নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি বছৰত একোজনকৈ চাহ শ্রমিকৰ বকেয়া ১.৭৪ লাখ টকা

আজিও নহ’ল নতুন মজুৰি চুক্তি

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ নির্বাচনৰ প্রাক্ক্ষণত বিভিন্ন আঁচনিৰে হিতাধিকাৰী সজোৱা চাহ শ্রমিকসকলক প্রকৃত প্রাপ্যৰ পৰা বঞ্চিত কৰি ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এখনৰ পাছত আন এখন আঁচনিৰে বিভিন্ন সা–সুবিধা প্রদান কৰা চাহ শ্রমিকসকলক প্রাপ্য মজুৰি আদায় দিয়াৰ ক্ষেত্রত চৰকাৰখনে চৰম প্রতাৰণা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ অসম শাখাই৷ এক বিবৃতিত চাহ মজদুৰ সংঘৰ ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক দীনেশ নায়কে প্রকাশ কৰা অনুসৰি চাহ শ্রমিকৰ নূ্যনতম দৈনিক মজুৰি চুক্তিৰ ম্যাদ ২০১৭ চনৰ ৩১ ডিচেম্বৰতেই উকলি গৈছে৷ অর্থাৎ ৩৬ মাহ উকলি যোৱাৰ পাছতো মজুৰিৰ চুক্তিৰ ম্যাদ বৃদ্ধি কৰা নহ’ল৷ যাৰ বাবে চাহ শ্রমিকসকল বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বর্ধিত হাৰত চাহ শ্রমিকসকলে মজুৰি লাভ নকৰাৰ ফলত বিগত তিনিটা বছৰত প্রতিজন শ্রমিকে হেৰুৱাবলগীয়া হৈছে ১,৭৪,০৯২ টকা৷ এই সন্দর্ভত নায়কে কয়– ‘মজুৰি পৰিষদৰ প্রস্তাৱ অনুযায়ী চাহ শ্রমিকে পাব লাগিছিল ৩৫১ টকা৷ কিন্তু বর্তমান পাই আছে ১৭৬ টকা৷ অর্থাৎ প্রতিজন শ্রমিকে দৈনিক হেৰুৱাবলগীয়া হৈছে ১৮৪ টকা৷ সাধাৰণতে এবছৰত এজন শ্রমিকৰ কর্মদিনৰ সংখ্যা হৈছে ৩১২ দিন৷ অর্থাৎ এবছৰত এজন চাহ শ্রমিক ৫৭,৫১০ টকা লোকচান ভৰিবলগীয়া হৈছে৷

তিনি বছৰত এইদৰে প্রতিজন চাহ শ্রমিকৰ বকেয়া থাকি গ’ল ১,৭৪,৯২ টকা৷’ শেহতীয়াকৈ ধনজন আঁচনিৰ নামত চাহ শ্রমিকক তিনি বছৰত ৮,০০০ টকা প্রদান কৰা কার্যক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে মালিক গোষ্ঠীৰ স্বার্থত বাস্তৱ পৰিস্থিতি লুকুৱাই ৰাখিবৰ কাৰণে চাহ শ্রমিকসকলক ৮,০০০ টকা দি চৰম প্রতাৰণা কৰিছে৷ শীঘ্রে চাহ শ্রমিকৰ বাবে ন্যায়সংগত মজুৰি ঘোষণা কৰিবলৈ দাবী জনাইছে সংগঠনটোৰ সাধাৰণ সম্পাদকজনে৷ ইফালে চাহ শ্রমিকসকলক ৩৫১ টকা মজুৰি দিয়াটো বিজেপিৰ নির্বাচনী ইস্তাহাৰত উল্লেখ আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে ২০১৬ চনত দলটোৱে এই প্রতিশ্রুতি দিছিল৷ উক্ত নির্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে সর্বানন্দ সোণোৱালৰ নেতৃত্বত তেওঁলোকে চৰকাৰ গঠন কৰিলে৷ এই চৰকাৰখনৰ কার্যকাল শেষ হ’বলৈ মাত্র কেইটামান দিনহে বাকী৷ ২০১৮ চনতে নির্ধাৰণ কৰিব লগা চাহ শ্রমিকৰ মজুৰি চলিত বর্ষতো চৰকাৰখনে নির্ধাৰণ নকৰিলে৷ অর্থাৎ লাখ লাখ চাহ শ্রমিক আইনগত মজুৰিৰ পৰা বঞ্চিত হ’ল৷

এই প্রসংগতে তেওঁ কয়– ‘২০১৮ চনত চাহ শ্রমিকৰ নূ্যনতম মজুৰি নির্ধাৰণ উপদেষ্টা পৰিষদত থকা চৰকাৰৰ প্রতিনিধিয়ে চাহ শ্রমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ প্রস্তাৱ দিছিল৷ চৰকাৰে এই প্রস্তাৱ কার্যকৰী কৰাৰ বিপৰীতে ২০১৮ চনৰ জুন মাহত অনুষ্ঠিত মজুৰি পৰিষদৰ সভাত সেই বছৰৰে জানুৱাৰী আৰু ফেব্রুৱাৰী মাহক বাদ দি মার্চ মাহৰ পৰা কার্যকৰী হোৱাকৈ দৈনিক ৩০ টকা অন্তর্ৱর্তীকালীন বৃদ্ধিৰ কথা ঘোষণা কৰে৷ মজুৰি উপদেষ্টা পৰিষদৰ এটা আইনী সংস্থা থকা সত্ত্বেও প্রস্তাৱিত ৩৫১ টকা মজুৰিৰ যুক্তিযুক্ততা চালি–জাৰি চোৱাৰ বাবে এজনীয়া কমিটীও গঠন কৰি দিয়া হ’ল৷ যাৰ কোনো প্রয়োজন নাছিল৷ এই এজনীয়া কমিটীখনেও সময়মতে প্রতিবেদন দাখিল নকৰি দুবছৰৰ পাছত যোৱা আগষ্টত প্রতিবেদনখন দাখিল কৰিলে৷ তৎসত্ত্বেও চৰকাৰে চাহ শ্রমিকৰ নূ্যনতম মজুৰি ঘোষণা নকৰিলে৷’ অসমৰ চাহ শ্রমিকৰ মজুৰি নির্ধাৰণৰ ক্ষেত্রত চৰকাৰৰ এই অপ্রয়োজনীয় বিলম্বৰ কাৰণ কি বুলি প্রশ্ণ কৰি তেওঁ মালিক গোষ্ঠীৰ স্বার্থত এয়া এক গভীৰ ষড়যন্ত্র বুলি অভিযোগ উত্থাপন কৰে৷

You might also like