নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপ সাৰ কাৰখানালৈ ১০০ কোটি টকাৰ আর্থিক অনুদান

‘আত্মনির্ভৰশীল ভাৰত’ গঢ়াৰ লক্ষ্য মোদী চৰকাৰৰ

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ নামৰূপস্থিত ব্রহ্মপুত্র উপত্যকা সাৰ কাৰখানাৰ ইউৰিয়া উৎপাদন গোটসমূহ কার্যক্ষম কৰি ৰখাৰ বাবে কেন্দ্রীয় সাৰ দপ্তৰে আগবঢ়োৱা ১০০ কোটি টকাৰ অনুদানৰ প্রস্তাৱত বুধবাৰে অনুমোদন জনাইছে কেন্দ্রীয় চৰকাৰৰ অর্থনৈতিক পৰিক্রমা বিষয়ক কেবিনেট কমিটীয়ে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্রমা বিষয়ক কেবিনেট কমিটীয়ে অনুমোদন জনোৱা এই অনুদানৰ ফলত নামৰূপ সাৰ কাৰখানাৰ ইউৰিয়া উৎপাদন ক্ষমতা বছৰি ৩.৯০ লাখ মেট্রিকটনলৈ পুনৰুদ্ধাৰ কৰাটো সম্ভৱ হৈ উঠিব৷ বৈঠকৰ অন্তত জাৰি কৰা এক প্রেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি ‘আত্মনির্ভৰ ভাৰত’ গঢ়াৰ লক্ষ্যৰে অর্থনৈতিক পৰিক্রমা বিষয়ক কেবিনেট কমিটীয়ে নামৰূপ সাৰ কাৰখানাৰ বাবে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ নামৰূপ সাৰ কাৰখানাৰ যন্ত্রপাতি মেৰামতি তথা উন্নীতকৰণৰ বাবে অর্থনৈতিক বিষয়ক কেবিনেট কমিটীয়ে উক্ত পৰিমাণৰ পুঁজিত অনুমোদন জনাইছে৷ কোৱা হৈছে যে কাৰখানাটোৰ দ্বিতীয় আৰু তৃতীয় গোটটো উন্নীতকৰণ কৰি বছৰি উৎপাদন কৰিবলগীয়া ৩.৯ লাখ মেট্রিকটন সাৰে অসমকে ধৰি সমগ্র উত্তৰ–পূর্বাঞ্চলৰ কৃষিকর্মৰ লগতে চাহ উদ্যোগতো অৰিহণা যোগাব৷ তদুপৰি ১০০ কোটি টকাৰ অনুদানেৰে সাৰ কাৰখানাটোত কর্মৰত ৫৮০জন স্থায়ী আৰু ১,৫০০জন অস্থায়ী কর্মচাৰীৰ চাকৰিও বাহাল থাকিব৷

কেন্দ্রীয় সাৰ দপ্তৰে জাৰি কৰা প্রেছ বিজ্ঞপ্তিটোত এয়াও দাবী কৰা হৈছে যে আজি অনুমোদন জনোৱা ধনৰাশিৰে কাৰখানাটোৰ সৈতে পৰোক্ষভাৱে জড়িত ২৮,০০০ লোকেও বিভিন্ন ধৰণে উপকৃত হ’ব৷ উল্লেখ্য যে নামৰূপ সাৰ কাৰখানাৰ চতুর্থটো গোট স্থাপনৰ বাবে অলপতে ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ সৈতে কেন্দ্রীয় সাৰমন্ত্রী সদানন্দ গৌড়াই নতুন দিল্লীত এখন বৈঠকত মিলিত হৈছিল৷ ইফালে অর্থনৈতিক পৰিক্রমা বিষয়ক কেবিনেট কমিটীৰ আজি এক বিবৃতিযোগে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্রমা বিষয়ক কেবিনেট কমিটীয়ে নামৰূপস্থিত ব্রহ্মপুত্র উপত্যকা সাৰ কাৰখানাৰ বাবে অনুমোদন জনোৱা ১০০ কোটিৰ অনুদানে ৰাজ্যৰ ঔদ্যোগিক বিকাশত বিশেষ গতি প্রদান কৰিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীক এই সিদ্ধান্তৰ বাবে বিশেষভাৱে ধন্যবাদ জনাই মুখ্যমন্ত্রী সোণোৱালে কয় যে এই সিদ্ধান্তই আত্মনির্ভৰ ভাৰত গঢ়াৰ লক্ষ্য প্রাপ্তিৰ দিশতো ইতিবাচক প্রভাৱ পেলাব৷
উৎফুল্লিত নামৰূপবাসী
১৯৭৬ চনতে স্থাপন হোৱা তথা বর্তমান আয়ুসকাল উকলি যোৱা নামৰূপ সাৰ কাৰখানাৰ বাবে আজি কেন্দ্রই ১০০ কোটি টকা অনুমোদন দিয়া খবৰে নামৰূপবাসীক উৎফুল্লিত কৰি তুলিছে৷ উল্লেখ্য যে বছৰৰ অধিক দিন কাৰিকৰীভাৱে বিসংগতি ঘটি উৎপাদন ব্যাহত হৈ থকা দুই নং গোটটো ২০১৯ চনৰ মে’ মাহত এমনিয়া প্লাণ্টত হঠাৎ এক ভয়ানক বিস্ফোৰণ ঘটি বন্ধ হৈ যায়৷ আজিকোপতি বিকল হৈ থকা গোটটোৰ মেৰামতিৰ বাবে আজি অর্থনৈতিক পৰিক্রমা বিষয়ৰ কেবিনেট কমিটীয়ে ১০০ কোটি টকা অনুমোদন দিয়ে৷ স্মর্তব্য যে ১৯৯৮ চনৰ ২ নৱেম্বৰত ইয়াৰ পুনৰুজ্জীৱিতকৰণৰ্ কাম আৰম্ভ হৈ প্রায় ২০০৫ চনত সম্পূর্ণ হয় যদিও ইউৰিয়া উৎপাদন নির্ধাৰিত পৰিমাণতকৈ হ্রাস পায়৷ ইয়াৰ পাছৰ পর্যায়ত প্রায় ২০১৪ চনতে উক্ত গোটটো পুনৰুজ্জীৱিতকৰণৰ্ বাবে প্রজেক্ট এণ্ড ডেভেলপমেণ্ট ইণ্ডিয়া লিমিটেডে দিয়া প্রস্তাৱমর্মে সাৰ কাৰখানা কর্তৃপক্ষক শ্রমিক ইউনিয়নে ১০০ কোটি টকা প্রদানৰ দাবী জনাই আছিল৷

২০১৮ চনৰ ৮ ফেব্রুৱাৰীত উদ্যোগটোৰ শ্রমিক ইউনিয়ন দিল্লীত উপস্থিত হৈ এই প্রস্তাৱ গৃহীত কৰাৰ দাবীৰে ৰসায়ন আৰু সাৰ দপ্তৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰাও ইন্দ্রজিৎ সিঙক স্মাৰক–পত্র দিছিল৷ সেই সময়তে কেন্দ্রীয় ৰাজ্যিক মন্ত্রী সিঙে গুৱাহাটীলৈ আহি নামৰূপ সাৰ কাৰখানালৈ ১০০ কোটি টকা অনুদান দিয়াৰ ঘোষণা কৰিছিল যদিও কার্যতঃ বিষয়টো আগবঢ়া নাছিল৷ অৱশেষত নামৰূপ সাৰ কাৰখানাৰ পুনৰুজ্জীৱিতকৰণৰ্ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰি অসমৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিগত বর্ষৰ তিনি মার্চত পুৰণি গোটটো মেৰামতিৰ বাবে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ লগত হোৱা আলোচনাৰ অন্তত ১০০ কোটি আবণ্টন দিয়া খবৰ টুইটযোগে প্রচাৰ কৰিছিল৷ সম্প্রতি আজি কেবিনেটে প্রস্তাৱত অনুমোদন জনোৱাৰ বিষয়ে সাৰ কাৰখানাটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অসীম কুমাৰ ঘোষে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ কেন্দ্রীয় চৰকাৰৰ এই পদক্ষেপৰ বাবে নামৰূপবাসীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে৷

You might also like