নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিপুণ বৰাই সৰু ল’ৰা–ছোৱালীৰ দৰে কথা কয়

প্রদেশ কংগ্রেছৰ সভাপতিক উভতি ধৰিলে মন্ত্রী ড০ শর্মাই

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ বিজেপিৰ ১০০+ আসন দখলৰ লক্ষ্যক প্রত্যাহ্বান জনাই শুকুৰবাৰে কংগ্রেছে বটদ্রৱাৰ পৰা আৰম্ভ কৰিলে অসম বচাও অভিযান৷ কংগ্রেছৰ এই অভিযানক লৈ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কটাক্ষ – আজমলৰ ওচৰত আসন বেচিবলৈ ওলোৱা কংগ্রেছে কিদৰে অসম বচাব৷ উল্লেখ্য যে অসম বচাও অভিযানৰ অংশৰূপে শুকুৰবাৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু দলৰ কেন্দ্রীয় পর্যবেক্ষক জিতেন্দ্র সিঙৰ নেতৃত্বত বটদ্রৱাৰ পৰা বাছ যাত্রা আৰম্ভ কৰা হয়৷ এই বাছ যাত্রাৰ পূর্বে ৰিপুণ বৰাই মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ চাইকেল ৰেলীক তীব্র কটাক্ষ কৰি কয় যে গুৱাহাটীৰ পৰা ড০ শর্মাই হেলিকপ্ঢাৰেৰে আহি চাইকেল চলায়৷ সেইটো কি ডাঙৰ কথা৷ যদি তেওঁ ৰাইজৰ দুখত দুখী, তেন্তে গুৱাহাটীৰ পৰা চাইকেল চলাই আহক৷ আনহাতে, কংগ্রেছ আজমলৰ ওচৰত বিক্রী যোৱা বুলি মন্ত্রী ড০ শর্মাই কৰা সমালোচনা সন্দর্ভত ৰিপুণ বৰাই কয় যে কংগ্রেছ বিক্রী যোৱা নাই৷ বিজেপিয়েহে বিমানবন্দৰ, তৈলক্ষেত্র, অসমীয়া জাতিক বিক্রী কৰিছে৷

ৰিপুণ বৰাই চাইকেল ৰেলী প্রসংগত কৰা সমালোচনাৰ প্রত্যুত্তৰ দি শুকুৰবাৰে বিধানসভা প্রাংগণত সংবাদ মাধ্যমক ড০ শর্মাই কয়– এইটো ডাঙৰ কথা নহয়৷ মই সদায় ২০–২৫ কিলোমিটাৰ চাইকেল চলাওঁৱেই, তাৰ লগত ১০ কিলোমিটাৰ যোগ দিয়ক৷ ১০ দিনত ৩৫০ কিলোমিটাৰ চলাই ধেমাজি গৈ পাম৷ ৰিপুণ বৰাই মোক টান চেলেঞ্জ দিয়ক৷ কওক– হিমন্ত বিশ্ব শর্মাই গুৱাহাটীত ১০খন উৰণীয়া সেতু নির্মাণ কৰক, ২০খন বিশ্ববিদ্যালয় স্থাপন কৰক৷ সৰু ল’ৰাৰ দৰে চেলেঞ্জ কিয় দিয়ে? চাইকেল চলোৱা চেলেঞ্জ কিয় দিয়ে? ৰিপুণ বৰা সৰু, সৰুৱেই হৈ থাকিল৷ ডাঙৰ হ’বই পৰা নাই৷ প্রাথমিক বিদ্যালয়ৰ ল’ৰা–ছোৱালীৰ দৰে কথা কৈছে৷ মই চাইকেল চলোৱাৰ চেলেঞ্জ কৰা নাই৷ কিমান মানুহ লগ পাব পাৰোঁ, সেয়াহে ডাঙৰ কথা৷ এই মাহত মই ১ কোটি লোকক লগ পাব লাগে৷ এক কোটি মানুহৰ আশীর্বাদ লাগে৷ ৰাহুল গান্ধীৰ অসম ভ্রমণক লৈও মন্ত্রী ড০ শর্মাই কয়– শিৱসাগৰৰ বর্ডিং খেলপথাৰত মাত্র ১৫ হাজাৰ লোক সমৱেত হ’ব পাৰে৷ মই নিজে মিটিং কৰি আহিছোঁ৷ ৰাহুল গান্ধীক তালৈ মাতি আনি কিয় অপমান কৰে৷

You might also like