যিবোৰ মানুহে ডাঙৰ স্বপ্ণ দেখিব নোৱাৰে তেওঁলোকে ডাঙৰ কাম কৰিব নোৱাৰে
মঙলদৈত কৰুণাধাৰাৰ প্রতিষ্ঠা দিৱসত কথাশিল্পী বৰগোহাঞি
নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ ‘যিবোৰ মানুহে ডাঙৰ স্বপ্ণ দেখিব নোৱাৰে তেওঁলোকে কেতিয়াও ডাঙৰ কাম কৰিব নোৱাৰে৷ আমিও কৰুণাধাৰাক লৈ এটা ডাঙৰ স্বপ্ণ দেখিছেছা আৰু বর্তমান সেই স্বপ্ণ পূৰণৰ দিশে আগবাঢ়িছেছা’– এই মন্তব্য বিশিষ্ট কথাশিল্পী তথা মানৱতাবাদী অনুষ্ঠান কৰুণাধাৰৰ মুখ্য উপদেষ্টা হোমেন বৰগোহাঞিৰ৷ ‘কৰুণাধাৰাৰ একাদশ সংখ্যক প্রতিষ্ঠা দিৱসত অংশ লৈ লক্ষ্য আৰু উদ্দেশ্য সম্পর্কে ব্যাখ্যা কৰি এনেদৰে কয় কথাশিল্পী বৰগোহাঞিয়ে৷ শেহতীয়াভাৱে ৰাজ্য চৰকাৰে কৰুণাধাৰৰ বাবে গুৱাহাটীত দুই বিঘা ভূমি আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰি এই ভূমিত এটা আশ্রয় গৃহ আৰু এখন চিকিৎসালয় নির্মাণ কৰিব বুলিও প্রকাশ কৰে কৰুণাধাৰৰ মুখ্য উপদেষ্টা বৰগোহাঞিয়ে৷ নিঃসহায় আৰু আর্তজনৰ বাবে এই আশ্রয় গৃহ আৰু চিকিৎসালয় উৎসর্গীত হ’ব বুলিও প্রকাশ কৰে বৰগোহাঞিয়ে৷ আনহাতে সেই ভূমিত তাৎক্ষণিকভাৱে কৰুণাধাৰৰ এটা কার্যালয় নির্মাণৰ বাবে তেওঁ নিজাকৈ এক লক্ষ টকা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে৷ অৱশ্যে কৰুণাধাৰৰ মূল পুঁজিৰ পৰা কার্যালয় তথা প্রস্তাৱিত চিকিৎসালয় আৰু আশ্রয়গৃহত এপইচাও খৰচ নকৰে বুলি উল্লেখ কৰি ৰাইজৰ মাজলৈ বিষয়টো ঠেলি দিয়ে৷
নিজৰ বক্তব্যত বিশিষ্ট চিন্তাবিদগৰাকীয়ে কৰুণাধাৰাই কেনেদৰে ৰাইজৰ হূদয়ৰ লগত সংপৃক্ত হৈ আছে সেয়া উল্লেখ কৰি দৰঙৰ এগৰাকী ছাত্রীয়ে টেকেলিত সাঁচি থোৱা ঊনৈশ শ টকা কৰুণাধাৰৰ ন্যাসলৈ আগবঢ়োৱাৰ উদাহৰণ দাঙি ধৰি অষ্টম শ্রেণীৰ ছাত্রী গীত চন্দ্রা ৰাভাৰ শলাগ লয়৷ আনহাতে কৰুণাধাৰৰ বিগত এক দশকৰ ইতিহাসত কোনো বছৰেই প্রতিষ্ঠা দিৱস গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হোৱা নাছিল বুলি উল্লেখ কৰি এইবাৰ প্রথমবাৰৰ বাবে দৰঙী ৰাইজৰ প্রচেষ্টাত মঙলদৈত অনুষ্ঠিত কৰাত দৰং জিলা সহায়ক সমিতিৰ শলাগ লয় আৰু ৰাইজৰ উপস্থিতি দেখি অভিভূত হৈ পৰে৷ প্রসংগক্রমে কথাশিল্পী হোমেন বৰগোহাঞিয়ে দৰঙৰ ৰাইজৰ সংস্কৃতিৱান মন আৰু কাম–কাজৰ শলাগ লয়৷ বিশেষকৈ অসম সাহিত্য সভাৰ সভাপতি হৈ থকা সময়ত দৰঙত লাভ কৰা আতিথ্য আৰু বিচিত্র অভিজ্ঞতা ৰোমন্থন কৰে৷ বৰগোহাঞিয়ে নীলিমা গোস্বামীৰ ‘হূদয় স্পর্শ কৰা কেইখনমান ছবি’ শীর্ষক গ্রন্থখনো উন্মোচন কৰে৷ ইফালে মঙলদৈ সনাতন ধর্ম সভাৰ সভাগৃহত অনুষ্ঠিত হোৱা কৰুণাধাৰৰ একাদশ প্রতিষ্ঠা দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰি কৰুণাধাৰৰ সম্পাদক ডাঃ নৰেশ্বৰ শর্মাই কৰুণাধাৰৰ এক ৰেঙনি দাঙি ধৰাৰ লগতে এই ন্যাসৰ জৰিয়তে প্রায় দুহেজাৰ লোকক সহায়ৰ হাত আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে৷ বিশিষ্ট সাংবাদিক হোমেন বৰগোহাঞিৰ নেতৃত্বত জন্মলাভ কৰা কৰুণাধাৰা আজি এটা আন্দোলনলৈ পর্যবসিত হোৱা বুলিও উল্লেখ কৰে সম্পাদক ডাঃ নৰেশ্বৰ শর্মাই৷
উল্লেখ্য, অনাতাঁৰ শিল্পী প্রাঞ্জল শর্মাই আঁত ধৰা অনুষ্ঠানত দৰং জিলা সহায়ক সমিতিৰ সম্পাদক গণেশ দত্তই আদৰণী বক্তব্য ৰাখি জিলাবাসীয়ে অনুষ্ঠানটোৰ প্রতি প্রদর্শন কৰা আনুগত্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ ইফালে দৰঙত ৰক্তদান আন্দোলনৰ নেতৃত্ব দিয়া মঙলদৈৰ শেখৰ মজুমদাৰে সন্মানীয় অতিথিৰ ভাষণত সৰু সৰু কামেৰে জীৱনত পোৱা আনন্দৰ অভিজ্ঞতাৰ বর্ণনা কৰে৷ উল্লেখ্য যে আর্ত আৰু নিঃসহায়সকলৰ বাবে কৰুণাধাৰাই নির্মাণ কৰিবলগীয়া আশ্রয়গৃহ আৰু প্রস্তাৱিত চিকিৎসালয় গৃহৰ বাবে হোমেন বৰগোহাঞিয়ে ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পিছত আজিৰ অনুষ্ঠানতে বিশিষ্ট ব্যৱসায়ী হবিব মহম্মদ চৌধুৰী আৰু উদ্যোগপতি মুকুল চন্দ্র ডেকাই এক লক্ষকৈ, নিয়োগ বিভাগৰ অৱসৰী উপ–সঞ্চালক চক্রধৰ নাথ, আনোৱাৰ হুছেইন, ফুলেন শর্মা, দীপক নাথ, ৰীণা বৰুৱা, ড০ বুধিন হাজৰিকাই পাঁচ হাজাৰকৈ, ডাঃ লীনা শইকীয়াই চাৰিহাজাৰ, ৰঞ্জিত বৰগোহাঁই দুই হাজাৰ, কল্পনা দত্ত আৰু তাৰিণী নাথে এহেজাৰকৈ টকা আগবঢ়ায়৷ লক্ষণীয় যে অবৈতনিকভাৱে গাঁওবুঢ়াৰ সেৱা আগবঢ়োৱাৰ উপৰি প্রায় ২০০ যক্ষ্মা ৰোগীক সেৱা আগবঢ়োৱা যোৰপুখুৰী গাঁৱৰ গাঁওবুঢ়া গংগা প্রসাদ শর্মাক আজিৰ অনুষ্ঠানত সম্বর্ধনা জনোৱা হয়৷ ডাঃ নৰেশ্বৰ শর্মা ৰচিত কৰুণাধাৰৰ সংগীতেৰে আৰম্ভণি হোৱা অনুষ্ঠানত দিব্যাংগ শিল্পী হীৰামণি বৰুৱাই সংগীত পৰিৱেশন কৰাৰ লগতে কৰুণাধাৰৰ সভাপতি প্রতুল ফুকন, ন্যাসৰক্ষী দেৱজিৎ কাকতি, বিশিষ্ট ব্যৱসায়ী হবিব মহম্মদ চৌধুৰী, উদ্যোগপতি তথা দৰং সহায়ক সমিতিৰ কার্যকৰী সভাপতি মুকুল চন্দ্র ডেকায়ো বক্তব্য আগবঢ়ায়৷ প্রণিধানযোগ্য যে আজিৰ প্রতিষ্ঠা দিৱসত গজেন চহৰীয়া, জেৰিফা চুলতানা, দুর্লভ শর্মা, জয়ন্তী বৰা, অনিমা বৰুৱা আৰু জেচমিনাৰা আহমেদক ন্যাসৰ সাহায্য প্রদান কৰা হয়৷