নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে পাব ১০১খন আসন

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ আসন্ন বিধানসভা নির্বাচনত ৰাজ্যত কংগ্রেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ’ব৷ দলৰ আভ্যন্তৰীণ ছার্ভেৰ ৰিপ’ট অনুসৰি কংগ্রেছ মহাজোঁটে ১০১খন আসন লাভ কৰাটো নিশ্চিত৷ –এই মন্তব্য প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ৷

কালি গহপুৰ কংগ্রেছৰ কার্যালয় কনকলতা ভৱনত আয়োজিত এখন সংবাদ মেলত সভাপতি বৰাই সেই মন্তব্য কৰি কয় যে অসমত কংগ্রেছ দলে আৰম্ভণিৰে পৰা ‘কা’ৰ বিৰোধিতা কৰি আহিছে৷ সংসদৰ ভিতৰতো ‘কা’ৰ বিৰোধিতা কৰিছে আৰু বাহিৰতো কৰিছে৷ এনে পটভূমিতে নিখিল ভাৰত কংগ্রেছ কমিটীৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীয়ে কেইদিনমান পূর্বে শিৱসাগৰলৈ আহি বিশাল জনসভাত কংগ্রেছ চৰকাৰে অসমত ‘কা’ বলৱৎ হ’বলৈ নিদিয়ে বুলি ঘোষণা কৰি গৈছে৷ বিধানসভা নির্বাচনৰ পাছত অসমত ‘কা’ বলৱৎ কৰা হ’ব বুলি কেন্দ্রীয় গৃহমন্ত্রীয়ে ঘোষণা কৰিছে যদিও অসমত কংগ্রেছৰ মহাজোঁটৰ চৰকাৰে কোনোপধ্যেই ‘কা’ বলৱৎ হ’বলৈ নিদিয়ে৷

আনহাতে, কংগ্রেছৰ অসম বচাওঁ আহক শীর্ষক প্রচাৰ যাত্রা সম্পর্কত সভাপতি বৰাই কয় যে ২০১৬ চনৰ বিধানসভা নির্বাচনত বিজেপিৰ জাতি–মাটি–ভেটিৰ বিপৰীতে কংগ্রেছে এইবাৰ অসম বচাওঁ আহক যাত্রা আৰম্ভ কৰিছে৷ কংগ্রেছৰ ‘কা’ বিৰোধিতা অভিযানৰ লগত সংগতি ৰাখি এতিয়াৰে পৰা এমাহ ধৰি সকলো কংগ্রেছীয়ে ‘কা’বিৰোধী শ্লোগান (‘কা’ৰ ওপৰত ক্রছ চিন থকা) সম্বলিত গামোচা পৰিধান কৰিব লাগিব বুলি উল্লেখ কৰি কয় যে এতিয়াৰে পৰা সকলো স্তৰৰ কংগ্রেছ কর্মীয়ে ৰাইজৰ ঘৰে ঘৰে গৈ একোখনকৈ গামোচা সংগ্রহ কৰিব আৰু উক্ত গামোচাত কংগ্রেছ কর্মীয়ে ‘কা’বিৰোধী শ্লোগান লিপিবদ্ধ কৰিব৷ এনেদৰে ৫০ লাখ গামোচা সংগ্রহ কৰা হ’ব৷

সেইদৰে ৰাইজৰ ‘কা’বিৰোধী চেণ্টিমেণ্টৰ প্রতি শ্রদ্ধা জনাই আৰু ‘কা’ আন্দোলনৰ শ্বহীদসকলৰ পৱিত্র স্মৃতিত সমাগত বিধানসভা নির্বাচনৰ পাছতেই কংগ্রেছ নেতৃত্বাধীন মহাজোঁট চৰকাৰে গুৱাহাটীত ‘কা’ আন্দোলনৰ নামত এক গ্রেণ্ড মেম’ৰিয়েল প্রতিষ্ঠা কৰিব৷ সেই গ্রেণ্ড মেম’ৰিয়েলৰ জৰিয়তে অসমৰ স্বাভিমান চিৰযুগমীয়া কৰি ৰাখিব৷ উক্ত গ্রেণ্ড মেম’ৰিয়েলত কংগ্রেছ কর্মীয়ে ৰাইজৰ ঘৰে ঘৰে গৈ সংগ্রহ কৰা ৫০ লাখ ‘কা’বিৰোধী শ্লোগান সম্বলিত গামোচা সংৰক্ষণ কৰা হ’ব বুলি সভাপতি বৰাই প্রকাশ কৰে৷

You might also like