নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰত প্রতিবাদীক বিহিব ২০ বছৰৰ কাৰাদণ্ড

নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ অভ্যুত্থানৰ জৰিয়তে ক্ষমতা দখল কৰাৰ পিছৰে পৰা ম্যানমাৰৰ সামৰিক চৰকাৰে দেশখনৰ নাগৰিকসকলৰ বিৰুদ্ধে কঠোৰ দমনমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ লৈছে৷ শেহতীয়াকৈ সশস্ত্র বাহিনীৰ কাম–কাজত বাধা প্রদান কৰা আন্দোলনকাৰীক ২০ বছৰ পর্যন্ত কাৰাদণ্ড বিহা হ’ব বুলি সামৰিক শাসকে ঘোষণা কৰিছে৷ ইয়াৰ পিছতে সৃষ্টি হৈছে বিশ্বজুৰি প্রতিক্রিয়া৷ অভ্যুত্থানবিৰোধী কোনো আন্দোলনকে সহজভাৱে গ্রহণ কৰা নহ’ব বুলি ম্যানমাৰৰ সামৰিক চৰকাৰে ঘোষণা কৰিছে যদিও ৰাষ্ট্রসংঘকে ধৰি আন্তর্জাতিক সম্প্রদায়সমূহে ইয়াৰ তীব্র বিৰোধ কৰিছে৷ ইফালে, আমেৰিকাই দেশখনৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷

লক্ষণীয়ভাৱে আন্দোলনকাৰীক অকল কাৰাদণ্ডই নহয়, জৰিমনা বিহাৰো সিদ্ধান্ত লৈছে সামৰিক চৰকাৰে৷ সামৰিক শাসকে এই কঠোৰ দমনমূলক ব্যৱস্থা গ্রহণ কৰিছে যদিও দেশখনৰ শীর্ষ নেত্রী আং ছান ছ্যু কীকে ধৰি এন এল ডি পার্টীৰ নেতাসকলৰ মুক্তিৰ দাবীত প্রতিদিনে সাব্যস্ত হৈছে বৃহৎ বিক্ষোভ৷ আনকি আজিও দেশখনৰ ৰাজধানী নেইপিটাও আৰু য়াংগুন বিক্ষোভত উত্তাল হৈছে৷ ইফালে, আন্দোলনকাৰীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে সজীৱ গুলী ব্যৱহাৰ কৰা ঘটনাক লৈ ৰাষ্ট্রসংঘৰ মজিয়াত সামৰিক চৰকাৰৰ বিৰুদ্ধে অব্যাহত আছে নিন্দাপাত আৰু গৰিহণা৷ দেশখনৰ তিনি শতাধিক সাংসদে সামৰিক চৰকাৰৰ বিৰুদ্ধে মানৱাধিকাৰ উলংঘনৰ অভিযোগ তুলি ৰাষ্ট্রসংঘক ইয়াৰ তদন্ত কৰিবলৈও আহ্বান জনাইছে৷

You might also like