প্রতিবছৰে মার্চ মাহৰ ৮ তাৰিখে সমগ্র বিশ্বত উদ্যাপন কৰা হয় আন্তর্জাতিক নাৰী দিৱস৷ ১৯০৯ চনৰ ফেব্রুৱাৰী মাহৰ ২৮ তাৰিখে নিউয়র্ক চহৰত ছ’চিয়েলিষ্ট পার্টী অৱ আমেৰিকাই নাৰী দিৱসৰ আয়োজন কৰাৰ এবছৰ পাছত, অর্থাৎ ১৯১০ চনত অনুষ্ঠিত এখন আন্তর্জাতিক মহিলা সন্মিলন(International Conference of Working Women)ত জার্মানীৰ নাৰী অধিকাৰৰ প্রবক্তা ক্লাৰা জেটকিন প্রমুখ্যে কেইগৰাকীমান সমাজবাদী মহিলাই প্রতিবছৰে এটা দিন আন্তর্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্রস্তাৱ আগবঢ়ায়৷ সেই অনুসৰি ১৯১১ চনত প্রথমবাৰৰ বাবে আন্তর্জাতিক নাৰী দিৱস উদ্যাপিত হয়৷ প্রথম অৱস্থাত এই দিৱসৰ প্রধান উদ্দেশ্য আছিল লিংগবৈষম্যৰ বিৰোধিতা কৰা আৰু ভোটদানকে ধৰি বিভিন্ন সামাজিক, আর্থিক, ৰাজনৈতিক অধিকাৰৰ দাবী উত্থাপন কৰা৷ সময়ৰ লগে লগে নাৰীসকলৰ কিছুমান অধিকাৰ সুৰক্ষিত হ’ল, প্রায়বোৰ দেশতে নাৰীৰ সামাজিক স্থিতিৰো কিছু উন্নতি ঘটিল, বিভিন্ন দিশত পুৰুষৰ সমানে ফেৰ মাৰি আগুৱাই যাব ধৰিলে৷ কিন্তু এই গতি শামুকীয়া আৰু লিংগভিত্তিক সমতাৰ সপোন সম্পূর্ণৰূপে বাস্তৱ হ’বলৈ এতিয়াও বহুদূৰ৷
উল্লেখ্য যে ১৯৭৫ চনৰ পৰা ৰাষ্ট্রসংঘয়ো প্রতিবছৰে ৮ মার্চৰ দিনটো আন্তর্জাতিক নাৰী দিৱস হিচাপে পালন কৰিবলৈ লয়৷ ১৯৯৬ চনৰ পৰা প্রতিটো নাৰী দিৱসৰ বাবে ৰাষ্ট্রসংঘই একোটা বিশেষ বিষয়বস্তু theme) নির্ধাৰণ কৰি আহিছে৷ শিক্ষাৰ সম–ধিকাৰ, পুৰুষ–মহিলা উভয়ৰে সহযোগত মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসা নির্মূলকৰণ, মহিলাৰ ক্ষেত্রত মানৱ অধিকাৰ, গাঁৱৰ মহিলাৰ সবলীকৰণৰ দ্বাৰা দাৰিদ্র্য দূৰীকৰণ, সমান অধিকাৰ আৰু সুযোগৰ জৰিয়তে সকলোৰে প্রগতি ইত্যাদি গুৰুত্বপূর্ণ দিশ সামৰি বিগত দুটা দশকৰ বিষয়বস্তুসমূহ বাছনি কৰা হৈছে৷ সমাজৰ প্রত্যেক খণ্ডতে মহিলাসকলে সম্পূর্ণৰূপে তথা সমানে অংশগ্রহণ কৰাটো কেৱল তেওঁলোকৰ অধিকাৰৰে প্রশ্ণ নহয়, পৰিয়াল তথা দেশ এখনৰ উন্নতি বা সুস্থ ভৱিষ্যতৰ বাবেও প্রয়োজনীয়৷ সেয়েহে ৰাজহুৱা সিদ্ধান্ত লোৱাৰ ক্ষেত্রত মহিলাৰ অধিকাৰ সুনিশ্চিতকৰণ, সমতা স্থাপন, নাৰী সবলীকৰণ আদিৰ উদ্দেশ্য আগত ৰাখি আৰু ক’ভিডকালীন পৰিস্থিতিৰ মোকাবিলা তথা ক’ভিডৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়াৰ ক্ষেত্রত সমগ্র পৃথিৱীৰ নাৰীসকলে লোৱা ভূমিকাক সন্মান জনাই ২০২১ চনৰ বাবে ৰাষ্ট্রসংঘই থীম হিচাপে নির্ধাৰণ কৰিছে ‘Women in leadership. Achieving an equal future in a COVID-19 world.’
ক’ভিড মহামাৰীয়ে সমগ্র পৃথিৱীত সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হোৱাৰ ক্ষেত্রত স্বাস্থ্যসেৱাৰ পৰা আৰম্ভ কৰি ভেকচিনৰ আৱিষ্কাৰলৈ মহিলাসকলে লোৱা ভূমিকাৰ বিষয়ে বহলাই কোৱাৰ প্রয়োজন নাই৷ নিউজিলেণ্ড, জার্মানী, ডেনমার্ক, ফিনলেণ্ড আদি অতি বিচক্ষণতাৰে ক’ভিডৰ বিৰুদ্ধে যুঁজি সফল হোৱা দেশসমূহৰ নেতৃত্বত আছিল মহিলা৷ সংকটকালত তেওঁলোকৰ ক্ষিপ্র, সময়োপযোগী সিদ্ধান্ত, সঠিক পদক্ষেপ ইত্যাদিক সমগ্র পৃথিৱীয়ে একমুখে স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল৷
এই কথাত সম্ভৱতঃ দ্বিমত নাই যে পাশ্চাত্যৰ উন্নত দেশসমূহৰ তুলনাত ভাৰতবর্ষৰ নিচিনা দেশত নাৰীৰ স্থিতি অধিক শোচনীয়৷ ভাৰতীয় সংবিধানে পুৰুষ–মহিলা উভয়কে সম–ধিকাৰ প্রদান কৰা সত্ত্বেও সমাজত দকৈ শিপাই থকা লিংগবৈষম্য আঁতৰাব পৰা নাই৷ ভাৰতবর্ষৰ পটভূমিত বিচাৰ কৰিলে দেখা যায় যে নাৰী সবলীকৰণৰ ক্ষেত্রত আন আন কাৰকৰ উপৰি পুৰুষতান্ত্রিক সমাজ, ধর্ম, সংস্কৃতি ইত্যাদি প্রধান অন্তৰায় হিচাপে থিয় দি আহিছে৷ ভাৰতৰ বেছিভাগ ৰাজ্যতে আর্থিক সুৰক্ষা, উত্তৰাধিকাৰ, বংশ ৰক্ষা, বৃদ্ধাৱস্থাৰ অৱলম্বন ইত্যাদিৰ কথা চিন্তা কৰি আজিও ল’ৰা সন্তানক অগ্রাধিকাৰ দিয়া হয়৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত মহিলাৰ সাক্ষৰতাৰ হাৰ ৬৫.৪৬ শতাংশ, যি সময়ত পুৰুষৰ ক্ষেত্রত এই হাৰ ৮২.১৪ শতাংশ৷ ইয়াৰ এক প্রধান কাৰণ হৈছে, বহু পিতৃ–মাতৃয়ে এতিয়াও বিশ্বাস কৰে যে ছোৱালীৰ শিক্ষা মানে ধনৰ অপচয় মাথোঁ– বিবাহোত্তৰ সময়ত যিহেতু ছোৱালীজনী আন এটি পৰিয়ালত বাস কৰিবলগীয়া হয়, গতিকে এই ব্যৱস্থাত ভালদৰে খাপ খুৱাই চলিবলৈ ছোৱালীজনীক আনুষ্ঠানিক শিক্ষাৰ পৰিৱর্তে ৰীতি–নীতি, ঘৰুৱা কাম–কাজৰ প্রশিক্ষণ দিয়াটোৱে যথেষ্ট৷ তদুপৰি বিবাহিত মহিলাৰ সম্পত্তিৰ অধিকাৰ, উত্তৰাধিকাৰ সম্পর্কীয় আইনসমূহৰ জৰিয়তে সমান অধিকাৰ সুনিশ্চিত কৰিবলৈ প্রয়াস কৰা হৈছে যদিও বেছিভাগ ক্ষেত্রতে মানুহৰ অজ্ঞতা আৰু মানসিকতাৰ বাবে এই আইনবোৰ কাগজে–কলমেই থাকি যায়৷ তথ্য অনুসৰি, এতিয়াও ভাৰতবর্ষৰ গ্রামাঞ্চলৰ ৭০ শতাংশ ভূমিৰে মালিকীস্বত্ব আছে পুৰুষৰ হাতত৷ এনেদৰে শিক্ষা আৰু সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ এক বুজন অংশ মহিলা চিৰদিনৰ বাবে পুৰুষৰ ওপৰত নির্ভৰশীল (বা বহু সময়ত তলতীয়া) হৈ ৰৈ যায়৷ আকৌ প্রগতিশীল পৰিয়ালবোৰত শিক্ষা–দীক্ষা বা সা–সুবিধাৰ ক্ষেত্রত কোনোধৰণৰ লিংগভিত্তিক প্রতিবন্ধকতা নোহোৱাকৈ আগবাঢ়ি যোৱা মহিলাসকলো পৰৱর্তী সময়ত কেতিয়াবা আন আন ধৰণৰ প্রত্যাহ্বানৰ সন্মুখীন হয়৷ এটা সৰু উদাহৰণস্বৰূপে বিজ্ঞানৰ ক্ষেত্রখনলৈ মন কৰিব পাৰি৷ ২০০৩ চনত প্রকাশিত এক সমীক্ষাত ভাৰতৰ আগশাৰীৰ ৪খন বিজ্ঞান–প্রযুক্তি প্রতিষ্ঠানৰ ৪০ শতাংশ মহিলা অধ্যাপকে কর্মক্ষেত্রত লিংগভিত্তিক প্রভেদ discrimination)ৰ সন্মুখীন হোৱা বুলি স্বীকাৰ কৰিছিল৷ একে পদবীৰ পুৰুষ অধ্যাপকসকলে বিভিন্ন সময়ত অগ্রাধিকাৰ তথা অধিক সা–সুবিধা লাভ কৰাৰ কথা তেওঁলোকে উল্লেখ কৰিছিল৷ উচ্চ শিক্ষাৰ প্রতিষ্ঠান কিছুমানত নিযুক্তিৰ ক্ষেত্রতো বহু সময়ত পুৰুষ প্রার্থীক অগ্রাধিকাৰ দিয়া হয় বুলি সেই প্রতিবেদনত প্রকাশ পাইছিল৷ একাধিক ব্যক্তিগত অভিজ্ঞতাৰ পৰাও এই অভিযোগৰ সত্যতা নুই কৰিব নোৱাৰি৷ এনেবোৰ কাৰণতে হয়তো বিজ্ঞান–প্রযুক্তিবিদ্য্ ক্ষেত্রখনৰ পৰা বহু মহিলা পৰৱর্তী সময়ত আঁতৰি আহিবলৈ বাধ্য হয়৷ পৰিসংখ্যা মতে, দেশৰ গৱেষণা আৰু বিকাশ খণ্ডত কার্যনির্বাহ কৰাসকলৰ মাত্র ১৫ শতাংশহে মহিলা৷ তদুপৰি দিনে দিনে বাঢ়ি যোৱা ধর্ষণ, যৌতুক সংক্রান্তীয় হিংসা, কন্যা শিশু হত্যা ইত্যাদি নাৰীজনিত অপৰাধ তাতোকৈ উদ্বেগজনক বিষয়৷
দেখা যায় যে শোচনীয় সামাজিক স্থিতিৰ অবাঞ্ছিত পৰিণতি হিচাপে এক বুজনসংখ্যক ভাৰতীয় মহিলা বিভিন্ন মানসিক ৰোগ, হতাশা, আত্মহত্যাৰ প্রৱণতা ইত্যাদিৰ চিকাৰ হ’বলগীয়া হয়৷ তদুপৰি সমাজৰ সামগ্রিক উত্তৰণতো বাধাৰ সৃষ্টি হয়৷ স্বামী বিবেকানন্দই কৈছিল,‘There is no chance for the welfare of the world unless the condition of woman is improved. It is not possible for a bird to fly on only one wing.’ অর্থাৎ চৰায়ে এখন ডেউকাৰে উৰিব নোৱৰাৰ নিচিনাকৈ সম্পূর্ণ আধা অংশক বাদ দি সমাজৰ কল্যাণ অসম্ভৱ৷ গতিকে পৃথিৱীৰ কল্যাণৰ স্বার্থতে মহিলাৰ আর্থ–সামাজিক অৱস্থা উন্নত কৰাৰ গত্যন্তৰ নাই৷ সেয়েহে নাৰী দিৱসৰ জৰিয়তে এই অসমতাসমূহ দূৰ কৰিবলৈ দেশ–বর্ণ–ধর্ম–লিং নির্বিশেষে সকলোকে ব্যক্তিগত বা সামূহিক প্রচেষ্টা হাতত ল’বলৈ আহ্বান জনোৱা হয়৷ নাৰী সবলীকৰণৰ প্রথম চর্ত হৈছে নাৰীৰ অর্থনৈতিক স্বাধীনতা, যিটো সম্ভৱ কৰি তুলিবলৈ প্রথম প্রয়োজন হ’ব শিক্ষাৰ৷ আন এটা উল্লেখনীয় দিশ হৈছে সজাগতা সৃষ্টি আৰু মানসিকতাৰ পৰিৱর্তন৷ এনে বহু ভাৰতীয় পুৰুষ আছে, যিয়ে মহিলাসকলে পদে পদে সন্মুখীন হোৱা বৈষম্যসমূহক বৈষম্য বুলি মানি ল’বলৈ টান পায়, পৰম্পৰাৰ দোহাই দি বিনাপ্রতিবাদে কিছুমান অবিচাৰ সহ্য কৰি যাবলৈ বাধ্য কৰায়, ঘৰৰ চাৰি বেৰৰ ভিতৰতে মহিলাৰ জীৱন সীমাবদ্ধ বুলি ধৰি লয়, অথবা নিজকে শ্রেষ্ঠতৰ জ্ঞান কৰি সকলো সা–সুবিধাৰ ওপৰত পুৰুষৰ একচেটিয়া অধিকাৰৰ ধাৰণাত বিশ্বাস কৰে৷ কিন্তু তাতোকৈ বিপজ্জনক কথাটো হৈছে, বহু মহিলাই নিজকে পুৰুষতকৈ তল খাপৰ বুলি মানি লৈ যুক্তিহীনভাৱে নিজৰ সকলো ইচ্ছা–নিচ্ছা, সপোন, ৰুচি–ভিৰুচি, আত্মসন্মান বিসর্জন দি পুৰুষক সন্তুষ্ট কৰাটোৱে জীৱনৰ একমাত্র লক্ষ্য জ্ঞান কৰে৷ যিহেতু গভীৰলৈ শিপাই যোৱা ধ্যান–ধাৰণাবোৰ পিছত সলনি কৰাটো সহজসাধ্য নহয়, মানসিকতা পৰিৱর্তন কৰাৰ একমাত্র উপায় হৈছে সৰুৰে পৰাই ল’ৰা–ছোৱালী উভয়কে পাঠ্যক্রমৰ অংশ হিচাপে লিংগভিত্তিক সমতা, সমান অধিকাৰ, দায়িত্বৰ সম–বিতৰণ আদিৰ শিক্ষা প্রদান কৰা৷ তদুপৰি তেনে বিষয়বস্তুক লৈ নির্মাণ কৰা চিনেমা, চুটি ছবি আদিয়েও সমাজত গভীৰ প্রভাৱ পেলাব পাৰে৷ ব্যক্তিগত স্তৰতো আমি প্রত্যেকেই হয়তো নিজৰ সামর্থ্যৰ জোখাৰে সৰু সৰু প্রচেষ্টা হাতত ল’ব পাৰোঁ৷ ঘৰুৱা কামৰ দায়িত্ব সমানে ভগাই লোৱা, প্রত্যেকজনী ছোৱালীক নিজৰ যোগ্যতা তথা মূল্য অনুধাৱন কৰিবলৈ শিকোৱা, নাৰীৰ বাহ্যিক সৌন্দর্যই সর্বস্ব জাতীয় ধাৰণাবোৰ সলনি কৰি সকলোকে সুকীয়া একক সত্তা হিচাপে গ্রহণ কৰা, ল’ৰা–ছোৱালীৰ মাজত মানসিকতাৰ পার্থক্য সৃষ্টি কৰিবলৈ এৰি লিংগ নির্বিশেষে শিশুসকলক সকলো ধৰণৰ কাম, খেলা–ধূলা কৰিবলৈ উৎসাহিত কৰা ইত্যাদি সৰু সৰু পদক্ষেপসমূহে হয়তো ভৱিষ্যতে সকলোৰে বাবে সমান পৃথিৱী এখনৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাত ভালেখিনি সহায় কৰিব পাৰে৷