নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদৰ চলিত অধিৱেশনতে ৬ নম্বৰ দফাৰ প্রতিবেদন গৃহীত কৰাৰ দাবী জনজাতীয় সাহিত্য সভাৰ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ সংসদৰ চলিত অধিৱেশনতে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়া উচ্চ পর্যায়ৰ কমিটীৰ প্রতিবেদন গৃহীত কৰিবলৈ দাবী উত্থাপন কৰিছে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাই৷

দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত সাহিত্য সভাৰ সম্পাদকপ্রধান কমলাকান্ত মুছাহাৰীয়ে কয় যে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে গঠন কৰা অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ কমিটীয়ে দাখিল কৰা প্রতিবেদন গৃহীত কৰিব লাগে, যাতে প্রতিবেদনৰ ভিত্তিত ৬ নম্বৰ দফা শীঘ্রে কার্যকৰী কৰি খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব সুৰক্ষিত কৰিব পৰা যায়৷ একে সময়তে ৬ নম্বৰ দফাৰ দৰেই চুক্তিখনৰ ১০ নম্বৰ দফা ৰূপায়ণৰ বাবেও উচ্চ পর্যায়ৰ কমিটী গঠন কৰিবলৈ আহ্বান জনাই মুছাহাৰীয়ে কয়–‘অসমৰ ভূমি আৰু ৰাজহ আইনৰ ওপৰত হৰিশংকৰ ব্রহ্ম কমিটীয়ে ইতিমধ্যে প্রতিবেদন দাখিল কৰিছে৷ এই প্রতিবেদন শীঘ্রে কার্যকৰী কৰিব লাগে৷ জনজাতীয় খণ্ড আৰু আবেষ্টনীৰ ভূমি সাংবিধানিকভাৱে অবৈধ দখলকাৰীৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ৷ তদুপৰি ৰাজ্য চৰকাৰৰ সৈতে হোৱা আলোচনা মর্মে চপাইডাঙত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ নামত ৩০ বিঘা ভূমি শীঘ্রে আবণ্টন দিব লাগে৷ নির্বাচনৰ পূর্বে এই ভূমি আবণ্টনৰ কাম সম্পূর্ণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ৷

ইফালে, নতুন ৰাষ্ট্রীয় শিক্ষানীতি সন্দর্ভত তেওঁ কয় যে প্রতিটো জনজাতীয় ভাষাক প্রাথমিক আৰু উচ্চ প্রাথমিক পর্যায়ত শিক্ষাৰ মাধ্যম হিচাপে প্রৱর্তন কৰিবলৈ অধিসূচনা জাৰি কৰিব লাগে৷ অসম চৰকাৰে উচ্চ প্রাথমিক পর্যায়ৰ বাবে গ্রহণ কৰা চতুর্থ ভাষা নীতি আগন্তুক শিক্ষাবর্ষৰ পৰাই কার্যকৰী কৰক৷

You might also like