নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিটিং–গেটিং নহয়, জয়ৰ সম্ভাৱনা থকাসকলেহে পাব প্রার্থিত্ব

বিধানসভা নির্বাচনৰ আসন বুজাবুজিক লৈ পুনৰ সুৰ সলনি প্রদেশ কংগ্রেছৰ সভাপতি বৰাৰ

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ মহাজোঁটৰ অংশীদাৰ দল, বিশেষকৈ এ আই ইউ ডি এফৰে আসন বুজাবুজিক লৈ পুনৰ সুৰ সলনি হ’ল ৰিপুণ বৰাৰ৷ পূর্বতে সভাপতি বৰাই ছিটিং–গেটিং ফর্মুলাৰে আসন বুজাবুজি কৰিব বুলি প্রকাশ কৰি আহিছিল৷ কিন্তু আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ আগত সভাপতি বৰাই পূর্বৰ স্থিতি সলনি কৰি কয়– এইবাৰ যিসকলৰ জয়ৰ সম্ভাৱনা অধিক হ’ব, প্রার্থিত্ব প্রদানৰ ক্ষেত্রত তেওঁলোককহে অগ্রাধিকাৰ দিয়া হ’ব৷ উল্লেখ্য যে মহাজোঁট গঠনৰ পূর্বৰে পৰা এ আই ইউ ডি এফৰ সৈতে আসন বুজাবুজিক লৈ যথেষ্ট জটিলতা সৃষ্টি হৈ আহিছে৷ মহাজোঁট গঠনৰ পাছত সেই জটিলতা অধিক বৃদ্ধি পাইছে৷ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে বর্তমান কংগ্রেছৰ দখলত থকা সৰুক্ষেত্রী, দলগাঁও, লাহৰীঘাট, মানকাচৰ আদি সমষ্টি বিচৰাৰ লগতে বটদ্রৱাৰ দৰে কংগ্রেছৰ বাবে সম্ভাৱনাময় বহু সমষ্টিত সাংগঠনিক কাম–কাজ তীব্রতৰ কৰি সংশ্লিষ্ট সমষ্টিসমূহত তেওঁলোকৰ প্রার্থীৰ নামো ঘোষণা কৰিছে৷ আজমলৰ এনে তৎপৰতাৰ বিপৰীতে যথেষ্ট নৰম স্থিতি গ্রহণ কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি বৰাই৷ সভাপতি বৰাৰ মতে, মহাজোঁটৰ অংশীদাৰ দলে কংগ্রেছৰ দখলত থকা সমষ্টি বিচাৰিব পাৰে৷ বিচৰাত বাধা দিব নোৱাৰে৷ প্রতিটো ৰাজনৈতিক দলে প্রচাৰকার্য চলাব পাৰে৷ কিন্তু নির্বাচনত জয়ৰ সম্ভাৱনীয়তা যাৰ বেছি থাকিব, প্রার্থিত্ব প্রদানত তেওঁকেই অগ্রাধিকাৰ দিয়া হ’ব৷ আনহাতে, কালি অনুষ্ঠিত মহাজোঁটৰ বৈঠকত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ অনুপস্থিতিৰ প্রসংগত বৰাই কয় যে আজমল থাকিব লাগিব বুলি কোনো কথা নাই৷ আজমলে তেওঁৰ দলৰ প্রতিনিধি বৈঠকলৈ পঠিয়াইছে৷ সেইদৰে বটদ্রৱাত শংকৰদেৱ জিন্দাবাদ ধ্বনি দিয়াৰ প্রসংগত আজমলক ক্লীনশ্বীট দি সভাপতি বৰাই কয় যে জিন্দাবাদ মানে হৈছে জয় বিচৰা৷ যদিও আজমলে তেনেদৰে ক’ব নালাগিছিল, তথাপি আজমলৰ ইনটেনচন বেয়া নাছিল৷

ইপিনে এ আই ইউ ডি এফৰে আসন বুজাবুজিৰ ক্ষেত্রত ৰিপুণ বৰাৰ বিপৰীত মেৰুত অৱস্থান লৈ লাহৰীঘাটৰ কংগ্রেছ বিধায়ক ডাঃ নজৰুল ইছলামে কয় যে ১৯৬৭ চনৰ পৰা লাহৰীঘাট সমষ্টিটো কংগ্রেছৰ দখলত আছে৷ একেৰাহে তেওঁ ৫টা কার্যকাল লাহৰীঘাটৰ পৰা নির্বাচিত হৈছে৷ এনে অৱস্থাত লাহৰীঘাট এৰি দিয়াৰ প্রশ্ণই নুঠে৷ এ আই ইউ ডি এফৰ মুৰব্বী আজমলে বয়সৰ দোহাই দি তেওঁৰ প্রার্থিত্বৰ বিৰোধিতা কৰাৰ প্রত্যুত্তৰ দি ডাঃ ইছলামে কয় যে ৭৮ বছৰ বয়সত জ’ বাইডেন আমেৰিকাৰ ৰাষ্ট্রপতি হৈছে৷ এনে অৱস্থাত ৭১ বছৰ বয়সত তেওঁ কিয় বিধায়ক হ’ব নোৱাৰে? ৭১ বছৰ বয়সত মানুহ বুঢ়া হয় নেকি বুলি প্রশ্ণ কৰি তেওঁ কয় যে আজিকালি ৮০ বছৰ বয়সতহে মানুহ বুঢ়া হয়৷ ইপিনে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আসন্ন বিধানসভা নির্বাচনত গহপুৰ সমষ্টিৰ পৰা প্রার্থিত্ব বিচাৰি আজি আবেদন দাখিল কৰে৷ এতিয়ালৈ ৰাজ্যখনত ৫০০ৰো অধিক কংগ্রেছীয়ে বিভিন্ন সমষ্টিৰ পৰা প্রার্থিত্ব বিচাৰি আবেদন কৰিছে৷ প্রার্থিত্বপ্রত্যাশীৰ ভিৰৰ পৰিপ্রেক্ষিতত আবেদনৰ দিন অহা ১৭ ফেব্রুৱাৰীলৈ বৃদ্ধি কৰা হৈছে বুলি সভাপতি বৰাই জানিবলৈ দিয়ে৷ আনহাতে, আজি ৰাজীৱ ভৱনত অনুষ্ঠিত এক যোগদান কার্যসূচীত আম আদমী পার্টীৰ সাধাৰণ সম্পাদক বনদীপ দত্ত আৰু দৰং জিলা বিজেপিৰ পিংকুমণি দাসে শতাধিক সদস্যসহ আনুষ্ঠানিকভাৱে কংগ্রেছ দলত যোগদান কৰে৷

ইফালে আসন্ন বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি প্রদেশ কংগ্রেছে ‘অসম বচাওঁ আহক’ শীর্ষক এক বাছযাত্রা অভিযান আৰম্ভ কৰিব৷ অহা ১২ ফেব্রুৱাৰীত প্রদেশ কংগ্রেছৰ নির্বাচনী প্রচাৰ কমিটীৰ অধ্যক্ষ প্রদ্যুৎ বৰদলৈয়ে শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান তথা নগাঁও জিলাৰ বটদ্রৱা বিধানসভা সমষ্টিৰ অন্তর্গত বৰদোৱা সত্রৰ পৰা সেই বাছযাত্রাৰ শুভাৰম্ভ কৰিব৷ নগাঁৱৰ পৰা সেই বাছযাত্রা শিৱসাগৰ চহৰত উপস্থিত হ’ব৷ সেইদৰে ১২ ফেব্রুৱাৰীৰ দিনাই বিয়লি তিনি বজাত কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই আন এক বাছযাত্রা আৰম্ভ কৰিব৷ শিৱসাগৰ চহৰত থকা পিয়লি ফুকনৰ স্মাৰকত শ্রদ্ধা তর্পণ কৰি তেওঁ সেই যাত্রা আৰম্ভ কৰিব৷ সেইদৰে অহা ১৩ ফেব্রুৱাৰীৰ দুপৰীয়া ১২ বজাত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে গুৱাহাটীৰ পৰা আন এক বাছযাত্রা আৰম্ভ কৰিব৷ গুৱাহাটীৰ ব্রহ্মপুত্রৰ পাৰত থকা লাচিত বৰফুকনৰ স্মাৰকত পুষ্পার্ঘ্য তর্পণ কৰি তেওঁ সেই যাত্রা আৰম্ভ কৰিব৷ একেদৰে নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেৱে গৃহ চহৰ শিলচৰৰ পৰা বৰাক উপত্যকা আৰু পার্বত্য জিলা সামৰি বাছযাত্রা কৰিব৷ এই বাছযাত্রাৰ জৰিয়তে তেওঁলোকে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ ভোটাৰ ৰাইজক লগ কৰাৰ লগতে তেওঁলোকৰ ওজৰ–আপত্তি তথা সমস্যাৰ বুজ লোৱাৰ উপৰি ৰাইজৰ সৈতে মত বিনিময় কৰিব৷ আজি এখন সংবাদ মেলত কংগ্রেছৰ এই কার্যসূচীৰ বিষয়ে সদৰী কৰি নির্বাচনী প্রচাৰ কমিটীৰ অধ্যক্ষ প্রদ্যুৎ বৰদলৈয়ে কয় যে আজি অসম গভীৰ সংকটৰ সন্মুখীন হৈছে৷ ৰাজ্যখনৰ শান্তি আৰু সমৃদ্ধি দুয়োটাই আজি বিজেপিৰ পৰা অহা ভাবুকিৰ সন্মুখীন হৈছে৷

You might also like