নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষমতা দখলৰ ৰাজনীতি

মিত্রতা ৰাজনীতি অবিহনে কোনো এটা ৰাজনৈতিক দলৰ ক্ষমতা দখল সহজসাধ্য হৈ থকা নাই৷ বিশেষকৈ বিভিন্ন জাতি–জনগোষ্ঠী আৰু সম্প্রদায়েৰে পৰিৱেষ্টিত অসমৰ দৰে ৰাজ্যত ক্ষমতা দখলৰ জোখাৰে একক শক্তি আহৰণ কৰাটো কোনো এটা ৰাজনৈতিক দলৰ বাবে অনুকূল নহয়৷ এনে পৰিস্থিতিত ৰাজ্যখনৰ আগন্তুক বিধানসভা নির্বাচনত শক্তি আহৰণৰ বাবে শাসকীয় বিজেপি আৰু বিৰোধী পক্ষত থকা কংগ্রেছে নির্বাচনী মিত্রতা কৰাটো সময়ৰ আহ্বান৷ এপষেকৰ ভিতৰতে দেশৰ নির্বাচন আয়োগে ৰাজ্যৰ আগন্তুক বিধানসভা নির্বাচনৰ দিন–বাৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ বিগত বিধানসভা নির্বাচন অনুষ্ঠিত হৈছিল ২০১৬ চনৰ ৪ আৰু ১১ এপ্রিলত৷ ভোটগণনা হৈছিল ১৯ মে’ত৷ ২০১৬ৰ লেখীয়া এইবাৰো যদি ব’হাগ বিহুৰ পূর্বে ৰাজ্যখনৰ নির্বাচন সমাপন কৰে, তেন্তে নির্বাচন আয়োগে চলিত মাহৰ ভিতৰতে নির্বাচনী অধিসূচনা জাৰি কৰাৰ আশা আছে৷ সমাগত বিধানসভা নির্বাচনত দিছপুৰৰ ক্ষমতা সুৰক্ষিত কৰিবলৈ শাসকীয় বিজেপি দলে ইতিমধ্যে অসম গণ পৰিষদ আৰু ইউ পি পি এল দলৰ সৈতে নির্বাচনী মিত্রতা কৰাৰ সিদ্ধান্ত লৈছে৷ বিজেপি নেতৃত্বাধীন মিত্রদলত এইবাৰ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ বিপৰীতে প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলক সংগী কৰি বিটিআৰৰ অধীনস্থ ১২টা বিধানসভা সমষ্টি নিজৰ পক্ষত ৰখাৰ পৰিকল্পনা লৈছে৷ ২০১৬ৰ বিধানসভা নির্বাচনত বিজেপি দলৰ ঘাইকৈ অগপ আৰু বিপিএফৰ সৈতে গঢ়ি তোলা মিত্রদলে ৪১.৯ শতাংশ ভোট লাভ কৰি অভূতপূর্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ দিছপুৰত চৰকাৰ গঠনৰ বাবে ৬৪গৰাকী বিধায়কৰ প্রয়োজন যদিও মিত্রদলে লাভ কৰিছিল ৮৪খন আসন৷ অৱশ্যে মিত্রদলৰ এনে সফলতাৰ অন্তৰালত আছিল বিজেপিৰ অভূতপূর্ব উত্থান৷ ২০১১ৰ বিধানসভা নির্বাচনত মাথোঁ ৫খন আসনত জয়লাভ কৰা বিজেপি দলে ২০১৬ৰ নির্বাচনত এককভাৱে ৬০খন আসনত জয়লাভ কৰাটো ৰাজ্যৰ ৰাজনীতিত এক অভূতপূর্ব ঘটনা৷ এনে উত্থান কোনো এটা ৰাজনৈতিক দলে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল অসমৰ ৰাজনীতিত৷ বিজেপিৰ এনে সফলতাৰ মূলতে আছিল কংগ্রেছৰ ১৫ বছৰীয়া চৰকাৰখনৰ প্রতি অসমৰ ৰাইজৰ মাজত ক্ষোভ–সন্তুষ্টি আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপক্ষে সৃষ্টি হোৱা ৰাজনৈতিক বতাহ৷ আগন্তুক বিধানসভা নির্বাচনতো ‘মোদী বতাহ’ক জাগ্রত কৰিবলৈ তৎপৰ হৈছে বিজেপিৰ নেতৃত্ব৷ নির্বাচনৰ আনুষ্ঠানিক দিন ঘোষণা হোৱা নাই যদিও এপষেকৰ ভিতৰতে দুবাৰকৈ অসমলৈ আহিছে প্রধানমন্ত্রী মোদী৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও ইতিমধ্যে নির্বাচনী জনসভাত অংশ লৈছে৷ জিলাই জিলাই প্রচাৰ অভিযানৰ জৰিয়তে দলীয় নেতা–কর্মীক জাগ্রত কৰি তুলিছে নেডাৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
সাম্প্রতিক ৰাজনীতিত বিজেপি নেতৃত্বাধীন মিত্রদলক ক্ষমতাচ্যুত কৰা যে সহজসাধ্য হৈ থকা নাই সেয়া ভালদৰে বুজিছে বিৰোধী কংগ্রেছ দলে৷ সেয়ে নির্বাচনৰ পূর্বে মহাজোঁট গঠন কৰিছে বিৰোধী দলটোৱে৷ অৱশ্যে মহাজোঁট গঠনক লৈ কংগ্রেছৰ নেতা–কর্মীসকল উৎসাহিত হ’ব পৰা নাই৷ ইয়াৰ মূলতেই হ’ল মহাজোঁটত মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ অন্তর্ভুক্তি৷ উচ্চতম ন্যায়ালয়ে আইএমডিটি আইন বাতিল কৰাৰ পিছত বংগীয় মূলৰ মুছলমানসকলৰ মাজত সৃষ্টি হোৱা নিৰাপত্তাহীন অৱস্থাৰ সুযোগ লৈ গঠন হোৱা এআইইউডিএফ দলে বিগত ১৫ বছৰত কি ধৰণৰ ৰাজনীতি কৰি আছে সেয়া সচেতন লোকসকলে ভালদৰে প্রত্যক্ষ কৰিছে৷ এআইইউডিএফৰ দৰে দলৰ সৈতে মিত্রতা কৰাৰ ফলত কংগ্রেছৰ ধর্মনিৰপেক্ষ চৰিত্রত আঘাত হৈছে বুলি দলটোৰ একাংশ নেতাই মুকলিভাৱে ব্যক্ত কৰিছে৷ এই মিত্রতাক লৈ ঘাইকৈ উজনি অসমত কংগ্রেছৰ ভেটি কঁপিছে৷ উল্লেখ্য যে কংগ্রেছক ক্ষমতাত অধিষ্ঠিত কৰাৰ ক্ষেত্রত উজনি অসমৰ জনসমর্থনে নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে৷ বিগত ২০ বছৰত নামনি আৰু মধ্য অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত জনসমর্থনৰ ভেটি ব্যাপক খহনীয়া হৈছে৷ বড়ো, ৰাভা, কার্বি, কোচ–ৰাজবংশী আদি জনগোষ্ঠীৰ মাজত কংগ্রেছৰ সাংগঠনিক ভেটি থৰক–বৰক হৈছে৷ এনে পৰিস্থিতিত ক্ষমতা দখলৰ ৰাজনীতিত মহাজোঁট গঠনৰ নামত কংগ্রেছে এআইইউডিএফৰ দৰে দলৰ সৈতে মিত্রতা কৰিছে যদিও আশাপ্রদ ফলাফল লাভ কৰিব বুলি আশা কৰিব নোৱাৰি৷ ২০১৬ৰ বিধানসভা নির্বাচনত কংগ্রেছে ৩১ শতাংশ আৰু এআইইউডিএফে লাভ কৰিছিল ১৩ শতাংশ ভোট৷ বিজেপি মিত্রজোঁটৰ তুলনাত কংগ্রেছ আৰু এআইইউডিএফৰ মুঠ ভোটৰ সংখ্যা ২ শতাংশৰো অধিক আছিল৷ কিন্তু দল দুটাৰ মাজত মিত্রতাৰ ফলত আগন্তুক নির্বাচনত মহাজোঁটে ২০১৬ৰ সমসংখ্যক ভোট লাভ কৰিব বুলি আশা কৰিব নোৱাৰি৷ বিগত ৫ বছৰে ক্ষমতাৰ পৰা দূৰত থকা কংগ্রেছ দলটো নেতৃত্বকেন্দ্রিক অন্তর্কন্দলত জর্জৰিত৷ বিহাৰ বিধানসভা নির্বাচনত বিপর্যয় আৰু এজন এজনকৈ কেইবাগৰাকী শীর্ষ পর্যায়ৰ নেতাই দলত্যাগ কৰাৰ পিছত কংগ্রেছৰ নেতা–কর্মীসকলৰ মাজত মনোবল বহু পৰিমাণে হ্রাস পাইছে৷ এনে পৰিস্থিতিত কংগ্রেছে মহাজোঁটৰ ৰাজনীতিৰ জৰিয়তে আগন্তুক বিধানসভা নির্বাচনত ক্ষমতা দখলৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষণ এতিয়ালৈ পৰিলক্ষিত হোৱা নাই৷

You might also like