নাইজেৰিয়াত বায়ুসেনাৰ বিমান দুর্ঘটনা সাতজনৰ প্রাণহানি
নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ আফ্রিকান ৰাষ্ট্র নাইজেৰিয়াৰ ৰাজধানী আবুজাত দেশখনৰ বায়ুসেনাৰ এখন বিমান দুর্ঘটনাত পতিত হোৱাৰ ফলত সাতগৰাকী লোক নিহত হৈছে৷ যান্ত্রিক বিজুতিৰ বাবে ৰানৱে এৰাৰ কিছুসময় পিছতে বিমানখন দুর্ঘটনাত পতিত হোৱা বুলি দেশখনৰ সামৰিক সূত্রই সদৰী কৰিছে৷
উল্লেখনীয় যে বিমানখনে নাইজেৰিয়াৰ উত্তৰ প্রান্তৰ প্রদেশ মিন্না অভিমুখে যাত্রা কৰাৰ সময়তে এই দুর্ঘটনা সংঘটিত হৈছে৷ বায়ুসেনাৰ মুখপাত্র এয়াৰ ভাইচ মার্শ্বাল ইবিকুনলে ডাৰাম’লাই ছ’চিয়েল মিডিয়া টুইটাৰযোগে সদৰী কৰিছে এই তথ্য৷
তাৎক্ষণিকভাৱে দেশখনৰ বায়ুসেনাৰ মুৰব্বীয়ে এই দুর্ঘটনা সন্দর্ভত এক তদন্তৰ নির্দেশ দিছে৷ দুর্ঘটনাৰ পিছতে বিভিন্ন মহলে প্রতিক্রিয়া প্রকাশ কৰা পৰিলক্ষিত হৈছে৷ লগে লগে বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে উল্লেখ কৰিছে যে তদন্তৰ প্রতিবেদন প্রকাশ নোপোৱা পর্যন্ত সকলোৱে ধৈর্য ধৰা উচিত৷