নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ বিৰোধী দলপতিৰ মর্যাদা কর্তন কৰি জাৰি কৰা নির্দেশনাক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা গোচৰত মুখথেকেচা খালে বিধায়ক দেৱব্রত শইকীয়াই৷ অসম বিধানসভাৰ অধ্যক্ষই জাৰি কৰা নির্দেশনাক প্রত্যাহ্বান জনাই শইকীয়াই দাখিল কৰা আবেদন বুধবাৰে খাৰিজ কৰিছে ন্যায়াধীশ অচিন্ত্য মল্ল বুজৰবৰুৱাৰ বিচাৰপীঠে৷ ইয়াৰ লগে লগে বিধানসভাত বিৰোধী দলপতিৰ মর্যাদা হেৰুৱাই পেলালে শইকীয়াই৷ উল্লেখ্য যে শেহতীয়াকৈ অজন্তা নেওগ আৰু ৰাজদীপ গোৱালাই কংগ্রেছ এৰি বিজেপিত যোগদান কৰাৰ পিছত বিধায়ক পদো ত্যাগ কৰিছিল৷ যাৰ ফলত বিধানসভাৰ মজিয়াত হ্রাস পাইছিল কংগ্রেছৰ বিধায়কৰ সংখ্যা৷
আনকি বিৰোধী দলপতিৰ মর্যাদা লাভৰ বাবে প্রয়োজনীয় সংখ্যা বিধানসভাৰ মজিয়াত হ্রাস পাইছিল কংগ্রেছ দলৰ৷ যাৰ পৰিপ্রেক্ষিতত যোৱা এক জানুৱাৰীত এক নির্দেশনাযোগে বিধানসভা সচিবালয়ে দেৱব্রত শইকীয়াৰ বিৰোধী দলপতিৰ মর্যাদা কর্তন কৰা হৈছে বুলি এক নির্দেশনা জাৰি কৰে৷ ইয়াৰ লগে লগে বিধানসভা সচিবালয়ৰ নির্দেশনাক প্রত্যাহ্বান জনাই দেৱব্রত শইকীয়াই ১৮২/২০২১ নম্বৰৰ লেখ আবেদন দাখিল কৰিছিল৷ প্রাথমিকভাৱে এই আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে বিৰোধী দলপতিৰ মর্যাদা কর্তনত স্থগিতাদেশ প্রদান কৰিছিল৷ কিন্তু বিগত এসপ্তাহ ধৰি হোৱা শুনানিৰ অন্তত ন্যায়ালয়ে বিধানসভা সচিবালয়ৰ নির্দেশনা বাহাল ৰাখে৷