এই অসম মাতৃ, মোৰ জননী জন্মভূমি বিশ্বৰ বুকুত সর্বশ্রেষ্ঠ হওক৷ ভাৰতৰ বুকুত গৌৰৱেৰে উজলি থাকক, সেই মন্ত্রৰে দীক্ষিত হৈ আমি ৰাইজৰ সেৱা কৰাৰ বাবে প্রচেষ্টা কৰিছোঁ৷ মই ভাবোঁ অসমৰ ৰাইজৰ ওচৰত আমি যোৱা পাঁচটা বছৰত যি বিনম্রতাৰে সেৱা আগবঢ়াইছোঁ, ক’ৰবাত ক’ৰবাত যদি কাৰোবাৰ জীৱনলৈ হাঁহি কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ, সেয়াই আমাৰ জীৱনৰ ডাঙৰ আশীর্বাদ৷

You might also like