নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা বছৰ জুলাই মাহত সম্পূৰ্ণ হ’ব খাৰঘুলিৰ জাইকা প্ৰকল্পৰ কামঃ ঘোষণা বৈদেশিক পৰিকল্পনা মন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ  দেওবাৰে নিশাৰ ভাগত জাপানৰ ৰাষ্ট্ৰদূত চাতোশ্বি চুজুকিৰ সৈতে গুৱাহাটীত উপস্থিত হয়হি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰ ।  আজি  দুয়োগৰাকী উপস্থিত হয়গৈ জাইকা পানীযোগান প্ৰকল্পত । তিনিবছৰ ধৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱা এই প্ৰকল্পৰ কাম-কাজ জাপানৰ ৰাষ্ট্ৰদূতক লগত লৈ পৰিদৰ্শন কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে । এই পৰিদৰ্শন স্থলীত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ো দুয়োকে সংগ দিয়ে । ২০২২ চনৰ জুলাইত পানীযোগান প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰে  ৷

উল্লেখ্য যে, জাপানৰ বিনিয়োগকাৰী প্ৰতিষ্ঠান জাইকাৰ পুঁজিৰে নিৰ্মাণ কৰি থকা হৈছে প্ৰকল্পটো ৷ ১১২৬ কোটি টকাৰ ব্যয় সাপেক্ষে গেমন, জিন্দাল, JWIL নামৰ প্ৰতিষ্ঠানে প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলাই আছে ৷

 উল্লেখ্য যে প্ৰকল্পস্থলীত উপস্থিত হোৱাৰ পূৰ্বে আজি  পুৱাৰ ভাগত তেওঁলোকে মা-কামাখ্যা দৰ্শন কৰে । তেওঁলোকৰ এই যাত্ৰাত সংগ দিয়ে বিত্ত তথা স্বাস্থ্য  মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

You might also like