৭ লাখ ৪৬ হাজাৰ চাহ শ্ৰমিকৰ একাউণ্টত আজি সোমাব ৩ হাজাৰকৈ টকা
নিয়মীয়া বাৰ্তা,৬ ফেব্ৰুৱাৰী: আজি খানাপাৰাত চাহ শ্ৰমিকসকলৰ বাবে মুকলি কৰা হয় এক অভিলাষী আঁচনি। এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। গুৱাহাটীৰ খানাপাৰাত বিত্তমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰে ৮ লাখ চাহ বনুৱাৰ একাউণ্টত আঁচনি মতে প্ৰদান কৰিবলগীয়া ৩০০০ টকা আজি প্ৰদান কৰিব।
উল্লেখ্য, বিমুদ্ৰাকৰণৰ পিছতে চাহ বনুৱাক সকাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকৰ নামত একাউণ্ট খুলি দিয়া হৈছিল আৰু সেই একাউণ্টৰ বিপৰীতে ২৫০০কৈ টকা চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছিল।
এতিয়া এই একাউণ্টৰ সংখ্যা ৮ লাখলৈ বৃদ্ধি কৰি এইবছৰো ৩০০০ টকাকৈ প্ৰদান কৰা হ’ব।