নির্বাচনৰ সময়ত বন্যপ্রাণী
অসমৰ ৰাইজৰ মনত থাকিব পাৰে যে কেইবছৰমান আগলৈকে অসমৰ সংবাদ মাধ্যমবোৰত যথেষ্ট ঠাই অধিকাৰ কৰি থকা বিষয় এটা আছিল গঁড হত্যা৷ গঁডৰ ওপৰত চোৰাং চিকাৰীয়ে চলোৱা নৃশংস অত্যাচাৰ আৰু চৰকাৰৰ শীতল মৌনতাক কৰা তীব্র সমালোচনা আছিল সেইবোৰ বাতৰিৰ মূল বিষয়৷ ইয়াৰ লগতে মাজে–সময়ে থকা এবিধ বাতৰি আছিল বনৰীয়া হাতীৰ অত্যাচাৰ আৰু গুৱাহাটী চহৰত নাহৰফুটুকীৰ আৱির্ভাৱ৷ মুখ্যতঃ গঁড সংক্রান্তীয় সংবাদ এদিনৰ নাছিল, বহু বছৰ ধৰি এনে বাতৰি ধাৰাবাহিকভাৱে প্রচাৰ হৈ আছিল৷ সেইবাবেই গঁড হত্যাৰ বিষয়টোৱে নির্বাচনী প্রচাৰত স্থান পাইছিল চৰকাৰৰ বিফলতাৰ এটা উজ্জ্বল উদাহৰণ হিচাপে৷ কিন্তু এইবাৰ সেইটো হোৱাৰ সম্ভাৱনা নাই৷ বিজেপি চৰকাৰৰ দিনত গঁড হত্যা আৰু হাতীদদাতৰ বাবে হাতী হত্যাৰ সংবাদ দ্রুত হাৰত কমি আহিল আৰু বিৰোধীৰ এটা সুন্দৰ নির্বাচনী প্রচাৰৰ বিষয় নোহোৱা কৰি দিলে৷ এই কামবোৰ চৰকাৰৰ দায়িত্ব আৰু তাক ভালদৰে পালন কৰাটো চৰকাৰৰ সদিচ্ছাৰ উদাহৰণ আৰু এই কামবোৰ ৰাইজে লক্ষ্য কৰে৷ অকল বন্যপ্রাণী হত্যাই নহয়, অসমৰ বনাঞ্চল কাটি খাস্তাং কৰাটোও আছিল সেই সময়ছোৱাৰ এটা দৈনন্দিন সংবাদ৷ এই সংবাদটোও এতিয়া নোহোৱা হ’ল৷ শেহতীয়া তথ্য মতে, অসমৰ মুঠ বনাঞ্চল হ’ল প্রায় সাতাইশ হাজাৰ বর্গকিলোমিটাৰ৷ অসম চৰকাৰে গ্রহণ কৰা এটা দীর্ঘকালীন ফল দিব পৰা সিদ্ধান্ত হ’ল ২,০০০ বর্গকিলোমিটাৰ ফৰেষ্ট ৰিজার্ভ বঢ়োৱা৷ ইয়াৰ লগতে লোৱা আন এটা গুৰুত্বপূর্ণ সিদ্ধান্ত হ’ল সমগ্র ৰাজ্যত ১০ কোটি গছপুলি ৰোপণ কৰা৷ এহ গছপুলিবোৰ হ’ব ফল দিয়া গছ আৰু ঔষধৰ বাবে প্রয়োজন হোৱা গছ৷ এই কামৰ লক্ষ্য অকল গছপুলি ৰুই ৰাজ্যৰ সেউজ শোভা বৃদ্ধি কৰাতেই শেষ নহয়৷ এই ফলৰ গছ আৰু ঔষধৰ গছবোৰে বিভিন্ন ধৰণৰ জীৱিকাৰ সন্ধান দিব আৰু আর্থ–সামাজিক বিকাশৰ পথত বলিষ্ঠ অৰিহণা যোগাব৷
বন্যপ্রাণী সংৰক্ষণ, আৰু কথাটো বহলকৈ ক’লে বন্যসম্পদ সংৰক্ষণৰ কামটো অকল কাজিৰঙা বা অভয়াৰণ্যকেন্দ্রিক হোৱাৰ পৰিৱর্তে এটা সামাজিক বিপ্লৱৰ দৰে হ’ব লাগিব৷ অকল চৰকাৰী বিভাগে এই সংৰক্ষণ বা বিকাশৰ কাম কৰি দিব নোৱাৰে৷ ই হ’ব লাগিব ৰাজ্যখনৰ সকলো ঠাইতেই৷ বিশেষ কিছুমান জীৱ–জন্তুৰ নির্দিষ্ট বাসভূমি আছে, কিন্তু সমগ্র ৰাজ্যখনেই জৈৱ–বৈচিত্র্যৰ আকৰ৷ সেই সকলো কথাকে এখন বিশাল আঁচনিয়ে সামৰি লোৱাটো উচিত৷ জন্তুৰ বাসভূমিৰ কথা প্রসংগত বাৰে বাৰে উচ্চাৰিত হয় বন্যহস্তীৰ জাকে খেতিপথাৰত কৰা আক্রমণৰ কথা৷ বনৰীয়া হাতীবোৰ নিজ ঠাইৰ পৰা ওলাই অহাৰ মূল কাৰণটো হ’ল খাদ্যৰ অভাৱ৷ একেই কথা নাহৰফুটুকী অথবা চহৰত মাজে মাজে দেখা দিয়া বান্দৰৰ জাকবোৰৰ ক্ষেত্রতো প্রযোজ্য৷ বন্যপ্রাণী সংৰক্ষণৰ কথা ভাবিলে এই দেখাত সৰু, কিন্তু প্রভাৱশীল কথাবোৰকো গুৰুত্বসহকাৰে গ্রহণ কৰিব লাগিব৷ পৰিভ্রমী চৰাইৰ আগমন তুলনামূলকভাৱে কম হোৱাৰ কাৰণবোৰো বিশ্লেষণ কৰা উচিত৷ গছ–গছনি অকল বনাঞ্চলবোৰতে নালাগে, সকলোতে লাগে৷ নগৰবোৰৰ বিকাশৰ লগে লগে গছবোৰ কটা হৈ গৈছে, নতুনকৈ গছ ৰোৱাৰ কথা গুৰুত্বসহকাৰে ভবা নাই– চৰকাৰেও ভবা নাই, ঘৰবোৰৰ মালিকেও ভবা নাই৷ চৰকাৰে যিবোৰ নতুন নতুন বিশাল বিশাল ভৱন নির্মাণ কৰিছে, সেই অঞ্চলবোৰক একে সময়তে গছেৰে সেউজীয়া কৰি দিয়াৰ কথা ভাবিব লাগিছিল৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ পুৰণি চৌহদটো গছৰ সেউজ বৰণেৰে শোভিত, কিন্তু নতুনকৈ নির্মাণ কৰা অংশ মৰুভূমিৰ ৰুক্ষতাৰে শুকান৷ অসমৰ বিভিন্ন চহৰৰ প্রাচীন গছবোৰ নাইকিয়া হৈ গৈ আছে, সেইবোৰৰ ঠাই নতুন গছেৰে পূৰণ কৰি দিয়াৰ কথা কোনোবাই ভবা যেন নালাগে৷ অসমৰ যিমান চৰকাৰী ভৱন আছে, সেইবোৰত যিমান খালী ঠাই আছে, সেই সকলোখিনি গছেৰে ভৰাই দিয়াটো অকণো কঠিন কাম নহয়৷ এইখিনি কৰিলেই অসমৰ নগৰকেইখনৰ চেহেৰা ভালেখিনি সলনি হৈ যাব৷ বিভিন্ন স্কুল–কলেজেও কথাটো গুৰুত্বসহকাৰে ল’ব লাগে বা ল’বলৈ বাধ্য কৰাব লাগে৷ চহৰৰ মাজত একোখন সৰু হাবিৰ সংযোজনে চহৰ একোখনত সানি দিব সেউজ বোল আৰু পখীৰ কলকলনিৰ সংগীতমালা৷