নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ গ্রেড পে’ বৃদ্ধি আৰু প্রধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীৰে আজিৰে পৰা তিনিদিনীয়া শ্রেণীবর্জন কার্যসূচী ৰূপায়ণ কৰিব ৰাজ্যৰ প্রাথমিক শিক্ষকসকলে৷ বাৰম্বাৰ আশ্বাস দিয়াৰ পাছতো এই দুয়োটা দাবী চৰকাৰে পূৰণ নকৰাত ক্ষুণ্ণ হৈ পৰা শিক্ষকসকলে এই কার্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ এক বিবৃতিত এই কথা সদৰী কৰে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্রাপ্ত সভাপতি আনোৱাৰ হুছেইন আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে৷
এই কার্যসূচীৰ ফলত ৰাজ্যৰ ৩৬ হাজাৰ বিদ্যালয়ত অধ্যয়নৰত ৩৮ লাখ শিক্ষার্থী ক্ষতিগ্রস্ত হোৱাৰ বাবে ৰাজ্য চৰকাৰেই দায়ী বুলি উল্লেখ কৰি ৰাতুল চন্দ্র গোস্বামীয়ে কয়– ‘প্রধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে ১৯৮২ চনৰ পৰা ৩৭বাৰ ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰা হৈছে৷ ২০১৭ চনত স্নাতক শিক্ষকৰ গ্রেড পে’ বৃদ্ধি কৰি পুনৰ কর্তন কৰাৰ বিষয়ক লৈ সাতবাৰ আলোচনা কৰা হৈছে৷ তৎসত্ত্বেও এইক্ষেত্রত চৰকাৰে কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ ইয়াৰ প্রতিবাদত বিগত ২০ দিন ধৰি প্রাথমিক শিক্ষকসকলে বিত্তীয় লেনদেন আৰু তথ্যপাতিৰ আদান–প্রদান সম্পূর্ণৰূপে বন্ধ ৰাখিছে৷ ইয়াৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷’
উল্লেখ্য যে কিছুদিন পূর্বে চল্লিশ সহস্রাধিক শিক্ষকৰ উপস্থিতিৰে সন্মিলনীৰ উদ্যোগত মুখ্যমন্ত্রীৰ বাসগৃহ ঘেৰাও কার্যসূচী ৰূপায়ণ কৰা হৈছে৷ সেই সভাৰ পৰাই চৰকাৰক শীঘ্রে দুয়োটা দাবী পূৰণ কৰিবলৈ আহ্বান জনাইছিল প্রাথমিক শিক্ষকসকলে৷ ইফালে তিনিদিনীয়া পূর্ণ অসহযোগেও চৰকাৰৰ গা নলৰালে ২০ ফেব্রুৱাৰীত সকলো জিলা প্রাথমিক শিক্ষা বিষয়া কার্যালয় ঘেৰাও কৰা হ’ব বুলি প্রকাশ কৰিছে প্রাথমিক শিক্ষক সন্মিলনীয়ে৷