নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক টেট–২০২০ৰ ফলাফল বুধবাৰে ঘোষণা কৰা হৈছে৷ যোৱা ১০ জানুৱাৰীত অনুষ্ঠিত টেটৰ ফলাফলসমূহ প্রার্থীসকলে ছেবাৰ ৱেবছাইটwww.sebaonline.orgযোগে লাভ কৰিব৷ ৰাজ্যৰ উচ্চতৰ মাধ্যমিক পর্যায়ৰ শিক্ষানুষ্ঠানত স্নাতকোত্তৰ শিক্ষক পদৰ বাবে ছেবাই এই টেট অনুষ্ঠিত কৰিছিল৷ ছেবাৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি এইবাৰ মুঠ ২১,১৫৬জন পৰীক্ষার্থী টেটত অৱতীর্ণ হৈছিল৷ ইয়াৰে ১৪,১৮৫গৰাকী মহিলা হোৱাৰ বিপৰীতে ৬,৯৭১জন আছিল পুৰুষ৷ সামগ্রিকভাৱে উত্তীর্ণ হৈছে ১,৯৩৮জন পৰীক্ষার্থী৷ উত্তীর্ণৰ হাৰ হ’ল ৯.১৬ শতাংশ৷ উত্তীর্ণসকলৰ ভিতৰত ১,০৩৫গৰাকী মহিলা হোৱাৰ বিপৰীতে ৯০৩গৰাকী পুৰুষ৷ কলা শাখাত ৮.৫ শতাংশ হাৰেৰে ১,৩৯২জন পৰীক্ষার্থী উত্তীর্ণ হৈছে৷ সেইদৰে বিজ্ঞান শাখাত ৯.০১ শতাংশ হাৰেৰে ৩৭৪জন আৰু বাণিজ্য শাখাত ২৭.৭ শতাংশ হাৰেৰে ১৭২জন পৰীক্ষার্থীয়ে লাভ কৰিছে সফলতা৷