নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্মনিৰপেক্ষ ভোটাৰ

অসমৰ লগতে পশ্চিমবংগ, তামিলনাডু, পডুচেৰী, কেৰালাতো একে সময়তে অনুষ্ঠিত হ’ব বিধানসভা নির্বাচন৷ ইয়াৰে পশ্চিমবংগত অনুষ্ঠিতব্য নির্বাচনক লৈ দেশৰ সকলো অঞ্চলৰ লোক উৎকণ্ঠিত হৈ থকা বুলি ক’লেও বঢ়াই কোৱা নহয়৷ ৰাজ্যখনত তৃণমূল কংগ্রেছক পৰাজিত কৰি বিজেপি শাসনলৈ আহিব নে মমতা বেনার্জীৰ ৰাজনৈতিক প্রভুত্ব একেৰাহে তৃতীয়বাৰলৈ কায়েম থাকিব– এনে কিছু প্রশ্ণৰ উত্তৰৰ অপেক্ষাত আছে দেশখনৰ কোটি কোটি জনসাধাৰণ৷ সন্দেহ নাই, এইবাৰৰ বংগ বিধানসভা নির্বাচন কঠিন আৰু তীব্র প্রত্যাহ্বানমূলক হ’ব৷ ৰাজ্যখনৰ বিধানসভাত মাথোঁ তিনিজন বিধায়ক থকা বিজেপিৰ ২০১৯ চনত অনুষ্ঠিত লোকসভা নির্বাচনৰ সময়ৰ পৰাই সাংগঠনিক শক্তিৰ অভূতপূর্ব উত্থান ঘটে৷ লোকসভা নির্বাচনত দলটোৱে ১৮খন আসনত জয়লাভ কৰাৰ লগতে ৪০.৭ শতাংশ ভোট লাভ কৰে৷ ইমানখিনি ভোট লাভ কৰাৰ পিছত বিজেপিয়ে ৰাজ্যখনত চৰকাৰ গঠনৰ সপোন ৰচিবই পাৰে৷ সেই সপোনকে বাস্তৱায়িত কৰাৰ বাবে এতিয়া দিল্লীৰ পৰা প্রায় প্রতিদিনে পশ্চিমবংগলৈ কোনো নহয় কোনো শীর্ষ বিজেপি নেতা অথবা দলটোৰ মন্ত্রী যায়৷ তদুপৰি, ৰাজ্যখনত বিগত কিছুমাহ ধৰি বিজেপিয়ে তৃণমূল কংগ্রেছৰ মন্ত্রী–বিধায়ক, নেতাকো নিজৰ দললৈ আনি আছে৷ ইয়াৰ কাৰণ স্পষ্ট– শাসক দলৰ নৈতিক মনোবল ভংগ কৰিব লাগে, সাংগঠনিকভাৱে দুর্বল কৰিব লাগে৷ লগতে লাগে অভিজ্ঞ আৰু শক্তিশালী নেতা৷ যিয়েই নহওক, ৰাজ্যখনত শেহতীয়াকৈ এটা নতুন ধ্বনি শুনা গৈছে৷ সেইটো হ’ল একৈশত ৰাম, ছাব্বিশত বাম৷’ কথাটো বুজিবলৈ বিশেষ কঠিন নহয়৷ ৰাজ্যখনৰ বাম শিবিৰে বিচাৰে এইবাৰ মমতা বেনার্জীৰ ৰাজপাট যাওক৷ পৰৱর্তী নির্বাচনত বিকল্প শক্তি হিচাপে বামপন্থীৰ উত্থান ঘটিব আৰু বিজেপিক পৰাভূত কৰি সহজেই ক্ষমতা দখল কৰিব৷ অৱশ্যে ইয়াৰ অর্থ এইটোও নহয় যে বামপন্থী শিবিৰে এইবাৰ বিজেপি শাসনলৈ আহক, সেইটো বিচাৰিছে৷ তেওঁলোকৰ মতে, বিজেপিতকৈ মমতা বেনার্জী অধিক ভয়ংকৰ৷ নেত্রীগৰকাৰী বাবে আজি পশ্চিমবংগত বাঁও শিবিৰ অস্তিত্বহীন, গতিকে প্রথমে মমতা বেনার্জীৰ পতন ঘটিব লাগে৷ দিদিৰ পতনৰ লগে লগে তৃণমূল কংগ্রেছৰ অৱস্থা নাজল–নাথন হ’ব আৰু সেই সুযোগতে বামপন্থীয়ে নিজৰ হেৰুওৱা ভূমি উদ্ধাৰ কৰি তথা ধর্মনিৰপেক্ষ ভোটাৰক একত্র কৰি ২০২৬ চনত বিজেপিক পৰাজিত কৰিব৷
এনে ধৰণৰ অদ্ভুত চিন্তা, আজব পৰিকল্পনাৰে আগবঢ়া বাম শিবিৰৰ ৰাজ্যখনত ভৱিষ্যৎ যে আজিতকৈও শোচনীয় হ’ব, সেইটো নক’লেও চলে৷ অৱশ্যে ৰাজ্যখনত ধর্মনিৰপেক্ষ ভোটাৰৰ শক্তি আৰু সামর্থ্য যথেষ্ট৷ সেইবাবেই বিগত সময়ছোৱাত ৰাজ্যখনৰ বিধানসভা নির্বাচনত বিজেপিয়ে কাংক্ষিত সাফল্যৰ কাষলৈকেও যাব পৰা নাছিল৷ব্যতিক্রম আছিল অন্তিমটো লোকসভা নির্বাচন৷ নির্বাচনটোত বিৰোধী শিবিৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিকল্প কোনো নেতা নথকাৰ লগতে পুলৱামা আক্রমণৰ প্রভাৱ পৰিছিল৷ পোনপটীয়াকৈ ক’বলৈ গ’লে নির্বাচনটো আছিল ৰাষ্ট্রীয়তাবাদ প্রকাশৰ এটা আৱেগিক আহিলা৷ এইবাৰৰ বিধানসভা নির্বাচনত তেনে কোনো ফেক্টৰ নাই৷ কাজেই, ধর্মনিৰপেক্ষ ভোটাৰৰ সন্মুখত আৱেগৰ অতিৰিক্ত চাপো নাই৷ এই ভোটাৰখিনিৰ লগতে ৰাজ্যখনত আছে ত্রিশ শতাংশ মুছলমান ভোটাৰ৷ সেই ভোটাৰসকলৰ সিংহভাগ কংগ্রেছ–বাম মর্চাৰ সপক্ষে অৱস্থান কৰি আহিছে৷ ২০১৯ চনৰ লোকসভা নির্বাচনত ভোটখিনি ভাগ হৈ বিজেপি আৰু তৃণমূল শিবিৰলৈ গৈছিল৷ ফলত বিজেপিৰ ভোটৰ পৰিমাণ বৃদ্ধি পায়৷ লগতে ৩৪খন আসনৰ পৰা ২২খনলৈ নামিলেও তৃণমূলৰ নাক ৰক্ষা পৰে৷ এইবাৰো ধর্মীয় সংখ্যালঘু আৰু ধর্মনিৰপেক্ষ ভোটাৰক বাম–কংগ্রেছ মর্চাই নিজৰ পক্ষলৈ আনিব নোৱাৰিলে মমতা বেনার্জীক ক্ষমতাৰ পৰা আঁতৰাই পঠিওৱাটো কাৰো বাবে সহজসাধ্য হৈ নাথাকিব৷ কিয়নো বিজেপিক পৰাভূত কৰাৰ স্বার্থতে ধর্মনিৰপেক্ষ ভোটাৰৰ মাজত বিভাজন ৰোধ হ’ব পাৰে৷
পশ্চিমবংগৰ দৰে অসমতো ধর্মনিৰপেক্ষ ভোটাৰ শক্তিশালী৷ শক্তিটোৰ বাবেই ৰাম মন্দিৰ–বাবৰি মছজিদৰ বিবাদ চূডান্ত পর্যায়ত থকা সময়ছোৱাত বিজেপিয়ে অসমত বিশেষ সুবিধা আদায় কৰিব পৰা নাছিল৷ দলটো অসমৰ শাসন ক্ষমতালৈ অহাৰ মূলতে আছিল কংগ্রেছৰ অপশাসন আৰু বিকল্প ৰাজনৈতিক দলৰ অভাৱ৷ কংগ্রেছ দুর্বল তথা অগ্রহণযোগ্য হৈ পৰাৰ সমান্তৰালকৈ অসমত অগপই শক্তি হেৰুৱাইছিল৷ দলটোৰ গ্রহণযোগ্যতাও জনসাধাৰণৰ মাজত অকল্পনীয় হাৰত হ্রাস পাইছিল৷ কিন্তু এতিয়া এই লোকসকলক নেতৃত্ব দিব পৰা সংগঠনবা ৰাজনৈতিক দলৰ অভাৱ৷ ‘কেব’ অথবা ‘কা’ বিৰোধী আন্দোলনত ধর্মনিৰপেক্ষ সমষ্টিটোৰ অৰিহণা যথেষ্ট আছিল৷ কিন্তু আন্দোলনটোত নেতৃত্ব দিয়া বহু নেতাই পৰৱর্তী সময়ত বিজেপিত যোগদান কৰাত অসম জাতীয় পৰিষদ নতুবা ৰাইজৰ দলৰ প্রতিও অনেকৰে সন্দেহ উপজিবলৈ আৰম্ভ হয়৷ ধর্মনিৰপেক্ষ ভোটাৰসকলৰ আস্থা জয় কৰিব পাৰিলে অজাপ আৰু ৰাইজৰ দলে বিজেপি নেতৃত্বাধীন নিত্রজোঁটৰ বাবে কেইবাঠাইতো সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ সম্ভৱতঃ সেইবাবেই বিধানসভা নির্বাচনত বিজেপি আৰু অগপই সন্তর্পণে ‘কা’ক এৰাই চলিছে৷ অজাপ, ৰাইজৰ দল, কংগ্রেছ আদিয়ে ‘কা’ক লৈ সৰৱ হৈ থকাৰ বিপৰীতে বিজেপিয়ে শেহতীয়া ‘কা’বিৰোধী আন্দোলনক লৈ বিশেষ প্রতিক্রিয়া প্রকাশ কৰা নাই৷ ইয়াৰ বিপৰীতে সভ্যতা–সংস্কৃতিৰ সংকট, ৬৫ঃ৩৫ আদিক সন্মুখত ৰাখি ধর্মীয় মেৰু বিভাজনত অধিক গুৰুত্ব দিছে৷ ৰাজ্যখনত বিজেপিৰ বিকল্প ৰাজনৈতিক দল তথা মর্চাৰ অভাৱৰ কথা মনত ৰাখিয়েই সম্ভৱতঃ বিজেপিয়ে মেৰু বিভাজনৰ অংকটোত অধিক গুৰুত্ব দিছে৷ ইয়াৰ দ্বাৰা দলটোৱে এটা ধর্মীয় সমাজৰ লোকৰ বিৰুদ্ধে জাতি–বর্ণ নির্বিশেষে গৰিষ্ঠসংখ্যক লোকক নিজৰ পক্ষলৈ আনিবলৈ সক্ষম হ’ব বুলি সম্ভৱতঃ ধাৰণা কৰি লৈছে৷ আনহাতে, ইয়ে ধর্মনিৰপেক্ষ শিবিৰৰ লোকক দলটোৰ পৰা আঁতৰাই নিয়াটো খাটাং৷ সেই ক্ষতিৰ জোৰা মাৰিবলৈ বিভিন্ন চৰকাৰী আঁচনিৰ টোপ দি থকা হৈছে৷ লগতে বিজেপিৰ বাবে আন এটা সুবিধা হ’ল, অসমত ধর্মনিৰপেক্ষ ভোটাৰ একত্র হোৱাৰ সম্ভাৱনা নাই৷ অজাপ–ৰাইজৰ দল, কংগ্রেছৰ মাজত ভাগ হ’ব৷ মাজেৰে সৰকি যোৱাৰ পথ এটা ওলাব৷ অর্থাৎ শক্তি থাকিলেও অসমত ধর্মনিৰপেক্ষ ভোটাৰৰ সামর্থ্য কম৷

You might also like