নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ বছৰে শিক্ষকতা কৰিও পদ প্রাদেশিকীকৰণ নহ’ল সংস্কৃত শিক্ষকৰ

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ ১৫–২০ বছৰ ধৰি শিক্ষকতা কৰাৰ পিছতো পদ প্রাদেশিকীকৰণৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ দুই শতাধিক সংস্কৃত শিক্ষক৷ আইনী মেৰপেঁচৰ বাবে হাইস্কুলত কর্মৰত শিক্ষকসকল বঞ্চিত হৈছে চাকৰি নিয়মীয়াকৰণৰ পৰা৷ –এই অভিযোগ ৰাজ্যৰ সংস্কৃত শিক্ষক সমাজৰ৷ আজি দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত সংস্কৃত শিক্ষক সমাজৰ হৈ প্রদীপ শর্মাই কয়– ‘বিগত ১৫–২০ বছৰ ধৰি আমি বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰি আহিছোঁ৷ কিন্তু নতুনকৈ বলৱৎ কৰা প্রাদেশিকীকৰণ আইনৰ মেৰপেঁচৰ বাবে আমি চাকৰি নিয়মীয়াকৰণৰ পৰা বঞ্চিত হ’ব লগা হ’ল৷ ইয়াৰ পূর্বে চৰকাৰীভাৱে শিক্ষকৰ পদ প্রাদেশিকীকৰণৰ সময়তো আমি বঞ্চিত হৈছিলোঁ৷ সেয়েহে ২৫জন শিক্ষার্থী থকা হাইস্কুলসমূহত সংস্কৃত বিষয়ত ১০জন শিক্ষার্থী থাকিব লাগিব বুলি উল্লেখ কৰা নিয়ম প্রত্যাহাৰ কৰি সংস্কৃত শিক্ষকসকলক চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰক৷’

সংস্কৃত শিক্ষকসকলে কেইবাবাৰো চৰকাৰৰ পৰা আর্থিক সাহায্য লাভ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে কি যুক্তিত তেওঁলোকক নিযুক্তিৰ পৰা বঞ্চিত কৰা হৈছে, সেয়া তেওঁলোকৰ বোধগম্য হোৱা নাই৷ সেয়েহে মানৱীয়তাৰ দৃষ্টিভংগীৰে সংস্কৃত শিক্ষকসকলৰ বিষয়টো বিবেচনা কৰি শীঘ্রে পদ প্রাদেশিকীকৰণ কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে৷ বছৰ বছৰ ধৰি শিক্ষকতা কৰাৰ পিছতো নিযুক্তিৰ পৰা বঞ্চিত হৈ একাংশ শিক্ষকে বিনাবেতনে অৱসৰ ল’বলগীয়া হৈছে বুলি তেওঁ উল্লেখ কৰি কয় যে তেওঁলোকে শিক্ষক হিচাপে কর্তব্যত যোগদানৰ সময়ত আইনৰ বিশেষ বাধা নাছিল৷ সেয়েহে সেই সময়ৰ নিয়ম অনুসৰি সংস্কৃত শিক্ষকসকলৰ পদ প্রাদেশিকীকৰণৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে৷ আনকি নতুন শিক্ষানীতিতো সংস্কৃত শিক্ষা বাধ্যতামূলক কৰা হৈছে৷

You might also like