বৰপেটাৰোডত মন্ত্রী ড০ শর্মাৰ ২৫ কিঃমিঃজোৰা বিশাল বাইক ৰেলী
সৰভোগত ১৭০ কোটিৰ উন্নয়ন আঁচনিৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ সৰভোগত ইয়াৰ আগত ইমান ভাল দিন অহা নাছিল৷ পূর্বতে এদিনতে আমাৰ সমষ্টি তথা অসমৰ কোনো সমষ্টিতে ইমান কামৰ শুভাৰম্ভ হোৱা নাছিল বুলি আমি ডাঠি কব পাৰোঁ৷ এদিনতে সৰভোগত ১৭০ কোটিৰ কাম আৰম্ভ হ’ল৷ বৰপেটাৰোড–সৰভোগ্ বিভিন্ন পথ, উন্নয়নৰ কাম, বাৰাপেটাত আটকধুনীয়া বেঁকীৰ দলং হ’ব৷ বৰপেটাৰোড আটকধুনীয়া চহৰ হিচাপে পৰিগণিত হ’ব৷ অসমৰ আন প্রান্তৰ লগতে বাৰাপেটা অঞ্চলো নতুন ৰূপত উদ্ভাসিত হ’ব৷ –আজি আবেলি সৰভোগ সমষ্টিৰ অন্তর্গত বাৰাপেটা হাইস্কুল খেলপথাৰত আয়োজিত মুকলি সভাত এইদৰে কয় বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ ভাৰতীয় জনতা পার্টীৰ বৰপেটাৰোড নগৰ মণ্ডলৰ উদ্যোগত আয়োজিত কেইবাসহস্র লোকৰ উপস্থিতিত আজি সৰভোগ সমষ্টি ভিত্তিত বৰপেটাৰোড ষ্টেডিয়ামৰ পৰা শিমলাগুৰি হৈ পুনৰ বাৰাপেটালৈ প্রায় ২৫ কিলোমিটাৰজোৰা এক বিশাল বাইক ৰেলীত স্থানীয় বিধায়ক তথা বিজেপিৰ অসম ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে অংশগ্রহণ কৰে৷ ইয়াৰ পূর্বে ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত অসম চৰকাৰৰ মন্ত্রী ড০ শর্মাই সৰভোগ–জনিয়া ক্ষেত্রীয় পথ সংমণ্ডলৰ অধীনত ২০২০–২১ বিত্তীয় বর্ষৰ অধীনত কেন্দ্রীয় পথ আন্তঃগাঁথনি পুঁজিৰ অধীনত কাটাঝাৰ পথাৰৰ পৰা কাঁহিতামা পথাৰলৈ যোৱা পথৰ উন্নীতকৰণৰ শুভাৰম্ভ কৰে৷ ইয়াৰ উপৰি কাটাঝাৰ পথাৰৰ পৰা কাঁহিতামা পথাৰলৈ যোৱা পথৰ বেঁকী নৈৰ ওপৰত পকী দলং ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ শিমলাগুৰিৰ পৰা বৰপেটাৰোড উৰণীয়া সেতু সংলগ্ণ ফ’ৰলেন পথ আৰু নলা, পদপথৰ নির্মাণসহ মুঠ ২১টা পথৰ বাবে মুঠ ১৬৬.৬৪ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ কৰে৷ সভাৰ অন্তত নেতাদ্বয়ে পাছত বাৰাপেটা ৰাঙাছাৰাৰ গণ শক্তি দৌলগোবিন্দ মন্দিৰ দর্শন কৰে৷
এই উন্নয়ন আঁচনিসমূহৰ শুভাৰম্ভ কৰি বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ মন্ত্রী ড০ শর্মাই কয় যে বেঁকী নৈৰ দলংখন শৰাইঘাটৰ দৰে বহল হ’ব৷ দলঙেই নহয়, গোটেই পথটো ডাঙৰকৈ নির্মাণ কৰা হ’ব৷ বৰপেটাৰোডৰ মূল পথটো গুৱাহাটীৰ দৰে ডিভাইডাৰ দি আটকধুনীয়া কৰা হ’ব৷ বৰপেটাৰোডত বহুদিনীয়া দাবী থকা উৰণীয়া সেতু নির্মাণ হ’ল, সৰভোগত দুগ্ধ মহাবিদ্যালয় হ’ব৷ যোৱা পাঁচটা বছৰত সৰভোগ সমষ্টিৰ জীৱনলৈ নতুন পৰিৱর্তন আহিল৷ আমি অত্যন্ত আনন্দিত যে যেতিয়া অসমত বিজেপিৰ চৰকাৰ অহাৰ কোনো সম্ভাৱনা নাছিল, বিজেপিৰ কথা ক’লে বহুতে হঁাহি মাৰি দিছিল৷ তেনে সময়তে আপোনালোকে ৰঞ্জিত দাসক নির্বাচিত কৰিছিল৷ সমষ্টিটোত আৰু অভূতপূর্ব পৰিৱর্তন আহিব৷ মন্ত্রী ড০ শর্মাই হাগ্রামা মহিলাৰীক সমালোচনা কৰি আৰু কয়– বিটিচি অঞ্চলত ৰাজ্য চৰকাৰে লোৱা অৰুণোদয়, স্বয়ম আদি আঁচনি ৰাইজে পোৱা নাই৷ এতিয়া নতুন পৰিষদ গঠন হ’ল আৰু লাহে লাহে আমি আঁচনিবিলাক ৰূপায়ণ কৰিব পাৰিম৷ আগতে আমি অৰুণোদয়ৰ জৰিয়তে ৮৩০ টকা দিছিলোঁ, কিন্তু আমাৰ চৰকাৰ আহিলে আগন্তুক সময়ত হাজাৰকৈ তথা বিভিন্ন এনে চিন্তাচর্চা কৰা হৈছে৷ আজিৰ সভাত, বি টি আৰৰ ই এম গৌতম দাসসহ ৰূপম গোস্বামী, অনিল দাস, বনদীপ ডেকা, শংকৰ দাস, চালমা জেছমিন আদি উপস্থিত থাকে৷
ভৱানীপুৰ এ আই ইউ ডি এফৰ দখলৰ পৰা উদ্ধাৰৰ পৰিকল্পনা বিজেপিৰঃ সৰুপেটাত বিজয় সংকল্প সমাৱেশত মন্ত্রী হিমন্ত বিশ্ব শর্মা
অসমৰ ৰাইজে বর্তমান নির্বাচনলৈ ৰৈ আছে৷ ৰাইজে বজ্র কঠোৰ সংকল্প গ্রহণ কৰিছে অসমত বিজেপি চৰকাৰ আহিব৷ –এই মন্তব্য বিত্ত, শিক্ষা, স্বাস্থ্য তথা লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ বিজেপিৰ উদ্যোগত আজি সৰুপেটা মিলন মন্দিৰ প্রাংগণত আয়োজিত বিজয় সংকল্প সমাৱেশত মন্ত্রীগৰাকীয়ে সন্ধিয়া আঠ বজাত উপস্থিত হৈ কংগ্রেছ–এ আই ইউ ডি এফৰ বিৰুদ্ধে তীব্র বিষোদগাৰ কৰি কয় যে কংগ্রেছ এনেকুৱা এটা পার্টী, যি ৰাইজক লুঙি দিম, ধুতী দিম বুলি ৰাজনীতি কৰি থাকে৷ কংগ্রেছে বর্তমান লুঙি এৰিকে নিদিয়া হৈছে৷ বিজেপিয়ে কিন্তু এইধৰণৰ ৰাজনীতি নকৰে৷ বিজেপিৰ ৰাজনীতি হ’ল জ্ঞান আৰু প্রজ্ঞাৰ আলোকৰ যাত্রা৷ মন্ত্রীগৰাকীয়ে তেওঁৰ ভাষণত ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ ব্যাখ্যা আগবঢ়োৱাৰ লগতে অৰুণোদয় আঁচনি ইতিমধ্যে ২২ লাখ পৰিয়ালক দিয়াৰ কথা উল্লেখ কৰাৰ লগতে পুনৰ ৮ লাখ দুখীয়া পৰিয়ালক এই আঁচনিত অন্তর্ভুক্ত কৰা হ’ব বুলি কয়৷ আনহাতে, বিজয় সংকল্প সমাৱেশৰ সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে নিজৰ ভাষণত কয় যে ভৱানীপুৰৰ দৰে সমষ্টি এ আই ইউ ডি এফৰ দখললৈ যোৱাটো দুখজনক কথা৷ কিন্তু এইবাৰ ভৱানীপুৰ সমষ্টি বিজেপিয়ে উদ্ধাৰ কৰিব বুলি কৈ বিজেপিৰ ১০+ মিছনত ভৱানীপুৰ অন্তর্ভুক্ত হৈছে বুলি কয়৷ সমাৱেশত বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্র ৰূপম গোস্বামীয়ে নিজৰ ভাষণত ৰাইজৰ দলক আঞ্চলিকতাবাদৰ ভুৱা পোছাক পিন্ধা দল বুলি কোৱাৰ লগতে তেওঁ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে শ্রীমন্ত শংকৰদেৱক ‘শংকৰদেৱ চাহাব’ বুলি অভিহিত কৰা কার্যক তীব্র সমালোচনা কৰি আজমলে অসমীয়া সভ্যতা–সংস্কৃতিক অপমান কৰাৰ লগতে গুৰুজনাক ইচ্ছাকৃতভাৱে অপমান কৰিছে বুলি কয়৷ উল্লেখ্য যে আজি মন্ত্রী ড০ শর্মাকে ধৰি ৰাজ্যিক নেতৃত্বক ভৱানীপুৰ সমষ্টিৰ সহস্রাধিক কর্মী–সমর্থকে বাক্সা জিলাৰ আনন্দবজাৰৰ পৰা সৰুপেটালৈ পোন্ধৰ কিলোমিটাৰ পথ এক বাইক ৰেলী কৰি আদৰণি জনায়৷ আনহাতে, আজি সমাৱেশত বিটিচিৰ শালবাৰী সমষ্টিৰ প্রাক্তন এম চি এল এ চক্রধৰ দাস, বিগত নির্বাচনৰ ভৱানীপুৰৰ কংগ্রেছ প্রার্থী ৰাজীৱ দাস, প্রাক্তন যুৱ কংগ্রেছৰ নেতা ধ্রুৱজ্যোতি দাস, সৰুপেটা গাঁও পঞ্চায়তৰ সভাপতি গীতা ভৰালীকে ধৰি তেওঁলোকৰ সমর্থক সহস্রাধিক লোকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷
গধূলি বাক্সাৰ আনন্দবজাৰত উপস্থিত মন্ত্রী হিমন্ত বিশ্ব শর্মাঃ অগণন অনুৰাগীৰ ভিৰঃ অসম আন্দোলনৰ প্রথম শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ সমাধিত শ্রদ্ধাঞ্জলি মন্ত্রী ড০ শর্মাৰ
ৰাজ্যৰ বিত্ত, স্বাস্থ্য তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা আজি সন্ধ্যা বাক্সাৰ আনন্দবজাৰত আহি উপস্থিত হোৱাৰ লগে লগে বিহু, বাগৰুম্বা, শংখ, ঘণ্টা বজাই উষ্ম সম্ভাষণ জনায় আনন্দবজাৰবাসী ৰাইজে৷ উল্লেখ্য যে আজি দিনজোৰা কার্যসূচীৰে মন্ত্রী ড০ শর্মাই চিৰাং–বৰপেটাৰ লগতে বাক্সাৰ বিভিন্ন অঞ্চলত পদার্পণ কৰে৷ বাৰাপেটাত মন্ত্রী ড০ শর্মাই এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰি আবেলিৰ ভাগত ছাফাকামাৰ গোৱর্ধনা হৈ শালবাৰীৰ আনন্দবজাৰত সন্ধিয়া উপস্থিত হয়৷ আনন্দবজাৰৰ পল্লা নৈৰ দলঙৰ পৰা পুষ্পসজ্জিত বাহনত অগণন অনুৰাগী, দলীয় কর্মী–সমর্থকৰ লগত ৰাওনা হয় বজালীৰ সৰুপেটালৈ৷ আনন্দবজাৰত হাজাৰ হাজাৰ সমর্থকৰ মাজত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়৷ আনন্দবজাৰত মন্ত্রী ড০ শর্মা উপস্থিত হোৱাৰ লগে লগে গামোচা, ফুল আদিৰে সম্ভাষণ জনোৱাৰ লগতে একপী ছেল্ফি লোৱাৰ বাবে হেতা–ওপৰা লাগে দলীয় কর্মী–সমর্থকৰ লগতে শুভাকাংক্ষীৰ মাজত৷ আনন্দবজাৰৰ পৰা সাউদৰভিঠা হৈ উজান বৰবডীস্থিত অসম আন্দোলনৰ প্রথম শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ শ্বহীদ বেদীত সেৱা লয় মন্ত্রীগৰাকীয়ে৷ উল্লেখ্য যে মন্ত্রীগৰাকীৰ অপেক্ষাত দুপৰীয়াৰ পৰাই আনন্দবজাৰ অঞ্চলৰ স্কুল–কলেজৰ ছাত্র–ছাত্রীকে ধৰি ভিৰ কৰিছিল অগণিত অনুৰাগী–সমর্থকে৷ বাৰাপেটাৰ সভাত উপস্থিত হৈ মন্ত্রী ড০ শর্মাই ৰাইজৰ আশীর্বাদক ধন্যবাদ জনাই কয়– এবাৰ নহয় বাৰে বাৰে বিজেপিক জীকাই নিব লাগিব৷ যাতে বিকাশৰ গংগা অসমৰ বুকুত সদায় বৈ থাকে৷ ৰাইজৰ আশীর্বাদ হ’লে অসমৰ বিকাশ আৰু উন্নয়নে আকাশ চুবলৈ সক্ষম হ’ব৷ ভাৰতৰ ভিতৰতে অসম এখন শক্তিশালী ৰাজ্য হিচাপে পৰিগণিত হ’ব৷ আগতে বিটিচিৰ ক’ত কি হৈছিল, কোনেও জনা নাছিল৷ মাত্র হাগ্রামাৰ পেটটো ভৰিছিল৷ পেটত কিমান সোমাইছে বুলি ভাষণ প্রদান কৰে মন্ত্রী শর্মাই৷