নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নিদগ্ধ ৰীণা বেগমৰ মৃত্যুঃ স্বামীসহ পাঁচ হত্যাকাৰীক জে’ললৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ জোনাইত বুধবাবৰ নিশা ম’বাইল ভাঙি দিয়াক কেন্দ্র কৰি এগৰাকী মহিলাক জীৱন্তে জ্বলাই দি হত্যা কৰা ঘটনাৰ বাবে স্বামীৰ লগতে শহুৰেক-শাহুৱেক, দেওৰ আৰু ননদক আটক কৰে জোনাই আৰক্ষীয়ে৷

জানিব পৰা মতে, জোনাই আৰক্ষী থানাৰ অন্তৰ্গত মূৰ্কচেলেক ৰেলৱে ষ্টেচন সমীপৰ কমলপুৰত নূৰ আলী নামৰ লােকজনে বুধবাৰৰ নিশা ম’বাইল ভগাক লৈ পত্নী ৰীণা বেগম কেৰাচিন ঢালি অগ্নিসংযােগ কৰি জীৱন্তে হত্যা কৰাৰ চেষ্টা চলায়। সম্পূর্ণৰূপে অগ্নিদগ্ধ ৰীণা বেগমক  জোনাইৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকৎসাৰ বাবে প্রেৰণ কৰা হৈছিল ডিব্ৰুগড়লৈ।

আজি চিকিৎসাধীন অৱস্থাতে ৰীণা বেগমৰ মৃত্যু হয় এএমচিত। ইফালে, অগ্নিসংযােগ কৰি পত্নীক হত্যা কৰা স্বামী নূৰ আলীসহ পাঁচজনক আটক কৰি জোনাই আৰক্ষীয়ে  ভাৰতীয় দণ্ডবিধিৰ  US-498(A)/436/307/34 ধাৰাৰ অধীনত 26/2021 নম্বৰ গোচৰ পঞ্জীয়ন কৰি জে’ললৈ প্ৰেৰণ কৰে৷

You might also like